পাঠভিত্তিক প্রশ্নোত্তৰ (page no. 200)
1. এটা বৈদ্যুতিক বর্তনী বুলিলে কি বুজা?
Ans. বৈদ্যুতিক বৰ্তনী হৈছে বিভিন্ন বৈদ্যুতিক সজুলিৰ এক বৈদ্যুতিক সংযোগ যেনে : 1) কোষ 2)ছাবি 3) বৈদ্যুতিক তাৰ 4) এমিতাৰ 5)বাল্ব etc.

2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া।
Ans:- বিদ্যুৎ প্ৰৱাহৰ এছ. আই একক হ’ল এম্পিয়াৰ।
এক এম্পিয়াৰঃ- যদি কোনো পৰিবাহিৰ মাজাৰে প্ৰতি ছেকেন্ডত এক কুলম্ৱ আধান চালিত হয় তেন্তে পৰিবাহিডালৰ মাজেৰে চালিত প্ৰবাহৰ পৰিমান এক এম্পিয়াৰ বোলে
\(1A = \frac{1C}{1 sec}\)
3. এক কুলম্ব আধান হ’বলৈ প্ৰয়োজন হোৱা ইলেকট্রনৰ সংখ্যা গণনা কৰা ।
Ans:- আমি জানো যে,
⇒1.6 × 10⁻¹⁹ C = 1 electron
⇒ \(1C = \frac{1}{1.6 × 10⁻¹⁹}\) electron
⇒ \(1C = 6 × 10^{18}\) electron
পাঠভিত্তিক প্রশ্নোত্তৰ (page no -202)
1. পৰিবাহীৰ দুটা প্ৰান্তৰ মাজত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা
Ans. এটা বেটাৰী বা বিদ্যুৎ কোষ ।
2. দুটা বিন্দুৰ মাজৰ বিভবভেদ l ভল্ট বুলি ক’লে কি বুজায়?
Ans. বিদ্যুৎ সযোগী পৰিবাহী এডালৰ এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ এক কুলম্ব আধান নিওঁতে কৰা কাৰ্যৰ পৰিমান 1 জুল হয় তেন্তে বিন্দু দুটাৰ মাজৰ বিভৱভেদৰ পৰিমান হব l ভল্ট ।
3. 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়?
Ans. দিয়া আছে ,
আধানৰ পৰিমাণ (Q) = 1C ,
বিভৱ ভেদ = 6V , বিদ্যুৎ শক্তি = ?
আমি জানো যে,
⇒\(V = \frac{W}{Q}\)
⇒ \(W = V×Q\)
⇒ \(W = 6×1\)
⇒ \(W = 6 joule\)
পাঠভিত্তিক প্রশ্নোত্তৰ (page no 209)
1.পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
Ans. এডাল পৰিবাহীৰ ৰোধ তলত দিয়া কাৰকবোৰৰ ওপৰত নিৰ্ভৰ কৰে—
[i] তাঁৰ ডালৰ দৈৰ্ঘ্য।
[ii] তাঁৰ ডালৰ প্রস্থচ্ছেদ।
[iii] তাঁৰৰ পদাৰ্থৰ গুণাগুণ।
[iv] উষ্ণতা।
2. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্রবাহ চালিত হয় ? আৰু কিয়?
Ans:- শকত তাৰডালত বেছি সহজে প্ৰবাহ চালিত হয় কাৰণ কোনো পৰিবাহীৰ ৰোধৰ পৰিমাণ প্ৰস্থচ্ছেদৰ কালিৰ লগত ব্যস্তসমানুপাতিক গতিকে শকত তাৰৰ ৰোধ কম হয় আনহাতে ক্ষীণ তাৰৰ ৰোধ বেছি ।
3. ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিবৰ্ত্তন হ’ব?
Ans. বিভৱভেদৰ লগত প্ৰবাহৰ মান সমানুপাতিক [V∝ I] গতিকে প্রবাহিত বিদ্যুৎৰ পৰিমাণ আধা হ’ব।
4. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়?
