জীৱন প্ৰক্ৰীয়া
(পাঠ নং 95)
1. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয়?
উত্তৰ : বহুকোষী জীৱৰ ক্ষেত্ৰত শৰীৰৰ সকলোবোৰ কোষেই চৌপাশৰ পৰিৱেশৰ লগত প্রত্যক্ষ সংস্পৰ্শত নাথাকিবও পাবে। সেয়েহে সাধারণ ব্যাপন প্রক্রিয়া এনে জীৱৰ প্ৰতিটো কোষৰ অক্সিজেনৰ প্ৰয়োজন পূৰাবলৈ পৰ্যাপ্ত নহয় ।
2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম?
উত্তৰ: কোনো এটা বস্তু জীবিত হয় নে নহয় তাক জানিবলৈ তলৰ চৰ্তসমূহ ব্যৱহাৰ
কৰা যায়- (i) খাদ্য গ্রহণ, (ii) বৃদ্ধি (iii) শ্বসন (iv) চলাচল (v) প্রজনন ।
3. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?
উত্তৰ: জীৱৰ বাবে প্ৰয়োজনীয় তলত দিয়া কেঁচা সামগ্ৰীসমূহ সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়-
(i) কার্বন-ডাইঅক্সাইড : উদ্ভিদে বায়ুমণ্ডলৰ পৰা পাতৰ পত্ৰৰঞ্জৰ সহায়ত ব্যাপন প্ৰক্ৰিয়াৰে CO, আহৰণ কৰে।
(ii) পানী : উদ্ভিদে শিপাৰ সহায়ত মাটিৰ পৰা পানী আহৰণ কৰে ।
(iii) অক্সিজেন : উদ্ভিদ আৰু প্রাণীয়ে শ্বসন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় অক্সিজেন বায়ুমণ্ডলৰ পৰা আহৰণ কৰে।
(iv) খাদ্য : পৰপোষী জীৱসমূহে বহিঃপৰিৱেশৰ পৰা বিভিন্ন প্ৰকাৰৰ জটিল জৈব যৌগ খাদ্য হিচাপে আহৰণ কৰি লয় ।
(vi) খনিজ লবণ : উদ্ভিদ আৰু প্ৰাণীয়ে দেহৰ বৃদ্ধি, বিকাশ আৰু প্ৰতিৰক্ষাৰ বাবে বিভিন্ন প্ৰকাৰৰ অজৈৱ খনিজ লৱণ বহিঃ পৰিৱেশৰ পৰা আহৰণ কৰি লয় ।
4. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা?
উত্তৰ: জীৱৰ জীৱন চলাই নিবৰ বাবে দৰকাৰী হোৱা জীবন প্রক্রিয়াসমূহ হ’ল- .. পৰিপুষ্টি, শ্বসন, পৰিবহণ আৰু ৰেচন ।
(পাঠ নং 101)
1) স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি?
উত্তৰ : স্বপোষিত আৰু পৰপোষিত পুষ্ঠিৰ পাৰ্থক্যসমূহ হ’ল—
(i) স্বপোষিত পুষ্টিত জীৱই বাহিৰা পৰিৱেশৰ পৰা কেঁচা সামগ্ৰী আহৰণ কৰি সৰল খাদ্য প্ৰস্তুত কৰি লয়। আনহাতে, পৰপোষিত পুষ্টিত জীৱ এটাই বাহিৰা পৰিৱেশৰ পৰা জটিল খাদ্য আহৰণ কৰি তাক সৰল অৱস্থালৈ ৰূপান্তৰিত কৰি লয় । .
(ii) স্বপোষিত পুষ্টিত জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয়। কিন্তু পৰপোষিত পুষ্টিত জীৱই খাদ্যৰ বাবে আন জীৱ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
২) সালোক-সংশ্লেষণত প্রয়োজনীয় প্ৰতিটো উপাদান কত কত পায় ?
