Class 10 Assamese । Chapter 10 অৰুণিমা সিনহা। দশম শ্ৰেণী গণিত অসমীয়া । SEBA BOARD 2024-2025

১। চমু উত্তৰ দিয়া

 (ক) অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?

উত্তৰ : ভলীবল খেলত।

(খ) অৰুণিমা সিন্হাৰ ঘৰ ক’ত?

উত্তৰ : উত্তৰ প্ৰদেশত ।

(গ) হস্পিতালত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল?

উত্তৰ : হিমালয় শৃংগলৈ উঠাৰ সপোনে

(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?

উত্তৰ : এভাবেষ্ট বিজয়ী বাচেন্দ্ৰি পালক লগ ধৰিছিল, এভাৰেষ্ট শৃংগ আৰোহণৰ প্রশিক্ষণ ল’বৰ বাবে।

(ঙ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় আছিল?

উত্তৰ : ২০১৩ চনৰ ২১ মে’ তাৰিখে আৰু তাত তেওঁ ডেৰঘণ্টা কাল আছিল।

২। অৰুণিমা সিন্হাই ৰে’লযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল ? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল ?

উত্তৰ : অৰুণিমা সিন্হাই বে’লযাত্ৰাৰ সময়ত বেলৰ ডবাৰ ভিতৰত এদল ডকাইতৰ মুখামুখি হ’বলগীয়া হৈছিল। ডকাইতৰ দলে ডবাটোৰ আন যাত্ৰীসকলৰ পৰা ভয় দেখুৱাই, ডাবি নি টকা-পইচা, সোণৰ আ-অলংকাৰ আদি লুট কৰিছিল। যাত্ৰীসকলেও প্ৰাণৰ ভয়ত সিহঁতক বিনা বাক্যে এই সকলো ডকাইতৰ হাতত অৰ্পণ কৰিছিল। কিন্তু সেই ডবাটোতে যাত্ৰীৰূপে যোৱা অৰুণিমা সিন্হাই ডকাইতৰ ডাবি ধমকনি আৰু দেখুৱা ভীষণ ভয়কো কেৰেপ নকৰি সিহঁতে বাৰে বাৰে খোজা সত্ত্বেও নিজৰ গলৰ চেইনডাল নিদিলে। তেওঁ মাকৰ মৰমৰ উপহাৰ এই চেইনডাল সিহঁতক নিদিওঁ বুলি কোৱাত তেওঁক সিহঁতে দাঙি নি বক্তা দলিওৱাদি ট্ৰেইনৰ বাহিৰলৈ দলিয়াই দিলে। সেই সময় আন এখন ট্ৰেইন কাষৰ লাইনেৰে আহি আছিল আৰু সেই ট্ৰেইনখনে তেওঁক ভীষণভাৱে আঘাত কৰি গুচি গ’ল । ৰে’ল যাত্ৰাৰ সময়ত এই দুৰ্ঘটনাৰ তেওঁ মুখামুখি হৈছিল। এই দুৰ্ঘটনাত তেওঁ চিৰদিনৰ কাৰণে এখন ভৰি হেৰুৱালে আৰু ইখন ভবিও চিৰদিনৰ কাৰণে ঘুণীয়া হ’ল ।

৩। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেদ্ৰি পালে কেনেদৰে সহায় কৰিছিল ?

উত্তৰ : কৰুণভাৱে আঘাতপ্ৰাপ্ত হৈ হস্পিতালৰ বিছনাত শুই থাকোতে অৰুণিমা সিন্হাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন জাগি উঠিছিল। তেওঁ দুৰ্ঘটনাত এখন ভৰি চিৰদিনৰ কাৰণে হেৰুৱাই কৃত্রিম ভৰি ল’বলগীয়া হৈছে আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলা-ফিৰা কৰাৰ ব্যৱস্থা কৰা হৈছে। তথাপি এনে অৱস্থাতো অৰুণিমাই নিজৰ সপোন পূৰাবলৈ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়ী- বাচেন্দ্রি পালৰ ওচৰ পালেগৈ। বাচেদ্ৰি পালে তেওঁৰ সকলো কথা সহমর্মিতাৰে শুনিলে । ছোৱালীজনীৰ দুচকুৰ সপোন, প্ৰত্যাহ্বান আৰু আত্মপ্রত্যয়ৰ ভাবে তেওঁৰ মনতো বিশ্বাস জাগালে যে সঠিক প্রশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন তাইৰ সপোন পূৰণ কৰিব পাৰিব । তেওঁৰ আকাংক্ষা দেখি বহুজনে এনে কৃত্রিম ভৰিৰে এই দুৰুহ কাম নকৰিবলৈ পৰামৰ্শ দিছিল যদিও তেওঁ দমি নগ’ল। তেওঁ দুচকুত হেজাৰ সপোন লৈ বাচেন্দ্রি পালৰ পৰামৰ্শক্রমে উত্তৰ কাশীত থকা ইকো এভাবেট এক্সপেডিচন গ্রুপত যোগদান কৰিলেগৈ। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট . বিজয়িনী বাচেন্দ্রি পালৰ তত্বাৱধানত অনুশীলন চলিল। প্রায় এবছৰকাল একেলেথাৰিয়ে বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত উৎসাহ-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অকণিমাই অনুশীলনত আত্মসমৰ্পণ কৰিছিল।

৪। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?

