CLASS 9 । SCIENCE QUESTIONS ANSWER।CHAPTER 2 ।আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? । SEBA BOARD । ASSAMESE MEDIUM । ASSAM ।

SEBA QUESTIONS Answers for Class 9 Science are given for the understudies with the goal that they can get to realize the in text question and section end question addresses in the event that they can’t track down it. It is significant for every one of the understudies who are in Class ninth at present. Here we are giving the answers for every one of the sections of Class 9 Science Reading material for the understudies. They can allude to class 9 Physical science, Science and Science Arrangements while they are tackling the inquiries from the Science Book Class 9 Science is certainly greater than whatever understudies concentrated on in the past class.

It likewise frames an establishment for all that is on the way in the higher part, thusly, giving total consideration and seeing every point completely is fundamental. While certain understudies find Science troublesome, some think that it is simple. In any case, to make it simple, understanding the subject is vital and this can be achieved with the assistance of ASSAM seba board Solutions. For understudies in Class 9, Science is an extraordinary book to allude to. The Class 9 Science Arrangements are accessible section wise at Notesmaster and can end up being extremely valuable for the understudies. Whether you are battling to accept the ideas of different subjects in the parts or able to drive yourself to score better in the tests, NCRT answer for Class 9 Science PDF is an ideal solution for you. These arrangements are given in a straightforward language and will advance self-learning among understudies. Class 9 Science comprises of Physical science, Science, and Science. Understudies actually must see every one of the ideas accessible in these subjects to score well. Through these, understudies will actually want to get answers for questions that they stall out in. Understudies need to realize that they ought to plan for all science equations and Science outlines to do well. The SEBA Class 9 Science answers in assamese medium Arrangements, accessible for every one of the sections, empower a feeling of learning among understudies. What is surprisingly better is that understudies can realize every one of the parts by following the seba Science Class 9 Arrangements without getting out of their homes. SEBA Answers for Class 9 Science are composed by subject specialists which thusly will assist understudies with understanding the sections better. Understudies should zero in on every one of the significant ideas and points accessible in seba Arrangements. This will try and assist understudies with clearing every one of their questions in a proficient manner and score well in their last examinations. Answers for SEBA Class 9 Science comprises of arrangements from significant ideas and subjects like Normal Assets, Sound, Energy and Work, Attraction, Laws of Movement, Movement, Living Creature, Tissues, Iotas, Matter, etc. Aside from finding solutions for these points, understudies might get to every one of the additional inquiries, significant inquiries, model issues, earlier year’s inquiry papers, worksheets, test papers, short response questions, MCQs, HOTs questions, unmistakable sort questions, and others. There are even deceives and tips that understudies can take a gander at to perceive how to do effectively and score well in their last assessments. Notesmaster gives the downloadable PDF of SEBA Answers for Class 9 Science totally liberated from cost. You should simply enlist on the website and download the document. At Notesmaster , these arrangements are planned by well-informed authorities who have enormous information and experience. These are planned according to the most recent SEBA rules and test example to make it a solid material for test readiness. Understudies can likewise Download to change the total prospectus and do well in the exams. SEBA Class 9 Science Arrangements can be tracked down in a specific organization to make it more straightforward for understudies to as needs be access the parts. These parts are significant for understudies to get ready for their assessments along with to assist them with making an essential starting point for additional examinations. The arrangements will try and assist understudies with taking care of their tasks and score well. Given underneath are the sections that understudies should learn and comprehend for them to do well .SEBA Class 9 Science Books are fascinating for understudies getting ready for last tests of the year. It is additionally a significant year, as in the following class they should accept the board tests. Anything the understudies concentrate according to the SEBA Class 9 schedule will establish the groundwork for their Group 10 board tests. Subsequently SEBA BOOK FOR CLASS 9 Science IN ASSAMESE medium will be critical for them. These books are made by subject specialists with a legitimate spotlight on definite section wise points and ideas according to the SEBA prospectus for Class 9

প্ৰশ্নাৱলী ( page no 15)