উত্তৰ : উদ্ভিদে সালোক-সংশ্লেষণৰ বাবে প্ৰয়োজন হোৱা কেঁচা সামগ্ৰীসমূহ তলত উল্লেখ কৰা উৎসসমূহৰ পৰা আহৰণ কৰে ।
(i) বায়ুমণ্ডলৰ পৰা কার্বন-ডাই-অক্সাইড। (ii) মাটিৰ পৰা পানী ।
৩) আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?
উত্তৰ : আমাৰ পাকস্থলীত থকা হাইড্ৰ’ক্লৰিক এছিডৰ মুখ্য কাৰ্যসমূহ হ’ল—
(i) ই পাকস্থলীত এক আত্মিক মাধ্যমৰ সৃষ্টি কৰি প্ৰ’টিন বিশ্লেষী উৎসেচক পেপচিনৰ ক্রিয়াত সহায় কৰে।
(ii) ই খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে।
4) পাচক উৎসেচকৰ কাৰ্য কি?
উত্তৰ: পাচক উৎসেচকসমূহৰ মুখ্য কাৰ্য হ’ল খাদ্যব জটিল অণুসমূহক সবল অণুলৈ ৰূপান্তৰিত কৰা।
5. শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?
উত্তৰ : ক্ষুদ্ৰান্তৰ আন্তআৱবণীখনত অসংখ্য আঙুলি-সদৃশ প্ৰবৰ্ষৰ সৃষ্টি হয়, যাক ভিলাই বুলি কোৱা হয়। এই ভিলাইবোৰে শোষণৰ বাবে পৃষ্ঠকালিব বৃদ্ধি ঘটায়। ভিলাইবোৰ ৰনলীৰ সৈতে সংযুক্ত হৈ থাকে। এই বক্তনলীবোৰে শোষিত খাদ্যক প্ৰতিটো কোষলৈ কঢ়িয়াই নিয়ে ।
(পাঠ নং 105)
1. শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধা কি?
উত্তৰ : শ্বসনৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্ৰত স্থলচৰ জীৱ এটাৰ জলজ জীৱ এটাতকৈ সুবিধা এয়ে যে বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ, পানীত দ্ৰৱীভূত অৱস্থাত থকা অক্সিজেনতকৈ বহু বেছি। এইবাবে জলজ জীবসমূহে স্থলচৰ জীৱৰ তুলনাত বেছি ঘন ঘনকৈ শ্বাস-প্রশ্বাস ল’ব লগা হয়।
2. কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক’জ জাৰিত হৈ শক্তি উৎপন্ন হয়?
উত্তৰ : শ্বসনৰ সময়ত গ্লুক’জ অণুৰ বিশ্লেষণৰ তিনিটা ভিন্ন পথ হ’ল—
(i) ইষ্টৰ কোযত গ্লুক ‘জৰ বিশ্লেষণ : ইষ্টৰ কোষৰ কোষ প্রৰসত ছয় কার্বনযুক্ত গ্লুক’জ অণুৰ বিশ্লেষণ ঘটি প্রথমতে তিনি-কার্বনযুক্ত পাইভেট অণুৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াত সামান্য পৰিমাণৰ শক্তিও নির্গত হয়। ইয়াৰ পিছৰ পৰ্যায়ত অক্সিজেনৰ অনুপস্থিতিত পাইৰভেটৰ বিশ্লেষণ ঘটি ইথানল, কার্বন-ডাই-অক্সাইড আক শক্তি উৎপন্ন হয়।
(ii) মানুহৰ পেশীকোষত গ্লুক ‘জৰ বিশ্লেষণ : আমাৰ শৰীৰৰ পেশীকোষত গ্লুক জব পৰা উৎপন্ন হোৱা পাইকভেটর অক্সিজেনৰ অভাৱত বিশ্লেষণ ঘটি লোকটিক এছিড নামব স্নান এক তিনি-কার্বনযুক্ত অণুৰ সৃষ্টি করে। এই প্রক্রিয়াত সামান্য পরিমাণব শক্তি নির্গত হয় ।

3) মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয়?