Ans. পাউকটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিত থকা কুণ্ডলীবোৰ (Coils) সংকৰ ধাতুৰে গঢ়া হয়। ইয়াৰ কাৰণবোৰ হ’ল–
[i] সংকৰ ধাতুৰ আপেক্ষিক ৰোধ, মৌলিক ধাতুতকৈ অধিক গতিকে সঁজুলিবিলাক সোনকালে অধিক গৰম হয়।
[ii] অত্যাধিক তাপত সংকৰ ধাতুৰ জাৰণ নহয়।
5. তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া—
(a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী?
(b) কোনটো পদার্থ আটাইতকৈ ভাল পৰিবাহী?
Ans. (a) লো আৰু পাৰাৰ ভিতৰত লো ভালপৰিবাহী [ আপেক্ষিক ৰোধ = 10.0 × 10⁻⁸ Ωm ]
(b) ছিলভাৰ আটাইতকৈ ভাল পৰিবাহী [ আপেক্ষিক ৰোধ = 1.60 × 10⁻⁸ Ωm ]
পাঠভিত্তিক প্রশ্নোত্তৰ (page no 213)
1. প্ৰতিটোৰে 2V কৈ তিনিটা কোষৰ এটা বেটেৰেী, এটা 5Ω ৰ ৰোধক, এটা 8Ω ৰ ৰোধক, এটা 12Ω ৰ ৰোধক আৰু এটা প্লাগ চাবি (ছুইচ) শ্রেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্ত্তনীৰ নক্সা অংকন কৰা।
Ans. বৈদ্যুতিক বর্তনী তলত দিয়া হ’ল
2. ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 12Ω ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্ট ‘মিটাৰ সংযোগ কৰি 1 নং প্রশ্নত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ’ব?
Ans:-
বৰ্তনীটোৰ মুঠ ৰোধ (R) = 5 + 8 +12 = 25Ω
বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহৰ মান
\(I =\frac{V}{R}\)
\( =\frac{6}{25}\) = 0.24 A
ভ’ল্টমিটাৰৰ পাঁঠ,
V = IR
= 0.24 × 12
= 2.88 V
পাঠভিত্তিক প্রশ্নোত্তৰ(Page no 216)
1.নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজন ৰোধ নির্ণয় কৰা।– (a) 1Ω আৰু 10⁶Ω, (b) 1Ω, 10³Ω আৰু 10⁶Ω.
Ans. যেতিয়া ৰোধবোৰ সমান্তৰালভাবে সজ্জিত কৰা হয়, তেতিয়া সমতুল্যবোধৰ মান সবাতোকৈ সৰু বোধতকৈ সৰু হয়।
(a) ধৰো, ৰোধকেইটা
\(R_1 = 1Ω , R_2 = 10⁶Ω \)
∴ \(\frac{1}{R} = \frac{1}{R_1} + \frac{1}{R_2} \)
⟹ \(\frac{1}{R} = \frac{1}{1} + \frac{1}{10^6} \)
⟹ \(\frac{1}{R} = \frac{10^6 + 1}{10^6}\)
⟹ \(R = \frac{10^6 }{10^6 + 1}\)
⟹ \(R = \frac{10^6 }{100001}\) ≈ 1
2. 100Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220V উৎসৰ লগত সমান্তৰালভাবে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্রি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ’ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ’ব?
Ans.
বৈদ্যুতিক বাল্বৰ ৰোধ, R₁ =100Ω
পাউৰুটি সেকা সঁজুলি এটাৰ ৰোধ R₂ = 50Ω
পানীৰ ফিল্টাৰৰ ৰোধ, R₃ = 500Ω
∴ \(\frac{1}{R} = \frac{1}{R_1} + \frac{1}{R_2} + \frac{1}{R_3}\)
⟹ \(\frac{1}{R} = \frac{1}{100} + \frac{1}{50} +\frac{1}{500}\)
⟹ \(\frac{1}{R} = \frac{5 + 10 + 1}{500}\)
⟹ \(\frac{1}{R} = \frac{16 }{500}\)
⟹ \(R = \frac{500 }{16}\) Ω
∴ ইস্ত্ৰিটোৰ মাজেৰে চালিত প্রবাহ,
⟹ \(I =\frac{V}{R}\)
⟹ \(I =\frac{220}{500/16}\)
⟹ \(I =\frac{220*16}{500}\)
⟹ \(I = 7.04 A\)
3. এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয়?
