Class 9 Science Chapter 1 আমাৰ চাৰিওঁকাষৰ বস্তুবোৰ Question Answers . “আমাৰ চাৰিওঁকাষৰ বস্তুবোৰ” is a foundational chapter that introduces students to the concept of matter — the basic constituent of everything around us. আমাৰ চাৰিওঁফালে থকা প্ৰতিটো বস্তুই কোনো না কোনো পদাৰ্থৰে গঠিত, আৰু এই অধ্যায়টোৱে সেই পদাৰ্থবোৰৰ গঠন, অৱস্থা (solid, liquid, gas), আৰু বৈশিষ্ট্য সম্পৰ্কে elementary scientific ideas প্রদান কৰে। It aims to develop a clear understanding of the physical nature of matter, the particle theory, and how matter can change from one state to another. এই পাঠখনে ৰসায়ন বিজ্ঞানৰ গভীৰ বিষয়বোৰ বুজিবলৈ এজন শিক্ষাৰ্থীক strong conceptual grounding দিয়ে, which is essential for progressing in the field of science.
প্ৰশ্নাৱলী পৃষ্ঠা নং – 3
প্রশ্ন 1. তলৰ কোনবোৰ পদার্থ?
চকী, বায়ু, প্রেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস
উত্তৰ : কোনো ঠাই আগুৰি থকা ভবিশিষ্ট বস্তুক পদার্থ বোলে— চকী, বায়ু, পদার্থ, আলমন্দ, চেঁচা পনীয়া, গোন্ধ।
প্রশ্ন 2. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা ।
কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।উত্তৰ : গৰম ৰন্ধা বস্তুৰ পৰা ওলোৱা বাষ্প অতি সহজতে বায়ুৰ লগত ব্যাপন প্ৰক্ৰিয়াৰে মিহলি হৈ পৰে। কাৰণ এইবোৰত গতিশক্তি যথেষ্ট থাকে, সেয়েহে বহু আঁতৰৰ পৰাই এইবোৰ খাদ্যৰ গোন্ধ পোৱা যায়। আনহাতে চেঁচা খাদ্য বস্তুৰ ভাপৰ গতিশক্তি কম আৰু অতি লাহে লাহে বায়ুৰ লগত মিহলি হয়, সেয়েহে এইবোৰৰ গোন্ধ দূৰৰ পৰা পোৱা নাযায়, ওচৰৰ পৰাহে পোৱা যায়।
প্রশ্ন 3. এজন ডুৱাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ ?
উত্তৰ : পানীৰ কণিকাবোৰৰ আকৰ্ষণ বল তুলনামূলকভাৱে কম। সেয়েহে বল প্রয়োগ কৰি সাঁতোৰবিদসকলে পানীৰ কণিকাৰ আকৰ্ষণী বল ভেদ কৰি সন্মুখলৈ সাঁতুৰি আগুৱাই যাব পাৰে।
প্রশ্ন 4. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি?
উত্তৰ : (ক) পদাৰ্থৰ কণাবিলাকৰ মাজত ফাঁক থাকে, কণাবিলাক গতি কৰি থাকে।
(খ) পদাৰ্থৰ কণাবিলাকৰ মাজত সংশক্তিবলৰ দ্বাৰা আকৰ্ষণ কৰে। সংশক্তিবলৰ কাৰণে পদাৰ্থৰ তিনিটা অৱস্থা পোৱা যায়।
(গ) কঠিন পদাৰ্থৰ কণিকাবিলাকৰ মাজত মধ্যদূৰত্ব খুব কম, সংশক্তিবল তীব্র।
(ঘ) উষ্ণতা বৃদ্ধিৰ লগে লগে কণাবিলাকৰ স্পন্দন বৃদ্ধি হয়, কণাবিলাকৰ গতিশক্তি বৃদ্ধি পায় ৷
(ঙ) তাপ দিলে গোটা, জুলীয়া আৰু বাষ্পীয় সকলো পদাৰ্থৰে আয়তন বৃদ্ধি হয়।
(চ) বায়ৱীয় অৱস্থাত কণিকাবিলাকে মুক্তভাবে বিচৰণ কৰি ফুৰে। জুলীয়া অৱস্থাত কণিকাবিলাকৰ বিচৰণ কৰাৰ স্বাধীনতা বাষ্পীয় অৱস্থাৰ কণিকাতকৈ কম।
প্ৰশ্নাৱলী পৃষ্ঠা নং – 6