উত্তৰ : এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাবেই বিজয়িনী বাচেন্দ্ৰি পালৰ ওচৰ পালেগৈ। অৰুণিমাৰ মনোবল, সাহস আৰু আত্মপ্রত্যয়ৰ কথা জানি এখন ভৰিত কৃত্ৰিমভাৱে লগোৱা আৰু আনখন লোৰ ৰড লগোৱা ভৰিৰে এই মানুহজনীক বাচেন্দ্রি পালে সহায় কৰিবলৈ গাত ল’লে৷ তেওঁৰ পৰামৰ্শমতেই অকণিমাই উত্তৰ কাশীত থকা ইকো এভাবেট এক্সপেডিচন গ্রুপত যোগদান কৰিলেগৈ। তাত বাচেন্দ্রি পালৰ তত্বাৱধানত তেওঁ অনুশীলন আৰম্ভ কৰিলে। শাৰীৰিক, মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যাবসায়ৰ জোৰত ভৰিখন হেৰুৱাৰ দুর্ভাগ্যক অৰুণিমাই সৌভাগ্য বুলি লৈ ৰূপান্তৰিত কৰিবলৈ উঠিপৰি লাগিছিল। তেওঁ প্রায় এবছৰ কাল একেলেথাৰিয়ে উৎসাহ-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনত আত্মসমর্পণ কৰিছিল। কেতিয়াবা এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে দুই মিনিটতে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেয়া তিনি ঘণ্টাও লাগিছিল। তথাপি আশা এৰা দিয়া নাছিল অৰুণিমাই ।

৫। অৰুণিমা সিন্হাই কিয় লাডাখত থকা মাউন্ট চামছেৰ কাংৰিব অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?

উত্তৰ: লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা আছিল ২১,৭৯৮ফুট। অৰুণিমাক এই অভিযানত সহায় কৰা শ্বেৰপাজনে তেওঁৰ তেজেৰে লুতুৰি পুতুৰি হোৱা ভৰি দুখনৰ অৱস্থা দেখি নিজৰ প্ৰাণ বচাবলৈ উভতি যাবলৈ পৰামৰ্শ দিছিল যদিও অৰুণিমাই কোনো কথা নামানি চেষ্টা অব্যাহত ৰাখিলে। বহু কষ্টৰ মূৰত অৱশেষত অকণিমাই লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈহে মাত্ৰ আৰোহণ কৰিবলৈ সক্ষম হ’ল। সেই সময়ত বতৰ অত্যন্তভাৱে প্রতিকূল অৱস্থাত আছিল। বতৰৰ এনে প্ৰতিকূল অৱস্থাৰ কাৰণেই লাডাখত থকা এই মাউণ্ট চামছেৰ কাংৰিৰ অভিযান অকণিমাই সম্পূৰ্ণ কৰিব নোৱাৰিলে ।

৬। অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।

উত্তৰ: এভাৰেষ্ট অভিযান আগতে লাডাখত থকা মাউণ্ট চামছেৰ কাংবি অভিযানত ব্যৰ্থ হ’লেও অৰুণিমাৰ এভাৰেষ্ট বিজয়ৰ সপোন ভাগি যোৱা নাছিল। এইবাৰ নতুন উদ্যম আৰু মনোবলেৰে মাউন্ট এভাবেই বগাবলৈ সাজু হ’ল অৰুণিমা। মাউণ্ট এভাবেষ্টৰ শৃংগত, থিয় হৈ ফটো তোলাৰ ভিডিঅ’ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে দুটাকৈ কেমেৰা লগত লৈ গৈছিল। লৈছিল পানী আৰু অক্সিজেন। চাৰি নং কেম্প পাওঁতে দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনো প্রায় শেষ হওঁ হওঁ হৈছিলগৈ। লগত যোৱা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে সকীয়াই দিছিল যে যিকোনো মুহুর্ততে লগত নিয়া অক্সিজেন শেষ হৈ যাব পাবে। তেতিয়া মৃত্যু নিশ্চিত। পিছে কোনো সকীয়নিকে মন নকৰি তেওঁ আগুৱাই গৈ থাকিল। “বাটত যাওঁতে তেওঁ আঁঠু দুটাৰ পৰা নিগৰি অহা তেজবোৰ কমালেৰে মচি গৈ থাকোঁতে . বহুতে অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল। কিন্তু একোৱে তেওঁক নিৰস্ত কৰিব পৰা নাছিল । প্রচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। যাত্ৰা কৰাৰ দিনৰ অন্তত নিশা প্ৰায় ৮ বজাত অকণিমাই ৮৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউন্ট এভাবেষ্ট শৃংগত পদার্পণ কৰিবলৈ সমৰ্থ হ’ল। তেওঁৰ অক্সিজেন শেষ হ’বলগীয়া হৈছিল। লগত যোৱা শ্বেৰপাজনক মাউণ্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ’ল’বলৈ অনুৰোধ কৰিলে। সপোন পুৰ হোৱাৰ আনন্দত তেওঁ সেই শিখৰত প্ৰায় ডেৰঘণ্টা সময় আছিল। তাৰিখটো আছিল ২০১৩ চনৰ ২১ মে’।