Ans. এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰাৰ সুবিধাসমূহ হল—-
১) শ্ৰেণীবদ্ধ সজ্জাৰ তুলনাত সমান্তৰল সজ্জাত ৰোধৰ পৰিমান কম হয় ।
২) শ্ৰেণীবদ্ধ সজ্জাৰ তুলনাত সমান্তৰল সজ্জাত প্ৰতিটো বৈদ্যুতিক সজুলিৰ বাবে প্ৰয়োজন অনুসৰি বেলেগ বেলেগ প্ৰবাহ পায় ।
৩) যদি যিকোনো এটা সজুলি বিকল হৈ যায তেন্তে বাকিবোৰ সজুলি বিকল হৈ নাযায় ।
4. 2Ω, 3Ω আৰু 6Ω ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ
(a) 4Ω আৰু
(b) 1Ω পোৱা যাব?
Solution:-
(a) 4Ω
সমতূল্য ৰোধ 4Ω পাবলৈ 3Ω আৰু 6Ω ৰোধ দুটাক সমান্তৰাল আৰু 2Ω-ক শ্রেণীবদ্ধ সজ্জাত সজ্জিত কৰিব লাগিব।
∴ \(\frac{1}{R} = \frac{1}{R_1} + \frac{1}{R_2}\)
⟹ \(\frac{1}{R} = \frac{1}{3} + \frac{1}{6}\)
⟹ \(\frac{1}{R} = \frac{2+1}{6}\)
⟹ \(\frac{1}{R} = \frac{3}{6}\)
⟹ \(R = \frac{6}{3}\) = 2 Ω
∴ মুঠ ৰোধ= 2 Ω +2 Ω = 4 Ω
(b) 1Ω
সমতুল্য ৰোধ 1Ω পোৱাৰ বাবে 2Ω, 3Ω আৰু 6Ω ৰোধ তিনিটাক সমান্তৰাল ভাৱে সজ্জিত কৰিব লাগিব।
∴ \(\frac{1}{R} = \frac{1}{3} + \frac{1}{2} + \frac{1}{6}\)
⟹ \(\frac{1}{R} = \frac{2+3+1}{6}\) = \(\frac{6}{6}\) = 1Ω
5. 4 Ω, 8 Ω, 12 Ω আৰু 24 Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা
(a) সর্বোচ্চ আৰু
(b) সর্বনিম্ন মুঠ ৰোধৰ মান কিমান হ’ব?
Ans. (a) সবাতোকৈ বেছী বোধ পোৱাৰ বাবে ৰোধবোৰ শ্রেণীবদ্ধভাৱে সজ্জিত কৰিব লাগিব।
∴ R = 4+ 8+ 12+ 24= 48Ω (উত্তৰ)
Ans:- (b) সবাতোকৈ কম ৰোধ পোৱাৰ বাবে ৰোধবোৰ সমান্তৰালভাবে সজ্জিত কৰিব লাগিব।
∴ \(\frac{1}{R} = \frac{1}{R_1} + \frac{1}{R_2} + \frac{1}{R_3}+\frac{1}{R_4}\)
⟹ \(\frac{1}{R} = \frac{1}{4} + \frac{1}{8} +\frac{1}{12}+\frac{1}{24}\)
⟹ \(\frac{1}{R} = \frac{6+3+2+1}{24}\)
⟹ \(\frac{1}{R} = \frac{12}{24}\)
⟹ \(R= \frac{24}{12}\) = 2 Ω
পাঠভিত্তিক প্রশ্নোত্তৰ(Page no 218)
1. বৈদ্যুতিক হিটাৰৰ তাপ উপাদনডাল (heating element) দীপ্ত হয়; কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কিয়?