উত্তৰ : মানুহৰ শৰীৰত অক্সিজেন আৰু কার্বন-ডাই-অক্সাইডৰ পৰিবহণ তেজৰ দ্বাৰা সংঘটিত হয়। তেজব লোহিত রক্ত কণিকাত থকা শ্বাসৰল্পক হিম’গ্লবিনে অক্সিজেন কঢ়িয়ায়। আনহাতে পানীত বেছি পৰিমাণে দ্রবীভূত হোৱাৰ গুণত, কার্বন-ডাই-অক্সাইড তেজত দ্রবীভূত অৱস্থাত পৰিবাহিত হয়।
4) প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?
উত্তৰঃ হাওঁফাওঁৰ ভিতৰত বায়ুনলী ডাল সৰু সৰু নলীকালৈ বিভাজিত হয়, যিবোৰে কিছুমান বেলুন সদৃশ গঠনত গৈ শেষ হয়। এই গঠনবোৰক বায়ুকোষ বা এলভিওলি বোলা হয়। এই এলভিওলি বা বায়ুকোষবোৰে গেছৰ আদান-প্ৰদানৰ বাবে এখন পৃষ্ঠৰ যোগান ধৰে। বায়ুকোষবোৰৰ বেৰবিলাকত বনেলীৰ এখন জালিকা থাকে, যাৰ সহায়ত বায়ুকোষ আক তেজৰ মাজত গেছৰ আদান-প্রদান ঘটে।
(পাঠ নং 110)
1) মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি ?
উত্তৰ: মানুহৰ পৰিবহণ তব উপাদানসমূহ আৰু সিহঁতৰ প্ৰত্যেকৰে কাৰ্য তলত উল্লেখ কৰা হ’ল—
(I)হৃদপিণ্ডঃ ‘ইয়াৰ মুখ্য কাম হ’ল শৰীৰৰ প্ৰতিটো অংগলৈ তেজ সঞ্চালন ঘটোৱা।
(ii) ৰক্ত : ইয়াৰ মুখ্য কাৰ্য হ’ল বিভিন্ন প্রয়োজনীয় দ্রব্য, যেনে পাচিত খাদ্য, অক্সিজেন, কার্বন-ডাই-অক্সাইড, নাইট্ৰ’জেনজাতীয় বেচন পদার্থ, লৰণ আদিৰ পৰিবহণ কৰা।
(iii) ৰনলীৰ জালিকা : ধমনীবোৰে হৃদপিণ্ডৰ পৰা শৰীৰৰ আন আন অংগলৈ তেজ কঢ়িয়াই নিয়ে। আনহাতে সিৰাসমূহে শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ সংগ্ৰহ কৰি তাক হৃদপিণ্ডলৈ ঘূৰাই আনে।
(iv) ৰক্তনলীৰ জালিকাখনৰ মেৰামতিৰ বাবে এক বিশেষ তন্ত্র: রক্তনদীর জালিকাখন কিবা কাৰণত ক্ষতিগ্ৰস্ত হ’লে, তাৰ মেৰামতিৰ বাবে এক বিশেষ তত্ত্ব থাকে। তেজত থকা অনুচক্রিকা কোষসমূহে এই মেৰামতিৰ কাৰ্য সম্পন্ন করে।
2. পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?
উত্তৰ : স্তন্যপায়ী প্রাণী আৰু চৰাইবোৰ উষ্ণবক্তী প্রাণী, যিয়ে অনবৰতে নিজৰ শৰীৰৰ উষ্ণতা অক্ষুণ্ণ ৰাখিবলৈ শক্তিৰ ব্যৱহাৰ কৰে। সেইবাবে সিহঁতৰ দেহত এক উচ্চ দক্ষতাসম্পন্ন অক্সিজেন যোগানৰ প্রয়োজন হয়। এই উদ্দেশ্যত, স্তন্যপায়ী আৰু চৰাইব শৰীৰত অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজক পৃথক কবি বখাটো নিতান্তই প্রয়োজনীয়।
3. উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰত থকা অংশসমূহ কি কি?
