তথ্যৰ প্ৰকাশ আৰু বিচাৰ । অনুশীলনী – 5 (A) । অষ্টম শ্ৰেণীৰ । শংকৰদেৱ শিশু নিকেটন SANKARDEV SISHU NIKETAN । CHAPTER 5

অনুশীলনী – 5 (A)

1. কাক বোলে লিখা —-

(i) মুখ্য তথ্য (ii) গৌণ তথ্য (iii) কেঁচা তথ্য় (iv) শ্ৰেণী সীমা (v) শ্ৰেণী দৈৰ্ঘ্য (vi) সমাংকৰ পৰিসৰ

(vi) শ্ৰেণী অন্তৰালৰ মধ্যবিন্দু

Solution:-

(i) মুখ্য তথ্যঃ- তথ্য সংগ্ৰহ কৰোতাজনে যদি নিজে মূল উতসৰ পৰা তথ্য সংগ্ৰহ কৰি আনে তেনে তথ্যবোৰক মুখ্য তথ্য বোলা হয় ।

(ii) গৌণ তথ্যঃ- কেতিয়াবা মূল উতসৰ পৰা পোনে পোনে অনা মুখ্য তথ্যক অইনে কোনো প্ৰয়োজনত ব্যৱহাৰৰ কাৰণে সংগ্ৰহ কৰে , এনে তথ্যবোৰক গৌণ তথ্য বোলা হয় ।

(iii) কেঁচা তথ্য়ঃ- ব্যৱহাৰৰ বাবে যোগাৰ কৰি লোৱা ওপৰৰ এনে আটাইবোৰ তথ্যই প্ৰকৃততে কেঁচা তথ্য বোলা ।

(iv) শ্ৰেণী সীমাঃ- অন্তৰালবোৰৰ সীমাবিন্দুবোৰক শ্ৰেণী সীমা বোলা হয় ।

(v) শ্ৰেণী দৈৰ্ঘ্যঃ- এটা শ্ৰেণীৰ উচ্চ সীমা আৰু নিম্নসীমাৰ পাৰ্থক্যক শ্ৰেণীদৈঘ্য বোলা হয় ।

(vi) সমাংকৰ পৰিসৰঃ- এটা সমাংক শ্ৰেণীৰ উচ্চতম আৰু নিম্নতম মান দুটাৰ পাৰ্থক্যটোক সমাংকৰ পৰিসৰ বোলা হয় ।

(vi) শ্ৰেণী অন্তৰালৰ মধ্যবিন্দুঃ- শ্ৰেণী অন্তৰাল এটাৰ মধ্যবিন্দুক বোলা হয় ।

2. π এটা পৰিমেয় সংখ্যা নহয় যদিও ই বাস্তব সংখ্যা। 120টা স্থানলৈ ইয়াৰ দশমিক মান—

3.14159 26535 89793 23846 26433 83279 50288 41971 69399 37510 58209 74944 59230 78164 06286 20899 86280 34825 34211 70679 82148 08651 32823 06647 ইয়াত থকা 0, 1, 3, 5 আৰু 7 এই অংকবোৰৰ বাৰ বাৰ্তা দেখুৱাই এখন তালিকা প্রস্তুত কৰা।

3. তলৰ সংখ্যাবোৰ ছাত্ৰ-ছাত্ৰীৰ গণিতৰ নম্বৰ। সংখ্যাবোৰ ঊর্ধ্বক্ৰমত সজোৱা।

92, 97, 69, 17, 44, 04, 39, 96, 80, 46, 21, 34, 57, 85, 69, 01, 64, 75 সমাংকবোৰ দহটা শ্ৰেণী অন্তৰালত ভাগ কৰি দেখুওৱা (তালিকা সজাব নালাগে)।

Answer:-

ঊর্ধ্বক্ৰমত = 01 , 04, 17, 21, 34, 39, 44, 46, 57, 64, 69, 69, 75, 80, 85, 92, 96, 97

অন্তৰালঃ- 0 -10 , 10 -20, 20-30, 30-40, 40-50, 50 -60, 60-70, 70-80, 80-90, 90 – 100

4. তলৰ তথ্যবোৰ 30জন ছাত্রই ইংৰাজীত পোৱা নম্বৰ (100ৰ ভিতৰত)।

20, 65, 51, 2, 15, 14, 79, 7, 44, 83, 10, 48, 9, 40, 23, 46, 28, 46, 39, 27, 13, 77, 88, 33, 81, 95, 55, 64, 49, 38

সমাংকবোৰ বাৰংবাৰতা তালিকা এখনত 10 দৈর্ঘ্যৰ শ্ৰেণী অন্তৰাল ধৰি প্ৰকাশ কৰা।

উত্তৰ দিয়া—

(a) কিমান ছাত্ৰই ইংৰাজীত উত্তীৰ্ণ হোৱা নাই (অর্থাৎ 30%ৰ তলত পাইছে?)

(b) কিমান ছাত্রই প্রথম বিভাগ (60% বা ওপৰত) পাইছে?

(c) কিমান ছাত্রই দ্বিতীয় বিভাগ (45% বা ওপৰত কিন্তু 60%ৰ তলত) পাইছে?

(d) কিমান ছাত্রই 80% বা ওপৰত পাইছে?

উত্তৰঃ-

(a) কিমান ছাত্ৰই ইংৰাজীত উত্তীৰ্ণ হোৱা নাই (অর্থাৎ 30%ৰ তলত পাইছে?)

উওৰঃ- 11 জন

(b) কিমান ছাত্রই প্রথম বিভাগ (60% বা ওপৰত) পাইছে?

উওৰঃ- 10 জন

(c) কিমান ছাত্রই দ্বিতীয় বিভাগ (45% বা ওপৰত কিন্তু 60%ৰ তলত) পাইছে?

উওৰঃ- 6 জন

(d) কিমান ছাত্রই 80% বা ওপৰত পাইছে?

উওৰঃ- 4 জন

5. কনজুনে পাশতি এটা 20বাৰ দলিয়াই তলৰ সংখ্যাবোৰ পালে।

4, 3, 2, 3, 1, 4, 1, 4, 3, 2, 5, 6, 5, 1, 2, 5, 4, 1, 3, 1

সমাক্ৰেবোৰ বাৰংবাৰ্তা তালিকা এখনত দেখুওৱা। কোনটো সংখ্যা আটাইতকৈ বেছি আৰু কোনটো সংখ্যা আটাইতকৈ কম সংখ্যক ওলাইছে?

উত্তৰঃ-

1 সংখ্যা আটাইতকৈ বেছি আৰু 6 সংখ্যা আটাইতকৈ কম সংখ্যক ওলাইছে

৬. তলৰ তথ্যবোৰ এটা শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰ-

25, 47, 30, 27, 25, 38, 12, 12, 18, 27, 42, 25, 30, 46, 27, 10, 30, 42, 18, 39, 42, 34, 6, 8, 25.

দৈৰ্ঘ্য 10 অন্তৰালত শ্ৰেণী ভাগ কৰি এখন বাৰংবাৰতা তালিকা প্রস্তুত কৰা।

স্তম্ভলেখ এটা আঁকি তথ্যখিনি বিচাৰ কৰা।

Answer:-

Leave a Reply

Your email address will not be published. Required fields are marked *