
ভাৰতবৰ্ষৰ ভূগোল
ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।
১। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান লিখা ।
উত্তৰ : ভাৰতবৰ্ষ ৮°৪/২৮/ উত্তৰৰ পৰা ৩৭°১৭′৫৩′ উত্তৰ অক্ষৰেখা আৰু ৬৮°৭′৩৩/ পূবৰ পৰা ৯৭°২৪/৪৭′ পূব দ্রাঘিমা ৰেখাৰ মাজত অৱস্থিত।
২। ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান ?
উত্তৰ : বঙ্গোপসাগৰ, আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰক সামৰি ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য হ’ল প্ৰায় ৬১০০ কিলোমিটাৰ ।
৩। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান?
উত্তৰ : পাকিস্তান, চীন, নেপাল, ভূটান, ম্যানমাৰ, বাংলাদেশৰ লগত সীমাৰেখা চুই থকা ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হ’ল প্ৰায় ১৫,২০০ কিল’মিটাৰ।
৪। ভাৰতৰ ভূ-খণ্ড সম্পর্কে এটি চমুটোকা লিখা ।
উত্তৰ : পৃথিৱীৰ বৃহত্তম মহাদেশ এছিয়াৰ দক্ষিণাংশত ভাৰত অৱস্থিত। ইয়াৰ উত্তৰে হিমালয় পর্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্রীলঙ্কা, পূবে বঙ্গোপসাগৰ আৰু ম্যানমাৰ, পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান। ভাৰতৰ ভূ-খণ্ড উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰীকালৈ আৰু পূবা-পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত। উত্তৰা-দক্ষিণাকৈ ভাৰতৰ ভূ-খণ্ড প্ৰায় ৩,২১৪ কিল’মিটাৰ আৰু পূবা-পশ্চিমাকৈ প্ৰায় ২,৯৩৩ কিল’মিটাৰ বিস্তৃত। ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে ৩,২,৮৭,২৬৩ বর্গ কিল’মিটাৰ। ভাৰতৰ মুঠ মাটিকালি পৃথিৱীৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ। এনে বিশাল আকাৰ আৰু বিস্তৃতিৰ বাবে ভাৰতক উপ-মহাদেশ বুলিও কোৱা হয়।
৫। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পার্থক্য লিখা ।
উত্তৰ:
উত্তৰ ভাৰত | দক্ষিণ ভাৰত |
(ক) উত্তৰ ভাৰতৰ নদীবোৰ হিমালয়ৰ বৰফাবৃত অঞ্চলৰ পৰা উৎপত্তি হোৱা বাবে গোটেই বছৰতে পানীৰ সোঁত থাকে। | (ক) দক্ষিণ ভাৰতৰ নদীবোৰ চাপৰ পৰ্বত আৰু মালভূমিৰ পৰা উৎপত্তি হোৱা বাবে খৰালি কালত প্রায়ে শুকাই যায়। |
(খ) উত্তৰ ভাৰতৰ নদীবোৰে বেছি গেদ পৰিবহণ কৰে আৰু গতি ধীৰ বাবে বিদ্যুৎ উৎপাদন কৰিব নোৱাৰি ৷ | (খ) দক্ষিণ ভাৰতৰ নদীবোৰ খৰস্ৰোতা বাবে গেদ কম পৰিমাণে বহন কৰে আৰু বিদ্যুৎ উৎপাদন কৰিব |
(গ) উত্তৰ ভাৰতৰ নদীবোৰৰ দৈৰ্ঘ্য বেছি বাবে নদীৰ মোহনাত বং দ্বীপৰ সৃষ্টি হয়। | (গ) দক্ষিণ ভাৰতৰ নদীবোৰৰ দৈৰ্ঘ্য পাৰি । কম আৰু গেদ্ কম পৰিমাণে বহন কৰে বাবে মোহনাত বদ্বীপ কম |