উত্তৰঃ– হিটাৰৰ কুণ্ডলীৰ তাঁৰবোৰ সংকৰ ধাতুৰে গঠিত হৈ যাৰ ৰোধ পৰিমান বেছি সেয়েহে ইয়াৰ মাজেৰে যেতিয়া প্ৰবাহ চালিত কৰা হয় তেন্তে তাৰবোৰ অত্যাধিক গৰম হৈ তাপ উতপন্ন কৰি উজ্জ্বল হৈ পৰে । কিন্তু সংযোগী তাঁৰবোৰ কপাৰ বা এলুমিনিয়ামৰে গঠিত যাৰ ৰোধ পৰিমান কম আৰু তাপ ৰোধৰ সমানুপাতিক গতিকে উতপন্ন হোৱা তাপৰ পৰিমান কম হব সেয়েহে সংযোগী তাঁৰবোৰ দীপ্ত নহয় ।
2. 9600 কুলম্ব আধান 1 ঘন্টাত 50 V বিভৱভেদৰ মাজেৰে সষ্ণালিত হলে, উতপাদিত তাপৰ পৰিমাণ উলিওৱা ।
Solution:- দিয়া আছে,
Q = 9600 C
t = 1 ঘন্টা = 1×60×60 = 3600 ছেকেণ্ড
বিভৱভেদ = 50 v
\(I =\frac{9600}{3600}\) = 2.67 A
H = VI = 50 × 2.67 = 133.5 J
3. 20 Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 50 A প্ৰবাহ লয় । 30 ছেকেণ্ডতত উতপন্ন হোৱা পৰিমাণ গণনা কৰা ।
Solution:-
দিয়া আছে,
ৰোধ = 20 Ω
প্ৰবাহ = 50 A
সময় = 30 ছেকেণ্ড
H = \(I^2Rt\)
H = \(50^2×20×30\)
= 2500×600 = 1500000
= 1.5 × \(10^6\)
পাঠভিত্তিক প্রশ্নোত্তৰ (220)
1. এটা বৈদ্যুতিক প্রবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে?
Ans. ক্ষমতাই
2. এটা বৈদ্যুতিক মটৰে 220 V লাইনৰ পৰা 5 এম্পিয়াৰ (A) প্রবাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা
Ans. দিয়া আছে, I = 5A, V = 220V,
t = 2 ঘন্টা = 2 × 60 × 60 = 7200 ছেকেণ্ড
∴ ক্ষমতা (P) = VI = 220 × 5 = 1100 W
∴ বৈদ্যুতিক শক্তিৰ পৰিমাণ = P x t
= 1100 × 7200
= 79,20,000 জুল
= 792 × \(10^4\) জুল
= 7.92 × \(10^6\) জুল
অনুশীলনীৰ প্রশ্নোত্তৰ
1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ \(R^՛\) হয়, তেতিয়া \(\frac{R}{R^՛}\)-অৰ অনুপাত হ’ব–
(a) 1/25
(b) 1/5
(c) 5
(d) 25
Ans. (d) 25.
2. তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নির্দেশ নকৰে?
(a) l²R
(b) IR²
(c) VI
(d) V²/R
Ans. (b) IR².