প্রশ্ন. 1. পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ, পৰিমাণকে ঘনত্ব বোলে। ) তলৰ পদাৰ্থবোৰ ঘনত্বৰ ঊর্ধ্বক্ৰমত সজোৱা— বায়ু চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো।
উত্তৰ : বায়ু · চিমনিৰ ধোঁৱা, কপাহ, মৌ, চক, লো
প্রশ্ন 2.(a) পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা

(b) তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া-
দৃঢ়তা (rigidity), সংকোচনশীলতা (Compressibility), প্রবাহীতা (fluidity), আকাৰ
(Shape), গতিশক্তি (kinetic energy) আৰু ঘনত্ব (density)
উত্তৰঃ–
দৃঢ়তাঃ বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা ধৰ্মকে দৃঢ়তা বোলে।
সংকোচনশীলতাঃ চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কম কৰিব পৰা ধৰ্মটোক সংকোচনশীলতা বোলে। জুলীয়া আৰু গেছীয় পদাৰ্থই সংকোচনশীলতা দেখুৱাই।
প্ৰবাহীতাঃ জুলীয়া পদাৰ্থবোৰ বৈ যাব পাৰে, আকাৰ সলাব পাৰে ইয়াকে প্ৰবাহীতা বোলে।
আকাৰঃ স্পষ্ট পৰিসীমাত নিৰ্দিষ্ট আকৃতি আৰু আয়তনকে আকাৰ বোলে।
গতিশক্তিঃ গতিশীল অৱস্থাত কণিকাৰ সৈতে জড়িত শক্তিক গতিশক্তি বোলে। উষ্ণতা বৃদ্ধিৰ লগে লগে গতিশক্তিও বৃদ্ধি হয়।
ঘনত্বঃ প্ৰতি একক আয়তনত থকা ভৰক পদাৰ্থৰ ঘনত্ব বোলে।
প্রশ্ন 3. কাৰণ দৰ্শোৱা—
(a) কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে ৷
উত্তৰ : (a) গেছৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ নাই। ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ নকৰাকৈ গতি কৰে। গেছৰ কণাবিলাক থিৰে নাথাকে, সেইবাবে গেছক যিটো পাত্ৰত ৰখা হয় সেই পাত্ৰৰ খালি ঠাই আগুৰি থাকে। পাত্ৰৰ আকৃতি যিমান হয় গেছেও সিমান ঠাই আগুৰে ।
(b) ধাৰক পাত্ৰৰ বেৰত গেছ এটাই চাপ দিয়ে ।
উত্তৰঃ গেছৰ কণিকাবিলাক থিৰে নাথাকে। গেছৰ কণিকাবিলাকৰ গতি যাদৃচ্ছিক। এনেকৈ গতি কৰি থাকোতে গেছৰ কণিকাবিলাকে গেছ থকা পাত্ৰৰ বেৰত খুন্দা মাৰে। গেছৰ কথাবিলাকৰ গেছ ৰখা পাত্ৰৰ বেৰত খুলিওৱাৰ ফলত গেছৰ চাপ পোৱা যায়। গেছে সকলো অংশতে সমভাবে চাপ প্রয়োগ কৰি থাকে ।
(c) কাঠৰ টেবুল এখনক কঠিন পদার্থ বুলিব পাৰি।
উত্তৰঃ- কাঠৰ টেবুলখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে যিটো কঠিন পদাৰ্থৰ ধৰ্ম। কঠিন পদার্থৰ কিছু দৃঢ়তা থাকে। বল প্রয়োগ নকৰিলে কঠিন পদাৰ্থৰ আকাৰ আৰু আয়তনৰ বিশেষ কোনো পৰিৱৰ্তন নহয়। কাঠৰ টেবুলখনতো এই ধৰ্মবোৰ পোৱা যায়।
গতিকে টেবুলখন গোটা বা কঠিন পদার্থ।
(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।
উত্তৰঃ- (d) গেছীয় পদাৰ্থৰ কোনো স্থায়ী আকাৰ বা আয়তন নাই। কণাবিলাকৰ মাজৰ . আকর্ষণ বল নাই সেয়েহে হাতখন লৰ-চৰ কৰিব পাৰি। আনহাতে কাঠৰ কণিকাবোৰৰ মাজত আকর্ষণ বল যথেষ্ট বেছি। সেয়েহে কাঠৰ মাজেৰে হাতখন লৰ-চৰ কৰিব নোৱাৰি।
প্রশ্ন 4. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে — বৰফ পানীত ওপঙে, কিয় বাৰু ?