(ঘ) উত্তৰ ভাৰতৰ নদীবোৰৰ : অৱবাহিকাসমূহ বহল, পলসুৱা আৰু সাৰুৱা যাৰ বাবে জনসংখ্যা ঘন আৰু ডাঙৰ ডাঙৰ চহৰ গঢ়ি উঠিছে। |
(ঘ) দক্ষিণ ভাৰতৰ নদীবোৰৰ অৱবাহিকাবোৰ সিমান পলসুৱা আৰু সাৰুৱা নহয় যাৰ বাবে জনবসতি পাতল আৰু ডাঙৰ ডাঙৰ চহৰ গঢ়ি উঠিব পৰা নাই । |
৬। উত্তৰ ভাৰতৰ হিমালয় পার্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা।
উত্তৰ :
(ক) হিমালয়ৰ পাৰ্বত্য অঞ্চলটো কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পর্যন্ত বিস্তৃত হৈ আছে।
(খ) এই অঞ্চলটো ২,৫০০ কিল’মিটাৰ দীঘল আৰু প্ৰায় ২৪০ কিল’মিটাৰৰ পৰা ৫০০ কিল’মিটাৰ পৰ্যন্ত বহল ৷
(গ) এই পার্বত্য অঞ্চলটোই প্রায় ৫,০০,০০০ বর্গ কিল’মিটাৰ মাটিকালি আগুৰি আছে।
(ঘ) এই অঞ্চলটো বহুত নিযুত বছৰৰ পূৰ্বে টাৰচিয়েৰি যুগত সৃষ্টি হৈছিল ৷
(ঙ) এই অঞ্চলৰ পৰ্বতবোৰ ভঙ্গিল পর্বতৰ শ্ৰেণীভুক্ত। এই পর্বতবোৰ কোমল শিলাৰে গঠিত।
(চ) এই অঞ্চলত ভালেমান তুষাৰ নৈ দেখিবলৈ পোৱা যায়। এইবোৰে উত্তৰ
ভাৰতৰ পৰা ওলোৱা নদীবোৰক পানী যোগান ধৰে ।
(ছ) পূবা-পশ্চিমাকৈ এই অঞ্চলটোক (১) উচ্চ হিমালয় (২) নিম্ন হিমালয় আৰু (খ) বহিঃ হিমালয় এই তিনি ভাগত ভগোৱা হয়।
(জ) এই অঞ্চলৰ পৰ্বত শ্ৰেণীৰ গড় উচ্চতা প্রায় ৬,০০০ মিটাৰ।
(ঝ) বহিঃ হিমালয় পর্বত শ্রেণী কিছু চাপৰ আৰু গড় উচ্চতা প্রায় ১০০০ মিটাৰ যি অংশ গঙ্গা আৰু ব্ৰহ্মপুত্ৰ সমভূমিৰ লগত মিলিছে।
(ঞ) বহিঃ হিমালয়ক ঠায়ে ঠায়ে শিৱালিক বুলিও কয় ।
৭। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা ।
উত্তৰ : (ক) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল উত্তৰৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজত অৱস্থিত।
(খ) এই অঞ্চল অসমৰ পৰা পাকিস্তানলৈ প্ৰায় ২,৪০০ কিল’মিটাৰলৈ বিস্তৃত। ইয়াক সেয়েহে সিন্ধু-গঙ্গা-ব্রহ্মপুত্ৰ সমভূমি বুলি জনা যায়।
(গ) এই সমভূমি ঠায়ে ঠায়ে ২৪০ৰ পৰা ৩২০ কিল’মিটাৰ আৰু অসমত ইয়াৰ প্ৰস্থ প্রায় ৮০ কিল’মিটাৰ হোৱা দেখা যায়।
(ঘ) পশ্চিম সমভূমি, পঞ্জাব, হাৰিয়ানা সমভূমি, গঙ্গা সমভূমি, উত্তৰবঙ্গ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমিক লৈ এই সমভূমি গঠিত হৈছে।
(ঞ) সিন্ধু, গঙ্গা আৰু ব্ৰহ্মাপুত্ৰ এই তিনিওখন বৃহৎ নদীয়েই এই সমভূমিৰ মাজেদি বৈ গৈছে।
(ট) এই সমভূমি প্রায় ৩,৫৭,০০০ বৰ্গ কিল’মিটাৰ পৰ্যন্ত বিয়পি আছে।
(ঠ) এই সমভূমি যথেষ্ট সাৰুৱা, পলসুৱা বাবে খেতিৰ বাবে যথেষ্ট উপযোগী।
(ড) এই অঞ্চলত যাতায়াতৰ সকলো সুবিধা থকা বাবে বেহা-বেপাৰ ব্যাপকভাৱে গঢ়ি উঠিছে।
(ঢ) এই সমভূমিত জনবসতি যথেষ্ট ঘন।
(ণ) এই সমভূমি অঞ্চলত ডাঙৰ ডাঙৰ চহৰাঞ্চল গঢ়ি উঠিছে।
৮। ভাৰতৰ ভূ-প্রাকৃতিক ভাগকেইটা কি কি?