3. এটা বৈদ্যুতিক বাহুত 220V আৰু 100W চিহ্নিত কৰা আছে যেতিয়া 110V-ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব–
(a) 100W
(b) 75W
(c) 50W
(d) 25W
Ans. (d) 25W
4. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ’ল। শ্রেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টিত সৃষ্টি হোৱা তাপৰ অনুপাত–
(a) 1:2
(b) 2:1
(c) 1:4
(d) 4:1
Ans. (c) 1:4
ধৰো, দুয়োডাল তাৰৰ ৰোধ = \(R\)
শ্ৰেণীবদ্ধ সজ্জাত\(R_s = R + R = 2R\)
সমান্তৰাল সজ্জাত = \(\frac{1}{R_p} = \frac{1}{R} + \frac{1}{R} = 2\frac{1}{R}\)
= \(R_p= \frac{R}{2}\)
\(\frac{R_s}{R_p}\) =\(\frac{v^2t/R_s}{v^2t/R_p}\) = \(\frac{v^2tR_p}{v^2R_s t}\) = \(\frac{R_p }{R_s}\) = \(\frac{R/2}{2R}\) =\(\frac{1}{4}\) = 1:4
5. দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্ট’মিটাৰ কেনেকৈ সংযোগ কৰিবা?
Ans. এটা বৈদ্যুতিক বর্তনীৰ দুটা মেৰুৰ বিভৱ পাৰ্থক্য জোখাৰ বাবে ভ’ল্টমিটাৰ সমান্তৰালভাবে স্থাপন কৰা হয়।
6. এডাল তামৰ তাঁৰৰ ব্যাস 0.5 মি.মি. আৰু ৰোধকতা 1.6 x 10⁻⁸ Ω মি.মি. 10 Ω ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈর্ঘ্য কিমান হ’ব লাগিব ? যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হ’ল, ৰোধৰ পৰিবৰ্তন কিমান হ’ব?
Solution:- দিয়া আছে, তাৰৰ ব্যাস = 0.5 মি.মি , ৰোধকতা = 1.6 x 10⁻⁸ Ω মি.মি
ৰোধ = 10 Ω
আমি জানো যে, \(R= ρ \frac{l}{A}\)
A = π\(r^2\)
মানবোৰ বহাই আমি পাওঁ যে,
তাঁৰডালৰ ব্যাস দুগুণ কৰা হ’ল, ৰোধৰমান হব
ৰোধৰ পৰিবৰ্তন = 10.0 -2.5 =7.5 Ω
7. এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্রবাহ l ৰ মান আৰু পাৰস্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হ’ল–
V আৰু l ৰ মাজৰ লেখ এটা অংকন কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।
Solution:- V আৰু l-ৰ লেখ-চিত্ৰ তলত দিয়া হ’ল
ৰোধ R = \(\frac{V}{I}\) = \(\frac{6.8}{2}\) = 3.4 Ω
8.যেতিয়া এটা অজ্ঞাত ৰোধ 12V ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় ভাত 2.5 মি. এম্পিয়াৰ প্ৰবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা।
Ans. ইয়াত,
V = 12V,
l = 2.5 mA = 2.5 × 10⁻³ A
⇒ \(R=\frac{V}{I}\)
⇒ \(R=\frac{12}{2.5 }\)× 10⁻³
⇒ \(R=\frac{12}{2.5 }\)×10³
⇒ R=4.8×10³ = 4.8 kΩ
9. এটা 9 V বেটাৰীৰ লগত 0.2Ω, 0.3Ω,0.4Ω , 0.5Ω, আৰু 12Ω, ৰোধক কেইটা শ্রেণীবদ্ধভাবে সংযোগ কৰা হৈছে। 12Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্রবাহ চালিত হৈছে?
Solution:- ধৰো,
\(R_1 = 0.2 Ω , R_2 = 0.3Ω , R_3 = 0.4 Ω , R_4 = 0.5 Ω , R_5 = 12 Ω \)
মুঠ ৰোধৰ পৰিমাণ,
\(R=R_1 + R_2+ R_3 + R_4 + R_5\)
= 0.2+0.3 +0.4+0.5+12 = 13.4Ω
গতিকে , 12Ω ৰোধৰ ৰোধকটোৰ মাজেৰে চালিত প্রবাহ
\(I = \frac{V}{R}\)
\(I = \frac{9}{13.4}\) = 0.671 A
10. 176Ω ৰ কিমানটা ৰোধক হ’লে 220V ৰ লাইন এটাত 5A প্রবাহ পোৱা যাব?