উত্তৰ : বস্তু এটা তৰলত ওপঙে যেতিয়া বস্তুটোৰ ঘনত্ব তৰলতকৈ কম হয়। বৰফ পানীত ওপঙে কাৰণ বৰফৰ ঘনত্ব পানীতকৈ কম । এক নিৰ্দিষ্ট ভৰত বৰফৰ আয়তন পানীতকৈ বেছি। সেয়েহে বৰফৰ ঘনত্ব পানীতকৈ
কম। বৰফ ওপঙে
প্ৰশ্নাৱলী পৃষ্ঠা নং – 9
প্রশ্ন 1. তলত দিয়া উষ্ণতাবোৰ চেণ্টিগ্রেড স্কেলত প্ৰকাশ কৰা :
(a) 300k
(b) 573 k
উত্তৰ : (a) 300 কেলভিন = 300 – 273 = 27°c
(b) 573 k = 573 – 273= 300°c
প্রশ্ন 2. তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ’ব?
(a) 250°c
(b) 100% c
উত্তৰ : (a) গেছীয় অৱস্থা
(b) বাষ্পীয় অৱস্থা
প্রশ্ন 3. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ
উত্তৰ : তাপ দিলে যেতিয়া গোটা পদাৰ্থ গলিব ধৰে ইয়াৰ উষ্ণতা একেই থাকে। পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হওঁতে উষ্ণতাৰ পৰিৱৰ্তন নহয় কাৰণ প্ৰয়োগ কৰা তাপ পদাৰ্থক অৱস্থাৰ পৰিৱৰ্তন হওঁতে ব্যৱহাৰ হয়। এই তাপক লীন তাপ বুলি কোৱা হয়। এই লীন তাপক গলনৰ লীন তাপ বা বাষ্পীভৱনৰ লীন তাপ বোলা হয়। লীন মানে যাক দেখা নাযায়, লুকাই থাকে। যিকোনো এবিধ একক ভৰক উষ্ণতাৰ পৰিৱৰ্তন নোহোৱাকৈ গোটা অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ পৰিৱৰ্তন কৰিবৰ বাবে প্রয়োজনীয় তাপক গলনৰ লীন তাপ বোলে। বৰফৰ গলনৰ লীন তাপ ৪০ কেলৰি/ গ্রাম।
প্রশ্ন 4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।
উত্তৰ : বায়ুত থকা গেছক তৰললৈ পৰিৱৰ্তন কৰিবলৈ অধিক চাপ প্রয়োগ কৰিব লাগিব আৰু উষ্ণতা হ্ৰাস কৰিব লাগিব অর্থাৎ চেঁচা কৰিব লাগিব।
প্ৰশ্নাৱলী পৃষ্ঠা নং – 10
প্রশ্ন 1. Desert Cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?
উত্তৰ : বায়ু যিমানে শুকান হ’ব বাষ্পীভৱন সিমানে বেছি হ’ব। বায়ু শুকান আৰু উষ্ণতা বেছি হ’লে জলীয় বাষ্পৰ পৰিমাণ বায়ুত কম থাকে। শুকান বায়ুৱে জলীয় ভাপ সহজে গ্ৰহণ কৰিব পাৰে। বাষ্পীভৱন বেছি হয়, সেয়েহে গৰমত মৰুভূমিৰ বায়ু সেমেকা আৰু ঠাণ্ডা হয় ।
প্রশ্ন 2. গ্রীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?