উত্তৰ : ভাৰতৰ ভূ-প্রাকৃতিক গঠন অনুসৰি মুঠতে চাৰিটা ভাগত ভগোৱা হৈছে।
যেনে— (ক) উত্তৰৰ হিমালয় পার্বত্য অঞ্চল (খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল (গ) দাক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূলীয় অঞ্চল ।

৯। দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা ।
উত্তৰ :
(ক) ভাৰতৰ দক্ষিণ অংশত অৱস্থিত দাক্ষিণাত্য মালভূমি অঞ্চল দেখাত এটা নিজৰ দৰে।
(খ) এই মালভূমি অঞ্চলটো পৰণি কঠিন শিলাৰে গঠিত আৰু উত্তৰৰ মালবা মালভূমি, বিন্ধ্য পর্বত আৰু উত্তৰ-পূবৰ ছোটনাগপুর মালভূমিক সামৰি এই অঞ্চলটো
গঠিত হৈছে।
(গ) বিন্ধ্য, সাতপুৰা, মহাদেব, মহাকাল পর্বতমালাই এই সমগ্র মালভূমি অঞ্চলক উত্তৰ আৰু দক্ষিণ—এই দুই অংশত ভাগ কৰিছে।
(ঘ) এই মালভূমি অঞ্চলৰ পূব অংশত পূর্বঘাট নামৰ আৰু পশ্চিম অংশত পশ্চিমঘাট নামৰ দুশাৰী পৰ্বত শ্রেণী আছে।
(ঙ) এই মালভূমিব পশ্চিমঘাট অঞ্চল ওখ হোৱাৰ বিপৰীতে পূর্বঘাট অঞ্চল ক্ৰমান্বয়ে চাপৰ হোৱা দেখা যায়, যাৰ বাবে এই অঞ্চলৰ প্ৰায়ভাগ নদী যেনে— মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী পশ্চিমৰ পৰা উৎপত্তি হৈ পূবৰ বঙ্গোপসাগৰত পৰিছে ।
(চ) কিন্তু বিন্ধা আৰু সাতপুৰা পৰ্বতৰ মাজৰ অঞ্চলটো পূবৰ পৰা পশ্চিমলৈহে ঢাল খোৱা যাৰ বাবে এই অঞ্চলৰ দুখন প্ৰধান নদী নর্মদা আৰু তাপ্তী পূবৰ পৰা পশ্চিমলৈ বৈ গৈ কাছে উপসাগৰত পৰিছে।
১০। উপকূল অঞ্চলৰ বৈশিষ্ট্য লিখা।
উত্তৰ :
(ক) ত্রিভুজাকাৰ দক্ষিণ-ভাৰতৰ সাগৰৰ পাৰে পাৰে উপকূল অঞ্চল অৱস্থিত। সেয়েহে বঙ্গোপসাগৰ আৰু আৰৱ সাগৰলৈ এই উপকূল অঞ্চল বিস্তৃত।
(খ) সাগৰৰ পৃষ্ঠৰ পৰা এই অঞ্চলৰ উচ্চতা প্রায় ৩০ মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত।
(গ) এই উপকূল অঞ্চল দীঘলীয়া, কিন্তু যথেষ্ট ঠেক।
(ঘ) অৱস্থিতিৰ ফালৰ পৰা ইয়াক পূব উপকূল আৰু পশ্চিম উপকূল এই দুভাগত ভগাব পাৰি।
(ঙ) পূর্ব উপকূল অঞ্চলটো এফালে বঙ্গোপসাগৰ আৰু আনফালে পূর্বঘাট পর্বত শ্ৰেণীৰ মাজত অৱস্থিত আৰু ই ১,১০০ কিল’মিটাৰ দীঘল আৰু প্ৰস্থই গড়ে ১২০ কিল’মিটাৰ।
(চ) এই অঞ্চল পশ্চিম উপকূলতকৈ বেছি বহল আৰু সাৰুৱা ।
(ছ) এই উপকূলত চিঙ্কা, কোলাৰ আৰু পলিকট নামে তিনিটা হ্রদ আছে।