Solution:- দিয়া আছে, ৰোধ = 176Ω, বিভৱভেদ = 220V
এতেকে, প্ৰবাহ = \(\frac{V}{R}\) = \(\frac{220}{176}\) = 1.25 A
কিন্তু আমাক প্ৰয়োজন হোৱা প্ৰবাহ হৈছে 5A গতিকে প্ৰয়োজন হোৱা ৰোধৰ পৰিমান কম হব লাগিব সেয়েহে ৰোধ কেইটা সমান্তৰালভাৱে সংযোগ কৰিব লাগিব ।
ধৰো, X টা ৰোধ সমান্তৰালভাৱে সংযোগ কৰা হল আৰু এইকেইটা ৰোধৰ সংযোগৰ পৰা পোৱা সমতুল্য ৰোধ R
∴ \(\frac{1}{R} = \frac{1}{176} + \frac{1}{176} + \frac{1}{176}\) +……………+X
\(\frac{1}{R} = \frac{X}{176}\)
\(R = \frac{176}{X}\)
এতেকে, ওমৰ সূত্ৰৰমতে \(V =IR\)
\(220 = 5 ×\frac{176}{X}\)
\(X = 5 ×\frac{176}{220}\) = \(\frac{880}{220}\) = 4 টা
11. প্ৰতিটো 6 Ω ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে, সজ্জাটোৰ সমতুল্য ৰোধ
(i) 9 Ω, আৰু
(ii) 4 Ω হ’ব
Ans. ইয়াত, R₁ = R₂ = R₃ = 6Ω
(a) R₁ -ক শ্রেণীবদ্ধ আৰু R₂, R₃ -ক সমান্তৰালভাৱে সজ্জিত কৰিলে, সমতুল্য ৰোধ 6Ω
∴ \(\frac{1}{R_p} = \frac{1}{R_2} + \frac{1}{R_3}\)
\(\frac{1}{R_p} = \frac{1}{6} + \frac{1}{6}\)
\(\frac{1}{R_p} = \frac{1+1}{6}\)
\(R_p = \frac{6}{2}\) = 3Ω
সমতুল্য ৰোধ = 6+3 = 9Ω
(b) সমতুল্য ৰোধ 4Ω ৰ বাবে R₂, R₃ -ক শ্ৰেণীবদ্ধভাৱে সজ্জিত কৰি R₁ ক সমান্তৰালভাৱে ইয়াৰ লগত সংযোগ কৰিব লাগিব
∴ \(R_s = R_2 + R_3\) = 6 + 6 = 12Ω
\(\frac{1}{R_p} = \frac{1}{12} + \frac{1}{6}\)
\(\frac{1}{R_p} = \frac{1+2}{12}\)
\(R_p = \frac{12}{3}\) = 4Ω
12. বহুকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সর্বোচ্চ প্রবাহ 5A হয় কিমানটা বাল্ব সমান্তৰালভাৱে 220 V লাইনৰ লগত সংযোগ কৰিব লাগিব ?
Solution:-
প্ৰতিটো বাল্বৰ বিভৱভেদ = 220 V
ক্ষমতা = 10 W
∴ প্ৰতিটো বাল্বৰ ৰোধ , R = \(\frac{V^2}{P}\)
R = \(\frac{220^2}{10}\) = 4840Ω
সমান্তৰাল সংযোগৰ বাবে প্ৰবাহ = 5 A বিভৱভেদ = 220 v
∴ সমান্তৰাল সংযোগৰ ৰোধ = R = \(\frac{V}{I}\) = \(\frac{220}{5}\) = 44 Ω
ধৰো, সংযোগ কৰিবলগীয়া বাল্বৰ সংখ্যা = X
∴ \(\frac{1}{44} = \frac{1}{4084} + \frac{1}{4840} + \frac{1}{4840}\) +……….+X
\(\frac{1}{44} = \frac{X}{4840}\)
\(X = \frac{4840}{44}\) = 110 টা
13.220 V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান 24 Ω, যিকেইটা পৃথকে পৃথকে শ্রেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্রত প্রবাহ কি হ’ব?