উত্তৰ : মাটিৰ পাত্ৰত ৰখা পানীৰ বাষ্পীভৱন খৰকৈ হয় যিহেতু পাত্ৰৰ বেৰত অতি সূক্ষ্ম ছিদ্র থাকে, সেয়েহে পাত্ৰৰ ভিতৰৰ পানীখিনি চেঁচা হৈ থাকে। বাষ্পীভৱনৰ কাৰণে প্রয়োজনীয় লীন তাপ কলহৰ, ভিতৰৰ পানীৰ পৰা সংগ্ৰহ কৰে। ফলত কলহৰ পানী তাপ এৰি দি ঠাণ্ডা হয় ৷
প্রশ্ন 3. হাতৰ তলুৱাত এচিট’ন পেট্ৰ’ল বা সুগন্ধি আঁতৰ ঢালি ল’লে ঠাণ্ডা অনুভব হয় কিয় ?
উত্তৰ : এচিটন, পাৰফিউম বা পেট্ৰ’ল আদি তৰল উদ্বায়ী তৰল। এচিটন, পাৰফিউম বা পেট্ৰ’ল আদিৰ বাষ্পীভৱন খৰতকীয়াকৈ হয়। বাষ্পীভৱনত আমাৰ হাতৰ তলুৱাৰ পৰা বা পৰিৱেশৰ পৰা তাপ শোষণ কৰি লয়। উষ্ণতা বেছি হ’লে বাষ্পীভৱন সিমানে বেছি হয়। আমাৰ হাতৰ তলুৱাৰ পৰা তাপ শোষণ কৰা কাৰণেই আমি আমাৰ হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ কৰো।
প্রশ্ন 4. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় ?
উত্তৰ : বাষ্পীভৱন জুলীয়া পদাৰ্থৰ উপৰিভাগৰ পৰা হয়। জুলীয়া পদাৰ্থৰ উন্মুক্ত উপৰিভাগৰ ক্ষেত্রফল যিমানেই বেছি হ’ব বাষ্পীভৱন সিমানেই বেছি হ’ব। গতিকে কাপতকৈ প্লেটত উপৰিভাগৰ ক্ষেত্রফল বেছি হোৱা কাৰণেই চাহ বা গৰম গাখীৰৰ বাষ্পীভৱন প্রক্রীয়া খৰকৈ হ’ব আৰু সোনকালে চেঁচা হ’ব। সেয়েহে প্লেটত পি খাবলৈ সহজ হয়।
প্রশ্ন 5. গ্রীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে?
উত্তৰ : গৰমৰ দিনত আমি কপাহৰ কাপোৰৰ পোছাক পিন্ধিব লাগে। কাৰণ— গৰমৰ দিনত আমাৰ শৰীৰৰ পৰা যথেষ্ট ঘাম ওলায়। বাষ্পীভৱন প্ৰক্ৰিয়াত তৰলৰ কণিকাবোৰে পৰিৱেশৰ পৰা বা আমাৰ শৰীৰৰ ছালৰ পৰা যথেষ্ট তাপ শক্তি শোষণ কৰে আৰু পানীৰ কণিকাবোৰক বাষ্পলৈ পৰিৱৰ্তন কৰে। ইয়াৰ ফলত আমাৰ শৰীৰ শাঁত্ পৰে বা চেঁচা হয়। কপাহ পানীৰ উত্তম শোষক। কপাহে শৰীৰৰ ঘামত থকা পানী শোষণ কৰে আৰু উপৰিভাগৰ ক্ষেত্রফল বেছি কৰে। যাৰ ফলত বাষ্পীভৱন বেছি হয়।
অনুশীলনী
প্রশ্ন 1. তলৰ উষ্ণতাবিলাক ছেণ্টিগ্ৰেডত প্ৰমাণ কৰা—
(a) 293 K
(b) 470 K
উত্তৰ : (a) 293k = 293 – 273 = 20°c.
(b) 470k = 470 – 273 = 197°c.