(ভ) পূব উপকূলটোৰ উত্তৰ আৰু দক্ষিণ অংশ দুটা সুকীয়া নামোর পরিচিত। উত্তৰ অংশটোৰ নাম উত্তৰ চৰকাৰ উপকূল আৰু দক্ষিণৰ অংশটা বণ্ডল উপকূল নামেৰেজনাজাত ।
(ঝ) পশ্চিম উপকূলটো কাম্বে উপসাগৰৰ পৰা দক্ষিণে কুমাৰীকালে বিস্তৃত। এই উপকূলটো দীঘল কিন্তু ঠেক। ইয়াৰ দৈৰ্ঘ্য যদিও প্ৰায় ১,৫০০ কিল’মিটাৰ কিন্তু প্রস্বই ই ১০ কিল’মিটাৰৰ পৰা প্ৰায় ১৫ কিল মিটাৰহে ।
(ঞ) এই উপকূল অঞ্চলৰ উত্তৰ অংশটোৰ নাম কঙ্কণ উপকূল আৰু দক্ষিণ অংশটোক মালাৱাৰ উপকূল নামে জনা যায়।
১১। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা ।
উত্তৰ :
(ক) ভাৰত এখন বিশাল উপমহাদেশ যাৰ ভূ-প্রকৃতিও বেলেগ। সেইবাবে ইয়াৰ জলবায়ুও একে নহয় ।
(খ) অৱস্থানৰ বাবে অঞ্চল ভেদে ইয়াৰ উষ্ণতা, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতাৰ তাৰতম্যৰ বাবে জলবায়ুও বেলেগ বেলেগ হোৱা দেখা যায় ৷
(গ) ভাৰতৰ বিশাল আকৃতি, বিষুৱ ৰেখাৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ কম- বেছি প্ৰাৱল্যৰ বাবেই ভাৰতৰ জলবায়ুত ভিন্নতা দেখা যায়।
(ঘ) ভাৰতৰ প্ৰায় মাজেদি কর্কটক্রান্তিয়ে উত্তৰ আৰু দক্ষিণ এই দুভাগত ভাগ কৰিছে। উত্তৰৰ অংশটো সমমণ্ডলত আৰু দক্ষিণৰ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে যাৰ বাবে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰম বেছি ।
(ঙ) ভাৰতৰ ভূ-পৃষ্ঠৰ উচ্চতা সকলো ঠাইতে একে নহয়। ভূ-পৃষ্ঠৰ উচ্চতাৰ এই ভিন্নতাৰ বাবেও ইয়াৰ জলবায়ু সকলোতে একে নহয়। উদাহৰণস্বৰূপে একে অক্ষাংশত অৱস্থিত যদিও আগ্রা আৰু দার্জিলিঙৰ জলবায়ু একে নহয় দুয়োখন ঠাইৰ উচ্চতাৰ ভিন্নতাৰ বাবে।
(চ) হিমালয় পর্বতশ্রেণীৰ উচ্চতাই উত্তৰ দিশৰ পৰা অহা চেঁচা বতাহক বাধা দিয়াৰ বাবে উত্তৰ ভাৰতৰ জলবায়ু অধিক শীতল হোৱাৰ পৰা ৰক্ষা পৰিছে।
(ছ) দক্ষিণ ভাৰত গ্ৰীষ্ম মণ্ডলত অৱস্থিত যদিও সাগৰৰ সান্নিধ্যৰ বাবে জলবায়ু কিছু পৰিমাণে মৃদু হোৱা দেখা যায়।
১২। মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা ।