উত্তৰ : সুসংগঠিত উদ্ভিদৰ শৰীৰত পৰিবহণ তন্ত্ৰৰ উপাদানসমূহ হ’ল—
(i) জাইলেম : যাৰ দ্বাৰা উদ্ভিদৰ শৰীৰত পানী আৰু খনিজ লৱণৰ ঊর্ধ্বমুখী পৰিবহণ সংঘটিত হয়।
(ii) ফ্লোরেম : যাৰ সহায়ত পাতত প্ৰস্তুত হোৱা খাদ্য আৰু আন আন পদার্থ ঊর্ধ্বমুখী আৰু অধোমুখী দুয়োটা দিশত উদ্ভিদদেহত পৰিবাহিত হয় ।
4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়?
উত্তৰ : উদ্ভিদদেহত পানী আৰু খনিজ লৱণৰ পৰিবহণ জাইলেম কলাৰ মাজেৰে সংঘটিত হয়। জাইলেম কলাত শিপা, কাণ্ড আৰু পাতৰ ট্ৰেকাইড (Tracheids) আৰু নলীকা (Vessels) বোৰ পৰস্পৰৰ লগত সংলগ্ন হৈ পানী পৰিবহণৰ এক অবিচ্ছিন্ন তন্ত্ৰৰ সৃষ্টি কৰি উদ্ভিদদেহৰ সকলো অংশকে স্পৰ্শ কৰে। শিপাৰ যিবোৰ কোষ মাটিৰ লগত প্রত্যক্ষ সংস্পৰ্শত থাকে, সিহঁতে সক্রিয়ভাৱে মাটিৰ পৰা আয়নসমূহ গ্ৰহণ কৰে। ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ পাৰ্থক্যৰ সৃষ্টি কৰে। সেয়েহে এই পার্থক্য দূৰ কৰিবলৈ মাটিৰ পৰা শিপালৈ পানীৰ প্ৰবাহ বয়। ইয়ে শিপাৰ জাইলেম কলালৈ পানীৰ এক স্থিৰ প্ৰবাহৰ সৃষ্টি কৰি পানীৰ এক উত্তৰ সৃষ্টি করে, যাক নিবন্নিভাৱে ওপৰৰ দিশলৈ ঠেলি থকা হয়। ইয়াক মুলচাপ বোলে। জাইলেন কলাৰ মাজেৰে পানীৰ উপ পরিবহণত আন এক চালিকা শক্তি হ’ল প্রস্বেদন টান (Transpiration pull)। অনে প্ৰক্ৰিয়াত উদ্ভিদৰ পাতৰ কোষৰ পৰা পানীৰ অণুৰ বাষ্পীভৱনৰ ফলত পানীৰ গুপ্তটোরে ওপৰৰ ফালে এক শোহা অনুভব করে, যাৰ ফলত শিপাৰ জাইলেন কোবৰ পৰা পানীতে ওপবব দিশলৈ গতি কৰে।
5) উদ্ভিদদেহত খাদ্য কিদৰে সংবহন ঘটে ?
