জীৱৰ মৌলিক একক । CLASS 9 SCIENCE । SOLUTION IN ASSAMESE MEDIUM । SEBA BOARD । ASSAM । CHAPTER 5

Seba ৰ class 9 science ৰ অধ্যায় ৫ জীৱৰ মৌলিক একক সমাধান এই লেখটোত প্ৰদান কৰা হৈছে । যাতে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাত সহায় হয় । Class 9 science solution in assamese seba baord ৰ এই অধ্যায়ত জীৱ গঠনৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ ওপৰত আলোচনা কৰা হৈছে । Class 9 science solution seba board in assam .

প্ৰশ্নাৱলী (পৃষ্ঠা নং 59)

1) কোষ কোনে আৱিষ্কাৰ কৰিছিল আৰু কেনেকৈ?

উওৰঃ- ১৬৬৫ চনত ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল । তেওঁ কৰ্কৰ পাতল টুকুৰা এটা ব্যৱহাৰ কৰি পৰীক্ষা কৰি আছিল তেওঁ নিজেই ডিজাইন কৰা আদিম মাইক্ৰস্কোপৰে । তেওঁ দেখিলে যে কৰ্কৰ ক্ষুদ্ৰতম গঠনটো মৌচাকৰ দৰেই । ইয়াত মৌচাকত থকাৰ দৰে কেইবাটাও সৰু সৰু কোঠা আছিল । এই সৰু সৰু কোঠাবোৰক কোষ বুলি কোৱা হৈছিল ।

2) কোষক কিয় গঠনৰ আৰু কাৰ্য্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়?

উওৰঃ- কোষক গঠনৰ আৰু কাৰ্য্যৰ মৌলিক একক বুলি কোৱা হয় কাৰণ ই আটাইতকৈ সৰু জীৱিত একক যিয়ে জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সকলো জীৱন্ত প্ৰক্ৰিয়া সম্পন্ন কৰা।

প্ৰশ্নাৱলী (পৃষ্ঠা নং 61)

1) CO2 আৰু পানী দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা ।

উওৰঃ- কোষৰ বাহিৰৰ পৰিৱেশত CO2 ৰ গাঢ়তা কোষটোৰ ভিতৰৰ CO2 ৰ গাঢ়তাতকৈ কম । যেতিয়াই কোষ এটাৰ ভিতৰৰ আৰু বাহিৰৰ CO2 ৰ গাঢ়তা তাৰতম্য ঘটে তেতিয়াই কোষটোৰ ভিতৰৰ CO2 উচ্চ গাঢ়তা অন্চলৰ পৰা কোষৰ বাহিৰৰ নিম্ন গাঢ়তা অন্চললৈ ব্যাপন প্ৰক্ৰিয়াৰে ওলাই আহে । একেদৰে কোষৰ ভিতৰত অক্সিজেন ৰ গাঢ়তা নিম্ন হলে কোষটোৰ বাহিৰৰ পৰা ব্যাপণ প্ৰক্ৰিয়াৰে কোষৰ ভিতৰলৈ অক্সিজেন সোমাই যায় । পানীৰ ক্ষেত্ৰটো ব্যাপণৰ নীতি প্ৰযোজ্য । অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপণ অণুৰ ব্যাপণ হোৱা প্ৰক্ৰিয়াক আসৃতি বুলি কোৱা হয় ।

2) কোষাবৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয় ?

উওৰঃ- কোষাবণখনে কিছুমান দ্রব্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা-যোৱা কৰাত সহায় কৰে। আনহাতে ই আকৌ কিছুমান দ্ৰব্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধাও প্রদান কৰে। সেইবাবেই কোষাণখনক অৰ্ধভেদ্য আৱৰণ (Selectively permeablemembrane) বুলি কোৱা হয়।

প্ৰশ্নাৱলী (পৃষ্ঠা নং 63)

1) প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা।

উওৰঃ- (2) সু-সংগঠিত কোষকেন্দ্ৰ বা কেন্দ্ৰাৱৰণেৰে আবৃত প্রকৃত কেন্দ্ৰাঞ্চল নাথাকে।