উত্তৰ : গ্ৰীষ্ম আৰু শীতকালত ভাৰতৰ ওপৰেদি বোৱা মৌচুমী বতাহৰ বিশেষ তাৎপর্য আছে। গ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্রবাহিত হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্রবাহিত হৈ ভাৰতত সোমায়। এই বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা অহা বাবে ইয়াৰ নাম দক্ষিণ- পশ্চিম মৌচুমী বায়ু বুলি জনা যায়। আৰৱ সাগৰৰ ওপৰেদি বৈ আহোতে প্ৰচুৰ পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা বাবে ই পশ্চিমঘাট পৰ্বতত বাধা পাই ওপৰলৈ উঠে আৰু শীতল হৈ সেই অঞ্চলত প্ৰবল বৰষুণ দিয়ে। গতিকে পশ্চিম উপকূলৰ কঙ্কণ আৰু মালাৱাৰ উপকূলত বছৰি ৩০০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। এই বায়ুৰে এটা অংশ পশ্চিমঘাট পর্বত পাৰ হৈ বঙ্গোপসাগৰৰ ওপৰেদি অধিক জলবায়ু আহৰণ কৰি উত্তৰ- পূবলৈ গতি কৰে আৰু এনেকৈয়ে মেঘালয়ৰ পৰ্বতমালাত ঠেকা খাই চেৰাপুঞ্জী অঞ্চলত অৱস্থিত মৌচিনৰাম নামৰ ঠাইত আটাইতকৈ বেছি বৰষুণ হয়। বছৰি প্ৰায় ১২৫০ চেণ্টিমিটাৰ।
আনহাতে উত্তৰ-পূব মৌচুমী বায়ুৱে মধ্য এছিয়াৰ পৰা শীতকালত উত্তৰ-পূব দিশেৰে ভাৰতলৈ প্ৰৱেশ কৰে। এই বায়ু চেঁচা যদিও হিমালয়ৰ স্থলভাগেদি অহা বাবে এই বতাহ শুকান আৰু জলীয় বাষ্পহীন হোৱা বাবে বৰষুণ নহয়। কিন্তু এই বায়ু বঙ্গোপসাগৰৰ ওপৰেদি বৈ যাওঁতে কিছু জলীয় বাষ্প আহৰণ কৰে আৰু সেইবাবে এই বতাহ যেতিয়া পূর্বঘাট পর্বতত ঠেকা খায় তেতিয়া দক্ষিণৰ কৰমণ্ডল উপকূলত বৰষুণ হয়।
১৩। ভাৰতৰ বৰষুণৰ বিতৰণ সম্পর্কে এটি আভাস দিয়া।
উত্তৰ : ভাৰত এখন কৃষিপ্রধান দেশ হিচাপে ইয়াত বৰষুণৰ গুৰুত্ব যথেষ্ট তাৎপৰ্যপূৰ্ণ যদিও সমগ্ৰ দেশতে বৰষুণৰ পৰিমাণ সমান নহয়। ভাৰতত বিশেষকৈ দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ পৰাহে বৰষুণ হয়। এই ক্ষেত্ৰত উত্তৰ-পূব মৌচুমী বতাহৰ পৰা বেছি বৰষুণ নহয় । ভাৰতত বৰষুণৰ পৰিমাণ সকলো ঠাইতে সমান নহয় বাবেই ৰাজস্থানৰ থৰ্ মৰভূমি অঞ্চল য’ত বৰষুণ নহয় আৰু মেঘালয়ৰ চেৰাপুঞ্জী অঞ্চল য’ত বিশ্বৰ ভিতৰতে বেছি বৰষুণ হোৱা দেখা যায়। সেয়েহে উত্তৰ-পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশত আৰু পশ্চিমঘাট পর্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয়। উক্ত অঞ্চলবোৰত বছৰি গড়ে প্রায় ৩০০ চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয়। অৰুণাচল প্ৰদেশৰ বহিঃ হিমালয় অঞ্চলত বৰষুণৰ পৰিমাণ বছৰি প্ৰায় ৪০০ চেণ্টিমিটাৰতকৈও বেছি হোৱা দেখা যায়।