উত্তৰ : উদ্ভিদদেহত খাদ্যৰ পৰিবহণ ফ্লোরেন কলাৰ মাজেৰে সংঘটিত হয়। এই প্রক্রিয়াক খাদ্য স্থানান্তরণ (Translocation) বোলা হয়। উদ্ভিদদেহত বাদ্য আৰু আন পদার্থ যেনে এমিন’ এছিডৰ স্থানান্তরণ প্রক্রিয়া চালনি নলীকা (Sieve tubes) সংগী কোষ ( companion cell) ৰ সহযোগত ঊর্ধ্বমুখী আৰু অধোমুখী দুয়োটা দিশতেই সংঘটিত হয়। জাইলেম কলাৰ মাজেৰে পৰিবহণ প্রক্রিয়াত সাধাৰণ ভৌতিক বল জড়িত থকাৰ বিপৰীতে ফ্লোরেন কলাব নাজেনে খাদ্য আৰু আন পদাৰ্থৰ পৰিবহণত শক্তি প্রয়োজন হয়। ATP ৰ পৰা শক্তি আহৰণ কৰি কিছুমান পদার্থ যেনে— চুক’জ ফ্লোরেন কলালৈ স্থানান্তৰিত কৰা হয়। এই কার্যই এই কলাব আকৃতি চাপ (osmotic pressure) বৃদ্ধি কৰে, যাৰ ফলত এই কলালৈ পানীয়ে গতি কৰে। এই চাপে ফ্লোরেন কলাৰ পৰা বিভিন্ন দ্রব্য কম চাপত থকা কলাকোষসমূহলৈ স্থানান্তবিত করে। এনেদৰে উদ্ভিদৰ প্ৰয়োজন অনুসবি ফ্লোরেন কলাই বিভিন্ন দ্ৰব্যৰ স্থানাস্তর ঘটায়।
(পাঠ নং 112)
1) নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা ।
উত্তৰ : নেফ্ৰণবোৰ হ’ল বৃক্কৰ মৌলিক পবিত্রারণ একক। নেয়ণৰ আকৃতি দীঘল নলীৰ দৰে, যাৰ এটা মূৰ কাপ আকৃতিৰ। নেফ্রণব এই অংশটোক ব’মেনৰ সম্পূ (Bowmans capsule) বোলা হয়। পাতল বেৰৰ ৰক্তকেশিকাৰ থূপ এটা ব’মেনৰ সম্পূটৰ লগত সংলগ্ন হৈ থাকে। এই ৰূপটোক গ্ল’মেকলাছ (Glomerulus) বোলা হয়। এই বক্তকেশিকাৰ গ্ৰুপটোৰ সহায়ত তেজৰ পৰা প্ৰাথমিক মূত্ৰখিনি পৰিস্ৰাৱনৰ দ্বাৰা প্ৰস্তুত হয়। ব’মেনৰ সম্প্ৰটৰ তলফালে নেয়ণৰ অংশটো দীঘলীয়া কুণ্ডলীকৃত নলীৰ আকৃতিৰ, যাৰ মাজেৰে প্রাথমিক পরিক্রমতখিনি প্রবাহিত হয়। নেফ্ৰণৰ শেষ অংশত সংগ্রাহক নলীকা (collecting duct) থাকে, যিয়ে মূত্ৰখিনি সংগ্ৰহ কৰি মূত্ৰনলীৰ সহায়ত মূত্রথলীলৈ পঠাই দিয়ে।
নেফ্ৰনৰ কাৰ্যঃ নেফ্ৰনত থকা ৰক্ত কেশিকাৰ ধূপ এটাই, যাক গ্ল’মেকলাছ বোলা হয়, তেজৰ পৰা পৰিস্ৰাৱন কৰি প্ৰাথমিক মূত্ৰৰ সৃষ্টি কৰে। পিছত এই মূত্ৰখিনি নেফ্ৰনৰ কাপ-আকৃতিৰ মূৰটোলৈ, যাক ব’মেনৰ সম্পূট বোলা হয়, পঠাই দিয়া হয়। ব’মেনব সম্পুটে পৰিশ্ৰুতখিনি সংগ্ৰহ কৰি নেফ্ৰনৰ নলীডালৰ পিছৰ কুণ্ডলীকৃত অংশলৈ পঠাই দিয়ে। এই অংশৰ মাজেৰে পৰিশ্ৰুতখিনি পৰিবাহিত হওঁতে কিছুমান পদার্থ যেনে গ্লুক’জ এমিন’ এছিড, লৱণ আৰু যথেষ্ট পৰিমাণৰ পানী ঠায়ে ঠায়ে পুনব শোষিত হয়। আন কিছুমান হানিকাৰক পদার্থ যেনে ক্রিয়েটিন আৰু ক্রিয়েটিনিন আদি নেফ্রনব নলীকাই যোগ কৰাৰ পাছত মূত্ৰখিনি মূত্ৰনলী বা ইউৰেটাৰ (ureters) ব মাজেৰে গৈ মূত্রথলী (urinary bladder) ত গৈ সঞ্চিত হয়। পিছত মূত্রথলীৰ পৰা সময়ে সময়ে মূত্রখিনি মূত্রপথ (urethra) ব যোগেদি শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়।
2) উদ্ভিদৰ কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে ?