(4) আৱৰণী বিশিষ্ট কোষ অংগানু যেনে— মাইট্ৰ’কন্দ্ৰীয়, গলাগিবড়ি,কুৰপ্লাষ্ট আদি থাকে।

প্ৰশ্নাৱলী (পৃষ্ঠা নং 65)

1.তুমি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰৰ এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত আণুবংশিক পদার্থ (Geneticmaterial) থাকে ।

উওৰঃ- প্লাষ্টিড আৰু মাইট্ৰ’কন্দ্ৰিয়া।

2.যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ’ব ?

উওৰঃ- কোষটোৱে তাৰ প্ৰাথমিক কাম কৰিবলৈ বন্ধ কৰি দিব। ফলত কোষটোৰ মৃত্যু হ’ব আৰু তেতিয়া লাইছ’ছমে সিহঁতৰ ভিতৰত থকা পৰিপাকীয় উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে৷

3. লাইছ’জমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়?

উওৰঃ- কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি হ’লে উদাহৰণ হিচাপে যদি কোষ এটা মৰি যায় তেতিয়া লাইছমে সিহঁতৰ ভিতৰত থকা পৰিপকীয় উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে। সেয়েহে লাইছছমক কোষক আত্মঘাটি মোনা বুলি কোৱা হয়।

4. কোষৰ অভ্যন্তৰৰ ক’ত প্ৰটিন সংশ্লেষণ সংঘটিত হয়?

উওৰঃ- কোষৰ অভ্যন্তৰৰ ৰাইব’জমত প্ৰটিন সংশ্লেষণ সংঘটিত হয় ।

অনুশীলনী

1. উদ্ভিদ কোষ আৰু প্ৰাণীকোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্রাণী কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰঃ উদ্ভিদ কোষ আৰু প্ৰাণীকোষৰ মাজৰ পাৰ্থক্য :

বৈশিষ্ট্য

উদ্ভিদকোষ

প্রাণীকোষত

1. কোষবেৰ

কোষবেৰ চেলুলজৰ দ্বাৰা গঠিত

কোষবেৰ নাথাকে


2. ৰসাধানী

এটা বা তাতকৈ অধিক ৰসাধানী থাকে

সাধাৰণতে ৰসাধানী নাথাকে

3. প্লাষ্টিড

প্লাষ্টিড থাকে

প্লাষ্টিড নাথাকে

4. লাইছজম

লাইছ’জম নাথাকে

লাইছ’জম তেজৰ লোহিত কণাক বাদে আন সকলো প্রাণীকোষত থাকে।

5. মাইক্ৰ’বডি

মাইক্রবডি থাকে

সাধাৰণতে মাইক্ৰবডিনাথাকে।

6. নিৰ্জীৱ পদার্থ।

কেতবোৰ নিৰ্জীৱপদার্থও থাকে

কোনো নিৰ্জীৱ পদাৰ্থনাথাকে।

2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্রীয় কোষবিলাক সংকোষকেন্দ্রীয় কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰঃ

বৈশিষ্ট্য

প্রকোষকেন্দ্রীয় কোষ

সংকোষকেন্দ্রীয় কোষ

1. কোষবেৰ

কোষবেৰ সাধাৰণতে এমিন শৰ্কৰা আৰু মিউৰামিক এচিডৰে গঠিত

প্ৰাণীদেহৰ কোষত কোষবেৰ খন নাথাকে যদিও উদ্ভিদৰ কোষত থাকে। ই সাধাৰণতে ছেলুলজেৰে গঠিত।

2. কোষাবৰণ

কোষাবৰণখনত বিভিন্ন উৎসেচক থাকে। এইবিলাকৰ কাৰ্য্য সমাধান কৰে। কিছুমানৰ ভিতৰফালে ভাঁজ লৈ মেছ ছ’ম নামৰ অংগানু গঠন হয়। ইয়াতেই শ্বসনক্রিয়া সম্পন্ন হয়।