কিন্তু ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ্ মৰুভূমিৰ আশে-পাশে বছৰি গড়ে ৫০ চেণ্টিমিটাৰতকৈ কম আৰু কেতিয়াবা ২০ চেণ্টিমিটাৰতকৈও কম বৰষুণ হোৱা দেখা . যায়। সেই ধৰণে দাক্ষিণাত্যৰ মালভূমি অঞ্চলৰ উত্তৰ-পশ্চিম অংশত আৰু গুজৰাট অঞ্চলতো বৰষুণ একেবাৰে কম; বছৰি প্ৰায় ৫০-ৰ পৰা ১০০ চেণ্টিমিটাৰহে বৰষুণ হয় । আনহাতে গঙ্গা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণ মধ্যমীয়া হয়, বছৰি গড়ে ১০০- ৰ পৰা ২০০ চেণ্টিমিটাৰ বৰষুণ হয় ।
১৪। ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে লিখা ।
উত্তৰ : প্ৰাকৃতিক পৰিৱেশ অটুট ৰখাৰ বাবে উদ্ভিদ জগতৰ অৱদান বহুত। সাধাৰণতে মাটিৰ গুণা-গুণ আৰু বৰষুণৰ তাৰতম্যৰ ওপৰতে উদ্ভিদৰ প্ৰকাৰ বেলেগ বেলেগ হয় ৷ সেইফালৰ পৰা ভাৰতৰ উদ্ভিদ জগতক ৬ভাগত ভগোৱা হৈছে। যেনে—(ক) চিৰসেউজীয়া উদ্ভিদ (খ) মৌচুমীয় উদ্ভিদ (গ) কাঁইটীয়া’ মৰু উদ্ভিদ, (ঘ) তৃণ-জাতীয় উদ্ভিদ (ঙ) ব-দ্বীপীয় উদ্ভিদ আৰু (চ) পাৰ্বত্য উদ্ভিদ ।
(ক) চিৰসেউজীয়া উদ্ভিদঃ- ২০০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা আৰু ২৫° চেণ্টিগ্ৰেডতকৈ অধিক উষ্ম অঞ্চলত ওখ গছ-গছনিৰে ভৰা চিৰসেউজীয়া উদ্ভিদৰ অঞ্চল দেখা যায়। গছবোৰ ৪৫. মিটাৰতকৈ বেছি ওখ হয়। পশ্চিমঘাট পর্বতৰ পশ্চিম ঢাল, অৰুণাচল, অসম, মণিপুৰ, মিজোৰাম, আন্দামান-নিকোবৰ দ্বীপপুঞ্জত চিৰসেউজীয়া উদ্ভিদ দেখা যায়। বাঁহ, বেত, ঢেকীয়া, শিশু, চন্দন, ৰবৰ এই শ্ৰেণীৰ উদ্ভিদ।
(খ) মৌচুমীয় উদ্ভিদঃ- বছৰি ১০০-ৰ পৰা ২০০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱা আৰু ২৭° চেণ্টিগ্ৰেডৰ অধিক উষ্ম অঞ্চল সামৰি ভাৰতৰ অধিকাংশ ঠাইতে এই মৌচুমীয় উদ্ভিদ পোৱা যায়। মৌচুমী বতাহৰ পৰা হোৱা বৰষুণৰ পৰা এই উদ্ভিদ হয় বাবে ইয়াক মৌচুমীয় উদ্ভিদ বোলে। শাল, চেগুণ, শিশু, অর্জুন, শিমলু, শিৰিশ আদি গছ এই ধৰণৰ উদ্ভিদ। অসম, বঙ্গ, বিহাৰ, উত্তৰ প্ৰদেশ, হিমাচল, মধ্যপ্রদেশ, তামিলনাড়ু, পশ্চিমঘাট, পূর্বঘাট আদি ঠাইত এই উদ্ভিদ যথেষ্ট পোৱা যায় ৷
(গ) কাঁইটীয়া মৰু উদ্ভিদঃ- বছৰি গড়ে ৫০ চেণ্টিমিটাৰতকৈ কম বৰষুণ পৰা মৰু অঞ্চলত এইজাতীয় কাঁইটীয়া মৰু উদ্ভিদ পোৱা যায়। এই উদ্ভিদৰ পাতবোৰ গোটা আৰু কাঁইটীয়া হয়। ৰাজস্থানৰ থৰ্ মৰুভূমিৰ আশে-পাশে পোৱা কেক্টাছ্, খৈজুৰী, বগৰী আদি এই শ্ৰেণীৰ উদ্ভিদ।