উত্তৰঃ ৰেচনজাতীয় পদাৰ্থৰ নিষ্কাশনৰ বাবে উদ্ভিদে ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিসমূহ হ’ল—
(i) উদ্ভিদে শৰীৰৰ পৰা অক্সিজেন আৰু কার্বন-ডাই-অক্সাইড পত্রবন্ধৰ যোগেদি ব্যাপন প্ৰক্ৰিয়াৰ বাহিৰলৈ উলিয়াই দিয়ে।
(ii) উদ্ভিদে অতিৰিক্ত পানীভাগ প্রস্বেদন প্রক্রিয়াৰে শৰীৰৰ পৰা আঁতৰায় ।
(iii) উদ্ভিদে কিছুমান বর্জনীয় পদার্থ পাতত সঞ্চয় কবে, যি পিছত পাতৰ সৈতে সবি পরে। (iv) উদ্ভিদে অন্য কিছুমান বর্জনীয় পদার্থ বেজিন (Resins) আৰু আঠা (Gums) হিচাপে সঞ্চিত কৰে ।
৩) কেনেকৈ মূত্ৰ উৎপন্ন পৰিমান নিয়ন্ত্ৰণ কৰিব পাৰি??
উত্তৰঃ উৎপন্ন হোৱা মূত্ৰৰ পৰিমাণ তলত উল্লেখ কৰা কাৰক দুটাই নিয়ন্ত্রণ করে— (i) শৰীৰত থকা অতিৰিক্ত পানীৰ পৰিমাণ।
(গগ) বর্জনযোগ্য দ্রবীভূত বেচনজাতীয় পদার্থৰ পৰিমাণ ।
অনুশীলনী
1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ 一
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
উত্তৰঃ- (c) ৰেচন।
2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল 一
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন’ এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহন
উত্তৰঃ- (a) পানীৰ পৰিবহন।
3. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় 一
(a) কাৰ্বন ডাই অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ
(c) সূৰ্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ- (d) ওপৰৰ আটাইকেইটা।
4. পাইৰুভেট অণু ভাঙি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় 一
(a) চাইট’প্লাজমত
(b) মাইট’কন্ড্ৰিয়াত
(c) ক্ল’ৰপ্লাষ্টত
(d) কোষকেন্দ্ৰত
উত্তৰঃ- (b) মাইট’কন্ড্ৰিয়াত।
5. আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয়? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয়
উত্তৰঃ আমাৰ শৰীৰত অগ্নাশয় লাইপেজ আৰু আন্ত্রিক লাইপেজৰ সহায়ত চর্বী পাচিত হয়। অগ্নাশয় লাইপেজ নামৰ উৎসেচকবিধ অগ্নাশয়ে ক্ষৰণ কৰে। অগ্নাশয় লাইপেজৰ ক্ৰিয়াৰ দক্ষতা বঢ়োৱাত যকৃতৰ পৰা ওলোৱা পিত্তৰসে (Bile juice) সহায় কৰে। পিত্তবসত থকা দুবিধ পিত্তলোপে চৰীৰ ডাঙৰ ডাঙৰ পিণ্ডবোৰক ভাঙি সৰু সৰু পিণ্ডলৈ ৰূপান্তৰিত কৰে, যাৰ ফলত চৰীৰ এই সৰু সৰু কণিকাবোৰৰ ওপৰত অগ্নাশয় লাইপেজে ভালদৰে ক্ৰিয়া কৰিব পাৰে। আমাৰ ক্ষুদ্রাস্ত্ৰৰ বেৰত থকা গ্ৰন্থিৰ পৰা ওলোৱা আন্ত্রিক লাইপেজ নাম উৎসেচকবিধে শেষত চৰীক বিশ্লেষণ কৰি ফেটি এছিড আৰু গ্লিচাৰ’ল উৎপন্ন কৰে। চৰীৰ পাচনৰ এই প্ৰক্ৰিয়া আমাৰ শৰীৰৰ ক্ষুদ্ৰান্তত সংঘটিত হয়।
6. পাচনত লালটিৰ ভূমিকা কি?