1) পদাৰ্থ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ বস্তুৰ দ্ধাৰা বিশ্বব্ৰক্ষ্মাণ্ড গঠন হৈছে অৰ্থাত আমাৰ চাৰিওফালে থকা বিভিন্ন আকাৰ, ৰূপ গঠনৰ অসংখ্য় বস্তবোৰ যাৰ আয়তন আৰু ভৰ আছে ,যেনেঃ বায়ু, পানী, মাটি,উদ্ভিদ আদি সকলোবস্তুকে পদাৰ্থ বুলি কোৱা হয়।

2) সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা।

উত্তৰঃ সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ হ’ল-

I) সমসত্ব মিশ্ৰণত উপাদানবোৰৰ সংযুতি একে আনহাতে অসমসত্ব মিশ্ৰণত সংযুতি উপাদানবোৰৰ একে নহয়।

ii) সমসত্ব মিশ্ৰণত মিশ্ৰণৰ ৰং একে হয় আনহাতে অসমসত্ব মিশ্ৰণত মিশ্ৰণৰ ৰং একে নহয়।

iii) সমসত্ব মিশ্ৰণত পদাৰ্থৰ কণিকাবোৰ দ্ৰৱণটোৰ সকলো অংশতে সমভাৱে মিহলি হৈ থাকে আনহাতে অসমসত্ব মিশ্ৰণত নাথাকে।

প্ৰশ্নাৱলী (Page no 18)

1) উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা।

উত্তৰঃ সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্যবোৰ হ’লঃ

i) দ্ৰৱণৰ এটা ধৰ্ম হ’ল সমসত্ব মিশ্ৰণ আনহাতে প্ৰলম্বনৰ ধৰ্ম হ’ল অসমসত্ব মিশ্ৰণ ।উদাহৰণ স্বৰূপেঃ পানী আৰু চেনিৰ মিশ্ৰণ, চকমাটি আৰু ময়দাৰ গুৰি।

ii) সমসত্ব মিশ্ৰণটোত দ্ৰৱণৰ কণিকাবোৰ খালী চকুৰে দেখা পোৱা নাযায় আনহাতে অসমসত্ব মিশ্ৰণত প্ৰলম্বিত কণিকাবোৰ খালী চকুৰে দেখা পোৱা য়ায।

iii) সমসত্ব দ্ৰৱণত দ্ৰাৱ্কৰ কণিকাবোৰ সৰু হোৱা বাবে ইহঁতে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে।গতিকে দ্ৰৱণৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মি দৃশ্য়মান নহয় আনহাতে অসমসত্ব মিশ্ৰণত প্ৰলম্বিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰে আৰু পোহৰ ৰশ্মি গতি দৃশ্য়মাণ কৰি তোলে।

iv) পৰিস্ৰাৱণ প্ৰণালীৰে সমসত্ব মিশ্ৰণ পৃথক কৰিব নোৱাৰি আনহাতে অসমসত্ব মিশ্ৰণ পৃথক কৰিব পাৰি।

সমসত্ব মিশ্ৰণৰ উদাহৰণ হ’লঃ কপাৰ ছালফেট আৰু পানী, চেনি আৰু পানী।

অসমসত্ব মিশ্ৰণৰ উদাহৰণ হ’লঃ চকমাটি আৰু ময়দাৰ গুৰি, গাখীৰ আৰু চিয়াঁহী।

2) কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ লিখা।

উত্তৰঃ

কলয়ড

দ্ৰৱণ

প্ৰলম্বন

অসমসত্ব মিশ্ৰণ

সমসত্ব মিশ্ৰণ।

প্ৰলম্বণ অসমসত্ব মিশ্ৰণ।

কলয়ড খালী চকুৰে মনিব নোৱাৰি।

দ্ৰৱণ খালী চকুৰে মনিব নোৱাৰি।

প্ৰলম্বণ খালী চকুৰে মনিব পাৰি।

পোহৰৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে আৰু টিণ্ডেল ক্ৰিয়া হয়

পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে।

পোহৰৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে।

পৰিস্ৰাৱণ প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব নোৱাৰে।

পৰিস্ৰাৱণ প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব নোৱাৰে।

পৰিস্ৰাৱণ প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব পাৰে।

3) 293k উষ্ণতাত 100 g পানীত 36 g ছডিয়াম ক্লৰাইড দ্ৰবীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গলে দ্ৰৱণটোৰ গাঢ়তা নিদ্ধাৰ্ৰণ কৰা।

Solution –

দিয়া আছে, দ্ৰাৱকৰ ভৰ = 100

দ্ৰাৱ্যৰ ভৰ = 36 g

দ্ৰৱণৰ ভৰ = দ্ৰাৱকৰ ভৰ + দ্ৰাৱ্যৰ ভৰ

= 36 + 100 = 136 g

দ্ৰৱণটোৰ গাঢ়তা = × 100

%

প্ৰশ্নাৱলী (page no 24)

1) কেৰাচিন আৰু প্ৰেট্ৰ’লৰ (ইহঁতৰ উতলাংকৰ পাৰ্থক্য 25ºc তকৈ বেছি।) মিশ্ৰণৰ পৰা সিঁহতক কিদৰে পৃথক কৰিবা?

উত্তৰঃ- যিহেতু কেৰাচিন আৰু প্ৰেট্ৰ’লৰ উতলাংকৰ পাৰ্থক্য 25ºc তকৈ বেছি, গতিকে এই মিশ্ৰণটোক পাতন পদ্ধতিৰে পৃথক কৰিব পাৰি।

2) তলৰ মিশ্ৰণবোৰৰ পৃথকিকৰণ পদ্ধতিৰ নাম লিখা।

(i) দৈৰ পৰা মাখন

(ii) সাগৰৰ পানীৰ পৰা নিমখ।

(iii) নিমখৰ পৰা কৰ্পূৰ।

উত্তৰঃ (i) দৈৰ পৰা মাখন = অপকেন্দ্ৰিক পদ্ধতি

(ii) সাগৰৰ পানীৰ পৰা নিমখ = স্ফটিকীকৰণ পদ্ধতি।

(iii) নিমখৰ পৰা কৰ্পূৰ = উৰ্ধপাতন পদ্ধতি।

3) স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায়?

উত্তৰঃ স্ফটিকীকৰণ পদ্ধতিৰ দ্বাৰা কঠিন আৰু অশুদ্ধি পৰ্দাথৰ মিশ্ৰণক পৃথক কৰিব পৰা যায়।

প্ৰশ্নাৱলী ( Page no 24)

1) তলৰ কাৰ্যবোৰ ৰাসায়নিক নে ভৌতিক পৰিবৰ্তন?

গছ কটা

 কেৰাহি এখনত মাখন গলি যোৱা

 আলমাৰিত মামৰ ধৰা

পানী উতলাই জলীয় ভাপ কৰা

 পানীৰ মাজেদি বিদ্য়ুত প্ৰৱাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা

পানীত নিমখ দ্ৰৱীভূত কৰা

কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা

 কাগজ আৰু কাঠ পুৰিলে

উত্তৰঃ গছ কটা = ভৌতিক পৰিবৰ্তন

কেৰাহি এখনত মাখন গলি যোৱা = ভৌতিক পৰিবৰ্তন

আলমাৰিত মামৰ ধৰা = ৰাসায়নিক পৰিবৰ্তন

পানী উতলাই জলীয় ভাপ কৰা = ভৌতিক পৰিবৰ্তন

পানীৰ মাজেদি বিদ্য়ুত প্ৰৱাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা = ৰাসায়নিক পৰিবৰ্তন

পানীত নিমখ দ্ৰৱীভূত কৰা = ভৌতিক পৰিবৰ্তন

কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা = ভৌতিক পৰিবৰ্তন

কাগজ আৰু কাঠ পুৰিলে = ৰাসায়নিক পৰিবৰ্তন

                                                                             অনুশীলনী

1) তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা ?