(ঘ) তৃণজাতীয় উদ্ভিদঃ- ৫০-ৰ পৰা ১০০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱা অঞ্চল যেনে— উত্তৰ ভাৰত, পঞ্জাৱ, ৰাজস্থান, দক্ষিণৰ অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰত এই তৃণজাতীয় উদ্ভিদ যেনে—নল, খাগৰি, ইকৰা আদি পোৱা যায় ৷
(ঙ) ব-দ্বীপীয় উদ্ভিদঃ- কচ্ছৰ উপকূল অঞ্চল, গঙ্গা, ব্রহ্মপুত্র, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী অদি নদীৰ মোহনাত সৃষ্টি হেৱা ব-দ্বীপবোৰত যিবোৰ উদ্ভিদ দেখা যায় যেনে—সুন্দৰী তাল, নাৰিকল আদিকে এনে উদ্ভিদ বোলে।
(চ) পার্বত্য উদ্ভিদ : হিমালয়ৰ ছিৱালিক পর্বতমালা আৰু যিবোৰ ঠাইৰ গড়ে উচ্চতা ১০০০ মিটাৰতকৈ বেছি ওখ, তেনেবোৰ অঞ্চলত এই উদ্ভিদ পোৱা যায়। কাশ্মীৰ, হিমাচল, উত্তৰাঞ্চল, দার্জিলিং, ছিকিম আদি ঠাইত এই উদ্ভিদ জন্মে। ওক্ আৰু সৰল তথাদেৱদাৰু আদিবোৰ পাৰ্বত্য উদ্ভিদ।
১৫। ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ-
(ক) যিবোৰ অঞ্চলত বছৰি গড়ে ২০০ চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয় আৰু তাপমাত্রা ২৫°-২৭° চেণ্টিগ্রেড হয় তেনে ঠাইবোৰত চিৰসেউজীয়া উদ্ভিদ হয়।
(খ) এই গছবোৰ ৪৫ মিটাৰ পৰ্যন্ত ওখ হয় আৰু গছৰ পাত নসৰে বাবে ডাঠ অৰণ্যৰ সৃষ্টি কৰে ৷
(গ) ওখ ওখ গছৰ লগতে বাঁহ, বেত, লতাজাতীয় গছবোৰৰ প্ৰাধান্যৰ বাবে এই অঞ্চলবোৰ অটব্য অৰণ্যত পৰিণত হয়। ওখ, চাপৰ দুয়োবিধ উদ্ভিদ থাকে।
(ঘ) শাল, শিশু, চন্দন, ৰবৰ আদি অতি মূল্যৱান গছেৰে এই অঞ্চল ভৰি থাকে। (ঙ) এই অঞ্চলৰ অটব্য অৰণ্যৰ বাবে বৰষুণ বেছিকৈ হয়।
১৬। ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা ।
উত্তৰ : (ক) বহিঃ হিমালয়ৰ শিৱালিক পৰ্বতকে ধৰি যিবোৰ পৰ্বতৰ উচ্চতা ১০০০ মিটাৰতকৈ বেছি তেনে উচ্চতা থকা পৰ্বতত এনে ধৰণৰ পাৰ্বত্য উদ্ভিদ দেখিবলৈ পোৱা যায়।
(খ) পাৰ্বত্য উদ্ভিদৰ ভিতৰত শাল, ওক্, সৰল, দেৱদাৰু আদি অতি মূল্যৱান গছ-গছনি দেখা যায় ।
(গ) উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্বতত বিশেষকৈ সৰলজাতীয় গছ বেছিকৈ পায় ।
(ঘ) কাশ্মীৰ, হিমাচল, উত্তৰাঞ্চল, দাৰ্জিলিং, ছিকিমৰ পৰ্বতত অধিক পার্বত্য উদ্ভিদ পোৱা যায় ৷
১৭। ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান আৰু ঘনত্ব কিমান?