প্রশ্ন 2. তলৰ উষ্ণতাবিলাকত কেলভিনত প্ৰকাশ কৰা—
(a) 25°c
(b) 373°c
উত্তৰ : (a) 25°c. = 25 + 273 = 298k
(b) 373°c. = 373 + 273 = 646k
প্রশ্ন 3. কাৰণ দর্শোৱা—
(a) খোলা ঠাইত নেপথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।
উত্তৰ : (a) নেপথেলিনৰ গুটি পোণে পোণে সাধাৰণ উষ্ণতাত ভাপলৈ পৰিৱৰ্তিত হয়। নেপথেলিন উদ্বায়ী। গোটা অৱস্থাৰ পৰা পোণে পোণে গেছীয় অৱস্থালৈ যায়। নেপথেলিনক ঊর্ধ্বপতিত পদার্থ বোলা হয়।
(b) দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায়।
উত্তৰঃ- পাৰফিউমৰ অণুবোৰৰ বাষ্পীভৱন অতি বেছি। ইয়াৰ বাষ্প বায়ুৰ লগত অতি সহজে ব্যপক প্ৰক্ৰিয়াৰে মিহলি হয়, সেয়েহে ইয়াৰ গোন্ধ বহু মিটাৰ আঁতৰৰ পৰা পাওঁ।
প্রশ্ন 4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊর্ধ্বক্ৰমত সজোৱা পানী চেনি আৰু অক্সিজেন।
উত্তৰ : অক্সিজেন < পানী < চেনি
প্রশ্ন 5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি ?
(a) 25°c
(b) 0°c
(c) 100% c
উত্তৰ :- (a) তৰল (b) গোটা (c) বাষ্প
প্রশ্ন 6. যুক্তি দর্শাই ব্যাখ্যা কৰা :
(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।
(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন।
উত্তৰ :
(a) পানী সাধাৰণ উষ্ণতাত তৰল কাৰণ ইয়াৰ কোনো নিৰ্দিষ্ট আকাৰ নাই। যি পাত্ৰত ৰখা হয় সেই পাত্ৰৰ আকাৰ ধাৰণ কৰে, ইয়াৰ তৰলতা আছে। ইয়াৰ আয়তন আছে কিন্তু নির্দিষ্ট আকাৰ নাই।
(b) লোৰে নিৰ্মিত আলমাৰি কঠিন কাৰণ ই অত্যন্ত টান আৰু নিৰ্দিষ্ট আকৃতি আছে। সাধাৰণ অৱস্থাত নিৰ্দিষ্ট আকাৰ আৰু আয়তনযুক্ত পদার্থক কঠিন পদার্থ বোলে। আলমাৰিটোৰ আকাৰ আৰু আয়তন সদায় নির্দিষ্ট থাকে ।
প্রশ্ন 7. 273K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেচি ঠাণ্ডা কৰে কিয় ?
উত্তৰ : বৰফ গলিবলৈ আৰম্ভ কৰাৰ পিছত দেখা যায় যে উষ্ণতা 273k বা 0°c. -তে স্থিৰ হৈ ৰয়। গ্ৰহণ কৰা তাপে বৰফৰ উষ্ণতা নবঢ়ায়। এই তাপে বৰফক পানীলৈ ৰূপান্তৰ কৰাত সহায় কৰে। এই তাপকে লীন তাপ বোলা হয়। আনহাতে এই উষ্ণতাত পানীৰ অণুত থকা শক্তিৰ পৰিমাণ বৰফতকৈ বেছি। গতিকে তাপ গ্রহণ কৰিব পৰা ধৰ্মটো পানীতকৈ বৰফৰ বেছি। সেয়েহে চেঁচা কৰিবলৈ বৰফ পানীতকৈ বেছি ফলদায়ক।
8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব?
উত্তৰঃ– পানীৰ ভাপে বেছিকৈ পুৰিব। কাৰণ একে উষ্ণতাত থকা জলীয় ভাপৰ কণিকাবোৰৰ শক্তি পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি। জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লীনতাপ ধৰি ৰখাৰ বাবে এনে হয়।
উত্তৰ : A. গলন (Fusion) B. বাষ্পীভবন (Vaporiation) C. ঘনীভবন (Condensation) D. গোটমাৰা (Solidification) E. ঊর্ধ্বপাতন (Sublimation) বাষ্পৰূপে পৰিণত হৈ গোটমাৰা (Sublimation)
9. অৱস্থাৰ পৰিবৰ্তন দেখুৱাই তলৰ চিত্ৰত A, B, C, D, E আৰু F ৰ নাম দিয়া।

উত্তৰঃ–
[A] = গলন
[B] = বাষ্পীভৱন
[C] = ঘণীভৱন
[D] = স্ফটিকীকৰণ
[E] = উৰ্ধপাতন
[F] = উৰ্ধপাতন