(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্লৰাইড ।

উত্তৰঃ বাষ্পীভৱন পদ্ধতি।

(b) ছডিয়াম ক্লৰাইড আৰু এমনিয়াম ক্লৰাইড মিশ্ৰণৰ পৰা এমনিয়াম ক্লৰাইড

উত্তৰঃ উৰ্ধপাতন পদ্ধতি।

(c) গাড়ীৰ ইঞ্জিন – তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা।

উত্তৰঃ ফিল্টাৰ কৰা পদ্ধতি।

(d) ফুলৰ পাহিৰ আকৰৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ।

উত্তৰ :- বৰ্ণলেখন পদ্ধতি

(e) দৈ পৰা মাখন।

উত্তৰঃ অপকেন্দ্ৰিক পদ্ধতি।

(f) পানীৰ পৰা তেল।

উত্তৰ :- পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা পদ্ধতি।

(g) চাহৰ পৰা চাহপাত।

উত্তৰ :- ফিল্টাৰ কৰা পদ্ধতি।

(h) বালিৰ পৰা লোৰ পিন।

উত্তৰ :- চুম্বকৰ সহায়ত পৃথকীকৰণ কৰা পদ্ধতি।

(i) চোকোৰাৰ পৰা গমৰ গুটি।

উত্তৰ :- জৰা প্ৰক্ৰিয়াৰ দ্বাৰা।

(j) পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সুক্ষ্ম কণিকাবোৰ।

উত্তৰ :- পৰিস্ৰাবণ পদ্ধতি।

2) একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা । দ্ৰৱণ, দ্ৰাৱক, দ্ৰাব্য, দ্ৰৱীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয় পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্য়ৱহাৰ কৰিবা।

উত্তৰঃ চাহ একাপ বনাবলৈ প্ৰয়োজনীয় হোৱা দ্ৰব্য আৰু পদ্ধতিবোৰ হ’ল- ১)পানী ২) গাখীৰ ৩) চেনি ৪) চাহপাত ৫)পাত্ৰ ৬) ইন্ধন আৰু ৭) এটা কাপ

ইয়াত,

দ্ৰৱণ হৈছে- পানী, চেনি মিশ্ৰণ

দ্ৰাৱক হৈছে- পানী

দ্ৰাৱ্য হৈছে- চেনি, চাহপাত, গাখীৰ

দ্ৰবীভূত হৈছে- গৰম হোৱা পানীখিনিত চেনি, চাহপাত, গাখীৰ

অদ্ৰৱণীয় পৰিশ্ৰুত- কাপত চেকি লোৱা চাহ

অৱশেষ হৈছে- ৰৈ যোৱা চাহপাতৰ অৱশিষ্ট খিনি।

3) প্ৰজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্য়বোৰ তলৰ তালিকাত দিয়া হৈছে।(ফলাফলবোৰ তালিকাখনত 100g পানীত সংপৃক্ত দ্ৰৱণ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দ্ৰাব্য়ৰ পৰিমাণ হিচাপত দিয়া হৈছে।)

দ্ৰৱীভূত কৰা পদাৰ্থ

                        উষ্ণতা (k)

  283         293        313         333             353

                       দ্ৰৱণীয়তা

পটেছিয়াম নাইট্ৰেট

21

32

62

106

167

ছডিয়াম ক্লৰাইড

36

36

36

37

37

পটেছিয়াম ক্লৰাইড

35

35

40

46

54

এমনিয়াম ক্লৰাইড

24

37

41

55

66

(a) পটেছেয়াম নাইট্ৰটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313K উষ্ণতাত 50g পানীত কিমান গ্ৰাম পটেছিয়াম নাইট্ৰট দ্ৰৱীভৃত কৰিব লাগিব?