উত্তৰ : (ক) বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহত্তম জনসংখ্যাৰে ভাৰত এখন জনবহুল দেশ। ২০১১-ৰ লোকপিয়ল মতে ইয়াৰ জনসংখ্যা ১২১ কোটিতকৈ বেছি (১,২১,০১,৯৩,৪২২জন)।
(খ) ভাৰতৰ এই বৃহৎ জনসংখ্যা বিশ্বৰ মুঠ জনসংখ্যাৰ ১৭.৫ শতাংশ।
(গ) বিশ্বৰ মুঠ মাটিকালিৰ মাত্ৰ ২.৪ শতাংশহে ভাৰতত আছে আৰু জনসংখ্যা আছে
(ঘ) ১৯০১ চনত ভাৰতৰ জনসংখ্যা ২৩.৮৪ কোটি আৰু ২০১১ চনত এই সংখ্যা হয়গৈ ১২১ কোটি।
(ঙ) ১৯০১ চনত জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিল’মিটাৰত মাত্ৰ ৭৭ জন। কিন্তু ২০১১ চনত এই জনসংখ্যা হয়গৈ ৩৮২জন।
১৮। জনপ্রব্রজন কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰ :
(ক) মানুহে সুবিধাৰ সন্ধানত স্থায়ী বা অস্থায়ী ৰূপত বাসস্থান সলাই এঠাইৰ পৰা আন ঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন বোলে।
(খ) সাধাৰণতে সম্পদ অভাৱী ঠাইৰ পৰা সম্পদশালী ঠাইলৈ জনপ্ৰব্ৰজন ঘটে।
(গ) জনপ্ৰব্ৰজনৰ বৈশিষ্ট্য চাই ইয়াক দুই ভাগত ভাগ কৰা হয়, যেনে— (১) আভ্যন্তৰীণ আৰু (২) বাহ্যিক প্ৰব্ৰজন ।
(ঘ) দেশৰ ভিতৰতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ হোৱা প্ৰব্ৰজনক আভ্যন্তৰীণ প্ৰব্ৰজন বোলে। কিন্তু এখন দেশৰ পৰা আন এখন দেশলৈ হোৱা প্ৰব্ৰজনক বাহ্যিক প্ৰব্ৰজন বোলে। বাহ্যিক প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনো বোলা হয়।
(ঙ) আভ্যন্তৰীণ প্ৰব্ৰজন ৪ ধৰণে হয়, যেনে— (১) এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ, (২) গাঁৱৰ পৰা চহৰলৈ, (৩) চহৰৰ পৰা গাঁৱলৈ আৰু (৪) এখন চহৰৰ পৰা আন এখন চহৰলৈ।
১৯। ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যবোৰ কি ?
উত্তৰ : (ক) বৰ্তমান সময়ত ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্য হ’ল ৭টা, যেনে— (১) নিম্ন জনমূৰি আয় (২) জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি (৩) অত্যধিক জনসংখ্যা বৃদ্ধিৰ চাপ (৪) দৰিদ্ৰতা বৃদ্ধি (৫) কৃষি নিৰ্ভৰশীলতা (৬) বর্ধিত নিবনুৱা সমস্যা বৃদ্ধি আৰু (৭) পৰিকল্পনাভিত্তিক উন্নয়ন।
*. (খ) মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে ভাগ কৰি জনমূৰি আয় নিৰ্ধাৰণ কৰা হয় ৷ মানুহৰ জীৱনৰ মানদণ্ডৰ প্ৰধান সূচক হ’ল তেওঁৰ আয়। ভাৰতত এজন মানুহৰ বৰ্তমান অন্ন, বস্ত্র, বাসস্থানৰ বাবে হোৱা খৰচৰ তুলনাত তেওঁৰ জনমূৰি আয় তেনেই কম। অতি দুখ-কষ্টেৰে জীৱন-নিৰ্বাহ কৰা ভাৰতীয় লোকৰ জনমূৰি আয়ৰ বৃদ্ধি অতি মন্থৰ হোৱা দেখা যায় ।
(গ) অত্যধিক জনসংখ্যা বৃদ্ধিৰ চাপে ভাৰতীয় অর্থনীতিক কোঙা কৰি পেলাইছে। ২০১১ চনৰ লোকপিয়লৰ হিচাপ অনুসৰি ভাৰতৰ জনসংখ্য ১২১ কোটিতকৈ বেছি। এই বৃহৎ সংখ্যাৰ পাৰদৰ্শিতাহীন জনসংখ্যাৰ চাপে ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে।
২০। ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চলকেইটা কি কি ?
উত্তৰ : ভাৰতত মুঠ ২৯খন পূর্ণাঙ্গ প্রদেশ আৰু ৭খন কেন্দ্ৰীয়শাসিত অঞ্চল আছে। এই ৭খন কেন্দ্রীয়শাসিত অঞ্চল হ’ল, যেনে—(ক) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ (খ) চণ্ডীগড় (গ) দিল্লী (ঘ) দাদ্ৰা আৰু নগৰ হাভেলী (ঙ) ডমন আৰু ডিউ (চ) লাক্ষাদ্বীপ আৰু (ছ) পণ্ডিচেৰী ৷
২১। ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন?
উত্তৰ : ২৯খন।
২২। ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি?
উত্তৰ : তেলেঙ্গানা,
ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD।ভাৰতবৰ্ষৰ ভূগোল Class 9। সমাজ বিঞ্জানৰ সমাধান। Social Science Chapter 8 Solution। SEBA BOARD