উত্তৰ : খাদ্যৰ পাচনত লালটিৰ ভূমিকা হ’ল—
(i) লালটিত থকা লালটি এমাইলেজ (Salivary anylase) নামৰ উৎসেচকবিধে শ্বেতসাৰক ভাঙি শৰ্কৰালৈ ৰূপান্তৰিত কৰে।
(ii) লালটিয়ে খাদ্যক ভিজা আৰু পিছল কৰি তাক গ্ৰাসনলীৰে পৰিবহণ হোৱাত সহায় কৰে।
7. স্বপোষীত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?
উত্তৰ: স্বপোষিত পুষ্টিৰ দৰকাৰী চৰ্তসমূহ হ’ল—
(i) কার্বন-ডাই-অক্সাইড, (ii) পানী, (iii) পত্ৰহৰিং আৰু (iv) সূৰ্যৰ পোহৰ। স্বপোষিত পুষ্টিৰ উপজাত দ্রব্যসমূহ হ’ল গ্লুক’জ আৰু অক্সিজেন।
৪. সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা ।
উত্তৰ : সবাত আৰু অবাত শ্বসনৰ মূল পার্থক্য হ’ল—

9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?
উত্তৰ : হাঁওফাওৰ ভিতৰত বায়ুনলীডাল সক সক কিছুমান নলীকালৈ বিভাজিত হৈ যায়, যিবোৰে শেষত কিছুমান বেলুন সদৃশ গঠনত গৈ শেষ হয়। এই বেলুন সদৃশ গঠনবোৰক বায়ুকোষ বোলা হয়। বায়ুকোষবোৰে গেছৰ আদান-প্রদান সংঘটিত হ’বৰ বাবে এখন পৃষ্ঠৰ যোগান ধৰে। বায়ুকোষবোৰৰ বেৰত ৰক্তনলীৰ এখন জটিল জালিকা থাকে, যিয়ে বায়ুকোষ আৰু তেজৰ মাজত কার্বন-ডাই-অক্সাইড আৰু অক্সিজেনৰ আদান-প্রদান হোৱাত সুবিধা কৰি দিয়ে ।
10. আমাৰ দেহত হিম’গ্লবিনৰ পৰিমাণ কমি গ’লে কি হ’ব?
