অসম সংগীত
class 4 question answers of assamese book sankardev vidya niketan chapter 1 অসম সংগীত in assamese medium vidya bharati sankardev vidya nniketan class 4 solution of book assamese
১) সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা পাঁচখন পুথিৰ নাম লিখা ৷
উত্তৰ : বুঢ়ী আইৰ সাধু, লিতিকাই, পদুম কুঁৱৰী, সুৰভি আৰু বেলিমাৰ।
২) লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ-মাতৃৰ নাম কি আছিল ?
উত্তৰ : পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী।
৩) লক্ষ্মীনাথ বেজবৰুৱাই ‘অসম সাহিত্য সভাৰ কিমান চনৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল ?
উত্তৰ : ১৯২৪ চনৰ গুৱাহাটী অধিবেশনত সভাপতিত্ব কৰিছিল।
৪) দবা, শঙ্খ, মৃদং আৰু খোল— এই বাদ্যসমূহ ক’ত, কেতিয়া বজোৱা হয় ?
উত্তৰ : দবা আৰু শঙ্খ মন্দিৰ, নামঘৰ আদিত পূজা কৰা সময়ত আৰু আৰতি দিওঁতে বজোৱা হয়। কিছুমান কামৰ শুভাৰম্ভৰ সময়ত, ধর্মীয় তথা সাংস্কৃতিক শোভাযাত্ৰাত আৰু আন কিছুমান ধর্মীয় অনুষ্ঠানতো দবা, শঙ্খ বজোৱা হয়। মৃদং আৰু খোল বিশেষভাৱে নামঘৰ, কীৰ্তন ঘৰ বা আন ঠাইত ভাওনা কৰোতে বজোৱা হয়। ইয়াৰ উপৰি ধৰ্মীয় শোভাযাত্রা, সাংস্কৃতিক শোভাযাত্রা, কিছুমান বিশেষ আদৰণী অনুষ্ঠান, হোলী আদিতো মৃদং আৰু খোল বজোৱা হয়।
৫) সতীত্ব তেজেৰে অসমী আইক প্ৰবল কৰা নাৰীগৰাকীৰ নাম কি ?
উত্তৰ : সতী জয়মতী কুঁৱৰী।
৬) কবিতাটোত ‘বিশুদ্ধ ধৰ্ম’ বুলি কি ধৰ্মৰ কথা কোৱা হৈছে?
উত্তৰ : মহাপুৰুষ শংকৰদেৱে প্ৰচাৰ কৰা ‘একশৰণ নামধৰ্মৰ কথা কোৱা হৈছে।
৭) বিপৰীত অর্থ বুজোৱা শব্দ লিখা :
দুখীয়া, প্রবল, উন্নতি,
উত্তৰ : বিপৰীত শব্দ
দুখীয়া ধনী, সম্পত্তিশালী, আঢ্যৱন্ত, ঐশ্বর্যৱান
প্রবল দুর্বল, নিশকতীয়া
উন্নতি অধঃপতন, অধোগতি
বিশুদ্ধ অশুদ্ধ, অপবিত্র।
৮) লাচিত কোন আছিল ?
উত্তৰ : লাচিত আহোমৰ সেনাপতি আৰু বৰফুকন আছিল। এই লাচিত বৰফুকনেই অসম আক্ৰমণ কৰা মোগল সৈন্যবাহিনীক শৰাইঘাটৰ যুদ্ধত শোচনীয়ভাৱে পৰাজিত কৰিছিল।