উত্তৰঃ

(b)  353K উষ্ণতাত প্ৰজ্ঞাই প্ৰটেছিয়াম ক্ল’ৰাইড এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ’বলৈ থৈ দিলে। দ্ৰৱটো ঠাণ্ডা হলে তেঁও কি দেখিব? বাখ্যা কৰা।

উত্তৰঃ আমি জানো যে দ্ৰৱৰ উষ্ণতা কম হলে দ্ৰৱৰ দ্ৰৱনীয়তা কম হয় । 353k উষ্ণতাৰ পৰা সাধাৰণ উষ্ণতালৈ নিলে দ্ৰৱনীয়তা হ্ৰাস পাব আৰু প্ৰটেছিয়াম ক্ল’ৰাইডৰ স্ফটিকবোৰ পাত্ৰৰ তলিত জমা হ’ব।

(c)  প্ৰতিটো লৱণৰ দ্ৰৱণীয়তা 293k ত নিদ্ধাৰণ কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱীয়তা আটাতকৈ বেছি?

উত্তৰঃ তালিকামতে 293k ত প্ৰটিটো দ্ৰৱৰ দ্ৰৱণীয়তা হল

পটেছিয়াম নাইট্ৰেট = 32

ছডিয়াম ক্লৰাইড = 36

পটেছিয়াম ক্লৰাইড = 35

এমনিয়াম ক্লৰাইড = 37

293k ত দ্ৰৱৰ দ্ৰৱণীয়তা এমনিয়াম ক্লৰাইডৰ বেছি

(d) লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ বাখ্যা কৰা।

উত্তৰঃ গতিকে উষ্ণতা বৃদ্ধি হলে দ্ৰৱৰ দ্ৰৱণীয়তা বাঢ়ি যায়। কাৰণ উষ্ণতা বৃদ্ধি হলে পানীৰ কণিকাবোৰৰ মাজৰ খালী স্থানবোৰ বৃদ্ধি ফলত লৱণৰ কণিকাবোৰ বেছিকৈ সোমাই পৰে।

4) উদাহৰণ দি ব্যাখ্যা কৰা।

(a) সংপৃক্ত দ্ৰৱ।

উত্তৰ :- এটা নিৰ্দিষ্ট উষ্ণতাত, এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰাৱ্য দ্ৰৱীভূত হৈ থাকিলে তাক “সংপৃক্ত দ্ৰৱ” বোলা হয় । দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাৱ্যহে দ্ৰৱীভূত হয়। তেতিয়া দ্ৰৱটোক সংপৃক্ত দ্ৰৱ কোৱা হয়।

উদাহৰণঃ- ১০০ মিঃলিঃ পানীত ৫০ গ্ৰাম  NaCl মিলাব পাৰি।

(b) বিশুদ্ধ পদাৰ্থ।

উত্তৰ :- যিবোৰ পদাৰ্থ একে অণুৰ দ্বাৰা গঠিত, তাকেই “বিশুদ্ধ পদাৰ্থ” বুলি কোৱা হয়। এটা বিশুদ্ধ পদাৰ্থ সদায় নিৰ্দিষ্ট উষ্ণতাত গ’লে। কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশুদ্ধ পৰ্দাথৰ পৰা আন কোনো পদাৰ্থ পৃথক কৰিব নোৱাৰি, কিন্তু বাষ্পীভৱনৰ সহায়ত পানীত দ্ৰৱীভূত হৈ থকা নিমখৰ উপাদান দ্ৰৱণৰ পৰা ঘূৰাই পাব পাৰি।

উদাহৰণ স্বৰূপে, বিশুদ্ধ বৰফ সদায় শূণ্য ডিগ্ৰী চেলচিয়াছ উষ্ণতাত গলে আৰু পানী সদায় শূণ্য ডিগ্ৰী চেলচিয়াছ উষ্ণতাত ঘনীভূত হয়।

(c) কলয়ড

উত্তৰ:- কলয়ডীয় দ্ৰৱ এটা অসমসত্ব মিশ্ৰণ। ইয়াৰ কণিকাবোৰ বৰ সৰু ইহঁতক খালী চকুৰে মণিব নোৱাৰি অৱশ্যে পোহৰৰ ৰশ্মি বিচছুৰিত কৰিব পৰাকৈ ডাঙৰ ।অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা ইয়াক পৃথক কৰিব পাৰি। যেনে-গাখীৰ আৰু পানীৰ মিশ্ৰণ।