৭। “একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাবে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।”— কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা।

উত্তৰ : ভিন ভিন সময় আৰু ভিন ভিন পৰিবেশত একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাবে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে; এই কথা অসীম সাহস, ধৈর্য, কষ্ট সহিষ্ণু, প্ৰত্যাহ্বান আৰু আত্মপ্রত্যয়ৰ প্রতীক অকণিমাৰ বিস্ময়কৰ কৰ্মজীৱনে সঁচা প্ৰমাণিত কৰিছে। ইতিমধ্যে নিজৰ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে ভলীবলৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ খেলুৱৈ হিচাপে সুনাম অৰ্জন কৰি ভাৰতৰ লক্ষগৰাকী নাৰীৰ অন্তৰত প্ৰেৰণা যোগাইছে যে নাৰীয়ে সকলো খেলতে চেষ্টা কৰিলে একোটা আদৰ্শ হৈ পৰিব পাৰে। পিছত এটা ৰে’লযাত্ৰাত এক ভয়ংকৰ পৰিস্থিতিত পৰি দুৰ্ঘটনাত এইগৰাকী প্ৰতিভাবান নাৰীয়ে নিজৰ এখন ভৰি চিৰকালৰ কাৰণে হেৰুৱাবলগীয়া হয়। আনখন ভৰিতো লোৰ বড় লগোৱা হৈছিল। এখন ভৰিত কৃত্রিম ভৰি লগোৱা আনখনো বাৰুকৈয়ে ঘূণীয়া হোৱা অৱস্থাতে অৰুণিমা  সিন্হাই এক অবিশ্বাস্য সপোন দেখিছিল — হিমালয়ৰ মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰাৰ। বহুতৰ হাক বচন আৰু এনে ভৰিৰে পূৰ্বত বগোৱাটো অসম্ভৱ বুলি কৰা মন্তব্যই অৰুণিমাৰ মন দমাব নোৱাৰিলে। আনকি এভাৰেট বিজয়িনী বাচেন্দ্রি পালেও এভাৰেষ্ট অভিযান কিমান দুরূহ অভিযান এই কথা তেওঁক বুজায়ো অৰুণিমাক টলাব নোৱাৰিলে। অৱশেষত তেওঁৰ সাহস, আত্মপ্রত্যয় আৰু মনোবল দেখি বাচেন্দ্রি পালে অনুশীলনত সহযোগ কৰিলে— প্ৰশিক্ষণ দিলে আৰু অৱশেষত এভাবেষ্ট যাত্ৰাত হোৱা নানান কষ্ট, অসুবিধা, দুয়োখন ভৰিৰে তেজ নিগৰি ওলোৱা অৱস্থাতে বাবন্ন দিনৰ অন্তত   অৰুণিমাই এভাৰেষ্টৰ শিখৰত মূৰ দাঙি থিয় দি বিজয় নিচান উৰুৱাত গোটেই বিশ্ববাসী আত্মপ্রত্যয়, কঠোৰ শ্ৰম কৰাৰ মানসিকতা থাকিলে পৃথিৱীত কৰিব নোৱাৰা কোনো কাম আচৰিত হোৱাৰ লগতে অসীম প্ৰেৰণা লাভ কৰিলে । পংগু হৈয়ো যে মনোবল, সাহস, নাথাকে— এই কথা অকণিমাই প্রমাণ কৰিলে – যিদৰে বিশেষ সক্ষম ব্যক্তি হৈয়ো ষ্টিফেন হকিঙে এগৰাকী বিখ্যাত বিজ্ঞানী হিচাপে পৃথিৱীবাসীক চমৎকৃত কৰিছে। অরুণিমা সিন্হা, ষ্টিফেন হকিং আদিব দৰে ব্যক্তিয়ে নিজৰ প্ৰতিভাবে যুগে যুগে সকলোকে এনেদৰে প্ৰেৰণা দি আহিছে ।

৮। ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল?