Solution:-
(i) যেতিয়া দুটা বর্তনী পৃথক ভাবে ব্যৱহাৰ কৰা হয়, তেতিয়া–
R= 24 Ω, V = 220 V
V = IR
I = \(\frac{V}{R}\)
I = \(\frac{220}{24}\) = 9.166 A
(ii) যেতিয়া বর্তনী দুটা শ্ৰণীবদ্ধভাৱে সংযোগ কৰা হয়, তেতিয়া–
R= 24 + 24 = 48 Ω , V = 220 V
V = IR
I = \(\frac{220}{48}\)
I = \(\frac{220}{48}\) = 4.58 A
(iii) যেতিয়া বর্তনী দুটা সমান্তৰালভাৱে সংযোগ কৰা হয়, তেতিয়া–
∴ \(\frac{1}{R_p} = \frac{1}{R_1} + \frac{1}{R_2}\)
\(\frac{1}{R_p} = \frac{1}{24} + \frac{1}{24}\)
\(\frac{1}{R_p} = \frac{1+1}{24}\)
\(R_p = \frac{24}{2}\) = 12 Ω
V = IR
I = \(\frac{V}{R}\)
I = \(\frac{220}{12}\) = 18.33 A
14. 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্রতে উলিওৱা
(i) 1 Ω আৰু 2 Ω ৰ দুটা ৰোধক 6V ৰ বেটেৰী এটাৰ লগত শ্রেণীবদ্ধভাৱে, আৰু
(ii) 12 Ω আৰু 2 Ω ৰ ৰোধক এটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।
Solution:-
(i) শ্ৰেণীবদ্ধ সজ্জাৰ সমতুল্য ৰোধ = 1 + 2 = 3 Ω
শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ৰোধৰ মাজেৰে চালিত প্ৰবাহৰ পৰিমান একেই সেয়েহে—
V = IR
I = \(\frac{V}{R}\)
I = \(\frac{6}{3}\) = 2 A
2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা
P = \(I^2R\)
P = \(2^2× 2\) = 8 W
(ii) সমান্তৰাল সজ্জাৰ প্ৰতিটো ৰোধ মাজেৰে চালিত প্ৰবাহৰ পৰিমান বেলেগ বেলেগ গতিকে
2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা
P = \(\frac{V^2}{R}\) = \(\frac{4^2}{2}\) = 8W
15. এটা 220V 100 W চিহ্নিত আৰু অন্যটো 220 V ত 60 W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভব 220V হয়, কিমান প্রবাহ ই ল’ব।
Solution:-
দিয়া আছে, প্ৰথম বাল্বটোৰ ক্ষমতা 100 W
প্ৰথম বাল্বটোৰ ক্ষমতা 60 W
যিহেতু বৈদ্যুতিক চাকি দুটা সমান্তৰালভাৱে সংযোগত আছে গতিকে প্ৰতিটোৰ দুই মূৰৰ বিভৱভেদ একেই ,
আমি জানো যে,
P = VI
I = \(\frac{P}{V}\)
এতেকে, প্ৰথম বৈদ্যুতিক চাকিটোৰ মাজেৰে চালিত প্ৰবাহ হব
\(I_1\) = \(\frac{100}{220}\)
আৰু
দ্বিতীয় বৈদ্যুতিক চাকিটোৰ মাজেৰে চালিত প্ৰবাহ হব
\(I_2\) = \(\frac{60}{220}\)
এতেকে , মুঠ প্ৰবাহ = \(\frac{100}{220}\) + \(\frac{60}{220}\)
= \(\frac{100+60}{220}\)
= \(\frac{160}{220}\) = 0.727 A
16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250W ৰ টেলিভিচন চেট 1 ঘণ্টা চলিলে বা এটা 1200 W ৰ ৰুটিসেকা সঁজুলি 10 মিনিটত চলিলে?