(d) প্ৰলম্বন।

উত্তৰ :- প্ৰলম্বণ হৈছে অসমসত্ব মিশ্ৰণ আৰু ইয়াৰ কণিকাবোৰ খালী চকুৰে দেখা যায়, তেনেধৰনৰ মিশ্ৰণবোৰক “প্ৰলম্বন” বোলা হয়। নোজোকাৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলত জমা হৈ যায় । তৰলটো সাৱধানে ঢালি প্ৰলম্বন এটাৰ কণিকাবোৰক পৃথক কৰিব পৰা যাব। প্ৰলম্বিত কণিকাবোৰে পোহৰৰ ৰশ্মি বিচছুৰণ ঘটাব পাৰে। উদাহৰণ স্বৰূপে- বোকাৰ মিশ্ৰণ আৰু পানী।

5) তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব শ্ৰেণীভূক্ত কৰা।

চ’ডা পানী , কাঠ , বায়ু , মাটি , ভিনেগাৰ , চেকিলোৱা চাহ।

উত্তৰঃ সমসত্ব মিশ্ৰণ = চ’ডা পানী , ভিনেগাৰ , চেকিলোৱা চাহ।

অসমসত্ব মিশ্ৰ = কাঠ , বায়ু , মাটি।

6) তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা?

উত্তৰ :- বায়ুমণ্ডলীয় চাপত যদি তৰলখিনিৰ উতলাংক ১০০ ডিগ্ৰী চেলচিয়াছ হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী আৰু যদিহে তৰলখিনিৰ উতলাংক ১০০ ডিগ্ৰী চেলচিয়াছতকৈ বেছি হয় তেতিয়া ই বিশুদ্ধ পানী নহয়।আৰু বিশুদ্ধ পানীৰ পৰা আন কোনো পদাৰ্থ পৃথক কৰিব নোৱাৰি।

7) তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ “বিশুদ্ধ পদাৰ্থ” ৰ শাৰীত পৰিব?

(ক) বৰফ ।

(খ) গাখীৰ ।

(গ) লো ।

(ঘ) হাইড্ৰ’ক্লৰিক এছিদ ।

(ঙ) কেলচিয়াম অক্সাইড ।

(চ) পাৰা ।

(ছ) ইটা ।

(জ) কাঠ ।

(ঝ) বায়ু ।

উত্তৰ :- (ক) বৰফ।

(চ) পাৰা।

8) তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা।

(ক) মাটি ।

(খ) সাগৰৰ পানী ।

(গ) বায়ু ।

(ঘ) কয়লা ।

(ঙ) চ’দা পানী ।

উত্তৰ :- (খ)সাগৰৰ পানী ।

(গ) বায়ু ।

(ঙ) চ’দা পানী ।

9) তলৰ কোনটোৱে “টিণ্ডল প্ৰভাৱ” দেখুৱায়?

(ক) লৱণৰ দ্ৰৱ।

(খ) গাখীৰ।

(গ) কপাৰ ছালফেটৰ দ্ৰৱণ।

(ঘ) ষ্টাৰ্চৰ দ্ৰৱণ ।

উত্তৰ :- (খ) গাখীৰ।

10) তলৰ দিয়াবিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভুক্ত কৰা।

a) চ’ডিয়াম

b) মাটি

c) চেনিৰ দ্ৰৱণ

d) ছিলভাৰ

e) কেলছিয়াম কাৰ্বনেট

f) টিন

g) ছিলিকন

উত্তৰঃ মৌলঃ a) ছডিয়াম d) ছিলভাৰ f) টিন g) ছিলিকন

যৌগঃ e)কেলছিয়াম কাৰ্বনেট

মিশ্ৰণঃ b) মাটি c) চেনিৰ দ্ৰৱণ

Leave a Reply

Your email address will not be published. Required fields are marked *