উত্তৰ: হিমগ্লবিন হ’ল আমাৰ তেজৰ লোহিত রক্ত কণিকাত থকা এবিধ শ্বাসবঞ্জক, যিয়ে তেজত অক্সিজেন কঢ়িয়াই নিয়ে। সেয়ে আমাৰ শৰীৰত হিমগ্লবিনৰ অভাৱ ঘটিলে, আমাৰ শৰীৰৰ কোষসমূহে পর্যাপ্ত পৰিমাণৰ অক্সিজেন নাপাব। ইয়াৰ ফলত কোষসমূহে শৰীৰৰ বিভিন্ন বিপাকীয় কাৰ্যৰ বাবে দৰকাৰ হোৱা শক্তি উৎপাদন কৰিবলৈ অক্ষম হ’ব। এনেদৰে হিমগ্ন ‘বিনৰ অভাৱত আমাৰ শৰীৰৰ বিভিন্ন জৈৱ-বাসায়নিক প্রক্রিয়া বাধাগ্ৰস্ত হ’ব।
11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?
উত্তৰ : মানুহৰ শৰীৰৰ মাজেৰে প্রবাহিত হওঁতে প্ৰতিটো চক্ৰত হৃদপিণ্ডৰ মাজেৰে তেজে দুবাৰকৈ গতি কৰে। ইয়াকে দ্বৈত ৰক্ত সংবহন (Double Circulation) বোলা হয়। হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদপিণ্ডৰ ওপৰব বাঁওফালে থকা কোঠালিত সোমায়, যাক বাঁও অলিন্দ বোলে। তেজ সংগ্ৰহ কৰি থকাৰ সময়ত বাঁও অলিন্দটো প্ৰসাৰিত অৱস্থাত থাকে। পিছত এই কোঠালিটোৰ সংকোচন ঘটে আৰু লগে লগে ইয়াব তলফালে থকা কোঠালিটোব, যাব নাম বাঁও নিলয় প্ৰসাৰণ ঘটে। ইয়াৰ ফলত বাঁও অলিন্দব পৰা তেজ বাঁও নিলয়ত সোমায়। যেতিয়া বাঁও নিলয় সংকুচিত হয়, তেতিয়া অক্সিজেনযুক্ত তেজ গোটেই শৰীৰতে বিয়পি পৰে। আনহাতে গোটেই শৰীৰৰ পৰা অহা অক্সিজেনৰহিত তেজ আহি হাওঁফাওঁৰ সোঁফালৰ ওপৰৰ কোঠালিত সোঁ অলিন্দত প্ৰৱেশ কৰে। এই সময়ত সোঁ অলিন্দটো প্রসারিত অৱস্থাত থাকে। যেতিয়া সোঁ অলিন্দৰ সংকোচন ঘটে, একে সময়তে তাৰ তলফালৰ কোঠালিটো সোঁ নিলয় প্রসারিত হয়। ফলত তেজ সোঁ অলিন্দৰ পৰা সোঁ নিলয়লৈ স্থানান্তৰিত হয়। পিছত সোঁ নিলয়ৰ সংকোচনৰ ফলত এই তেড়ে অক্সিজেনযুক্ত হ’বলৈ হাওঁফাওঁলৈ গতি কৰে। এনেদৰে মানুহৰ শৰীৰত দ্বৈত ৰক্ত সংবহন সংঘটিত হয়। মানুহৰ বাবে দ্বি-সঞ্চালন দৰকাৰী কাৰণ মানুহ হ’ল এবিধ উষ্ণৰী প্ৰাণী, যি শৰীৰৰ উষ্ণতা অক্ষুণ্ণ ৰাখিবলৈ অনবৰতে শক্তিৰ ব্যৱহাৰ কৰিবলগীয়া হয়। সেয়েহে মানুহক শক্তি উৎপাদনৰ বাবে অবিরতভাৱে অক্সিজেনব যোগানৰ প্ৰয়োজন হয়। দ্বৈত ৰক্ত সংবহনে তেজক অতিভাৱে অক্সিজেনযুক্ত কৰাত আৰু এই তেজক সমগ্ৰ শৰীৰতে নিৰৱচ্ছিন্নভাৱে বিয়াপাই দিয়াত অৰিহণা যোগায়।

12. জাইলেম আৰু ফ্ল’ৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি ?
উত্তৰঃ-

13. হাঁও ফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা
উত্তৰঃ-