Ans. 250 W ক্ষমতা বিশিষ্ট টেলিভিছনৰ টেলিভিচন-ৰ দ্বাৰা 1 ঘণ্টাত ব্যৱহৃত বৈদ্যুতিক শক্তি = 250 W × 1 H
= 250 W × 1 × 60 × 60 sec = 9 × 105 J
∴ 1200 W ক্ষমতা বিশিষ্ট পাউৰুটি সেকা সঁজুলি দ্বাৰা 10 মিনিটত ব্যৱহৃত বৈদ্যুতিক শক্তিৰ পৰিমাণ
= 1200 W × 10 min
=1200 W × 10× 60 sec
= 7.2 × 105 J
∴ এটা পাউৰুটি সেকা সঁজুলিতকৈ এটা টেলিভিছন ছেট্ত বেছী বৈদ্যুতিক শক্তি খৰচ হয়।
17. 8 Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা।
Ans. ইয়াত, R = 8Ω, l = 15 A , t = 2 ঘণ্টা
∴ এটা বৈদ্যুতিক চুলাত প্রতি ঘণ্টাত সৃষ্টি হোৱা তাপৰ পৰিমাণ অর্থাৎ ক্ষমতা
(P) = I²R = (15)² × 8 = 1800 W
18. ব্যাখ্যা কৰা :
(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয়?
Ans:–বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয় কাৰণ মিহি টাংষ্টেনৰ ৰোধ আৰু গলনাংক অতি বেছী যাৰ ফলত ই অতি সোনকালে গলি বা জ্বলি নাযায় । গলনাংক হ’ল 3410°C যেতিয়া ইয়াৰ মাধ্যমে বিদ্যুৎ প্রৱাহিত হয়, তেতিয়া এই মিহি তাঁৰ গৰম হয় আৰু আলোক বিক্ষেপণ কৰে।
(b) বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ কাৰণে বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়?
Ans:- বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ কাৰণে বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়। কাৰণ
(i) বিশুদ্ধ ধাতুকৈ সংকৰ ধাতুৰ আপেক্ষিক ৰোধ বেছী। যেতিয়া সংকৰ ধাতুৰে বনোৱা বস্তুৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়, তেতিয়া অত্যাধিক তাপৰ সৃষ্টি হয়।
(ii) উষ্ণতা অত্যাধিক বৃদ্ধি পালেও ইয়াৰ ই জাৰিত নহয়।
(c) ঘৰুৱা বৰ্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয়?
Ans:- ঘৰুৱা বৰ্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয় । কাৰণ—-
(i) শ্ৰেণীবদ্ধ সজ্জাত ৰোধৰ পৰিমাণ সমান্তৰাল সজ্জাৰ তুলনাত বেছি
(ii) শ্ৰেণীবদ্ধ সজ্জাত যিকোনো এটা সজুলি বিকল হৈ পৰিলে গোটেই বৰ্তনিটো বিকল হৈ পৰে ।
(iii) প্ৰতিটো সজুলিৰ বাবে বিভৱভেদৰ পৰিমাণ বেলেগে বেলেগে বিভাজন হৈ যায় ফলত সজুলিবোৰে চলিবলৈ প্ৰয়োজন হোৱা সঠিক পৰিমাণৰ বিভৱভেদ নাপায় ।
(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবৰ্তন হয়?
Ans: – এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত ব্য়স্তসমানুপাতিকভাৱে পৰিৱৰ্তন হয় ।
(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয়?
Ans:– তাম আৰু এলুমিনিয়ামৰ আপেক্ষিক ৰোধ অতি কম। ফলস্বৰূপে, তাম আৰু এলুমিনিয়ামৰ তাঁৰৰ মাজেৰে বিদ্যুৎ ভালদৰে প্রৱাহিত হব পাৰে সেয়েহে বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয় ।ৰোধৰ পৰিমাণ কম হোৱাৰ বাবে তাপৰ জৰিয়তে ক্ষয় হোৱা শক্তিৰ পৰিমান কমি যায় ।