কোষাবৰণখনে বিপাকীয় কাৰ্য্যত অংশ নলয়। এই দ্বাৰা বিভিন্ন বিপাকীয় | বিলাক কোষত শ্বসনক্রিয়া মাইটকন্ড্রিয়াত সম্পন্ন হয়।

3. কোষকেন্দ্র

প্রকৃত কোষকেন্দ্র নাথাকে

সুস্পষ্ট কোষকেন্দ্র থাকে।

4. শ্বসন

মেছছ’ম নামৰ বিশেষ ধৰণৰ কোষ অংগানুত | শ্বসন কার্য সম্পন্ন হয়।

মাইট’কন্ড্রিয়াত শ্বসন কাৰ্য্য সম্পন্ন হয়।

5. কোষবিভাজন

কোষ বিভাজন দ্বিবিভাজন পদ্ধতিৰে সম্পন্ন হয়

কোষ বিভাজন এমাইট’ছিছ,  মাইট ‘ছিছ আৰু মিঅ ‘ছিছ পদ্ধতিৰে সম্পন্ন কৰে।

6. ৰসাধানী

কোষত ৰসাধানী নাথাকে

উদ্ভিদ কোষত ডাঙৰ ৰসাধানী থাকে।

3.কোষৰ কোষাবৰণখন ফাটি গ’লে কি হ’ব?

উওৰঃ- কোষাবণখন ফাটি গ’লে কোষস্থ পদার্থখিনি বাহিৰলৈ ওলাই আহিব। ফলত কোষস্থ পদাৰ্থখিনিৰ সুৰক্ষা তথা দৃঢ়তাত বাধাৰ সৃষ্টি হ’ব আৰু কোষবিলাকৰ মাজত দ্ৰব্যৰ আদান-প্রদানত বাধা জন্মিব।

4.কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব ।

উওৰঃ- গলজি সংঘৰ কাম হৈছে-

গলজি সংঘৰ কাৰ্য হ’ল সঞ্চয়, উৎপাদিত পদার্থবিলাকৰ বন্ধন ( packaging) আৰু ৰূপান্তৰণ। কোনো কোনো ক্ষেত্ৰত,গলজি সংঘই সৰল শৰ্কৰাক জটিল শর্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে। গলজি সংঘই লাইছ ‘জম গঠন কৰাতো সহায় কৰে । সেয়েহে কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোই ওপৰত উল্লেখ কৰা কামবোৰ কৰিব নোৱাৰিব ।

5.কোনটো কোষ অংগানুক কোষৰ শক্তিৰ ভৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?

উওৰঃ- মাইট’কণ্ড্ৰিয়াক কোষীয় শক্তিৰ ভঁৰাল হিচাবে আখ্যা দিয়া হয়। কাৰণ জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্রয়োজনীয় শক্তি নিহিত হৈ থকা এ টি পি (ATP) ৰ অণুবিলাক মাইট কন্ড্রিয়াই উৎপাদন কৰে। এ টি পি অণুক কোষীয় শক্তিৰ মুদ্ৰা বুলিও কোৱা হয়। মাইট’কণ্ড্ৰিয়াই নিজৰ প্ৰ’টিন নিজে তৈয়াৰ কৰি ল’ব পাৰে।

6. কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক ক’ত সংশ্লেষিত হয় ?

উত্তৰঃ – (i) প্ৰটিনবোৰ ৰাইব’জমত সংশ্লেষিত হয়।

(ii) লিপিডবোৰ মিহি অন্তঃগ্ৰৰসীয় জালিকাত সংশ্লেষিত হয়।

7.এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে?

উওৰঃ- কোষাবৰণ নমনীয় গুণবিশিষ্ট হোৱাৰ বাবে কোষে বহিঃপৰিবেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে। এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয়। এমিবাই এই প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ

8. আসৃতি কি ?

উত্তৰঃ আসৃতি হ’ল এখন অৰ্ধভেদ্য আবৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰ নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি।

Leave a Reply

Your email address will not be published. Required fields are marked *