উত্তৰ : পংগু অৱস্থাতো অৰুণিমা সিন্হাৰ এভাবেষ্ট জয় কৰাৰ আকাংক্ষা তীব্ৰতৰ হৈ উঠা কালছোৱাত তেওঁৰ মনোবল বঢ়াই লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যোৱাত প্রখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙেও অৰুণিমাক অনুপ্রাণিত কৰিছিল। কৰ্কট ৰোগত আক্রান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিবে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱবাজে দেখুৱাই দিছিল— মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীবিক বাধাই কোনো প্রতিবোধ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ’ব নোৱাৰে। ক্রিকেটাৰ যুৱৰাজ সিঙৰ এই কথাই অকণিমাক ভীষণভাৱে অনুপ্রাণিত কৰিছিল।

৯। চমু টোকা লিখা :

বাচেন্দ্ৰি পালঃ ভাৰতৰ নকুৰী নামৰ ঠাইত ১৯৫৪ চনৰ ২৪ মে’ তারিখে বাচেন্দ্রি পালৰ জন্ম হৈছিল। এওঁ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউন্ট এভাবেষ্ট বিজয়িনী। ১৯৮৪ চনত এওঁ মাউন্ট এভাবেষ্ট শৃংগ আবোহণ কৰিছিল। বৰ্তমান এওঁ টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত পর্বত আৰোহণ অনুশীলন কেম্পৰ এগৰাকী প্রশিক্ষক তথা নির্দেশক।

টেনজিং নবগেঃ এইজন ভাৰতীয় নেপালী লোকব জন্ম হয় ১৯১৪ চনৰ ২৯ মে’ তাৰিখে। তেওঁ সাধাৰণতে চেপা টেনজিং নামেৰেই জনাজাত আছিল। ইংৰাজ পর্বতাৰোহণকাৰী এডমাণ্ড হিলাৰীৰ সৈতে তেওঁ ১৯৫৩ চনৰ ২৯ মে’ তাৰিখে হিমালয়ৰ নাউণ্ট এভাবেষ্ট শৃংগ জয় কৰে। তেৱেঁই প্ৰথমগৰাকী ভাৰতীয় মাউন্ট এভাবেই শৃংগ আৰোহণকাৰী। ইয়াৰ বাবে তেওঁ ভাৰত চৰকাৰ আৰু বিশ্ববাসীৰ পৰা বহুতো আদৰ  সন্মান পায়। ১৯৮৬ চনৰ ৯ মে’ তাৰিখে দার্জিলিঙত টেনজিং নৰগেৰ দেহাৱসান ঘটে।

ষ্টিফেন হকিং:-   ১৯৪২ চনব ৮ জানুৱাৰীত ইংলণ্ডেত জন্মগ্ৰহণ কৰা ষ্টিফেন হকিং …এগবাকী বিশেষ সক্ষম পৃথিৱী বিখ্যাত বিজ্ঞানী। অতি মেধাশক্তিসম্পন্ন পদার্থ বিজ্ঞানীজনে গোটেই জীৱন ধৰি এটা অসহনীয় পংগু জীৱন কটাবলগীয়া হৈছিল যদিও তেনেকৈয়ে তেওঁ গৱেষণাৰ কামত অহৰহ ব্যস্ত আছিল। চকা লগোৱা আসনতেই পৃথিৱীৰ বিভিন্ন  ঠাইলৈও গৈ তেওঁ বিজ্ঞানভিত্তিক আলোচনা আদিত যোগদান কৰিছিল। তেওঁ কৃষ্ণ গহ্বৰৰ ওপৰত গৱেষণা কৰিছিল। ২০১৮ চনৰ ২৪ মাৰ্চ তাৰিখে এইজনা বিজ্ঞানীৰ দেহাৱসান ঘটে।

১০। সন্ধি ভাঙা

সংশয় = সম + শয়।

হিমালয় = হিম + আলয় ।

বিপদাপন্ন বিপদ + আপন্ন।

পৰ্বতাৰোহণ = পৰ্বত + আৰোহণ ।

প্রত্যাহ্বান = প্রতি

ভাষা বিষয়ক প্রশ্নোত্তৰ

১১। উপসর্গ ভাঙি দেখুওৱা

অনুৰাগ = অনু + ৰাগ ।

অভিনয় = অভি + নয় ।

অনুভৱ = অনু + ভৱ

প্রতিফলন  প্রতি + ফল

Leave a Reply

Your email address will not be published. Required fields are marked *