Class 10 বিদ্যুৎ Chapter10 : Top question & answar for exam preparation

বিদ্যুৎ

প্ৰবাহ : যদি কোনো পৰিবাহীৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে t সময়ত মুঠ Q আধান চালিত হয় তেতিয়া প্ৰস্থচ্ছেদৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হব—

I=Q/t

যত

I = প্ৰবাহ

Q= আধান

t = সময়

SI একক :

প্ৰবাহ = এম্পিয়াৰ (A)

আধান = কুলম্ৱ (C)

সময় = ছেকেন্ড (s)

1 এম্পিয়াৰ:

প্ৰতি ছেকেন্ডত এক কুলম্ৱ  আধানৰ প্ৰবাহক এক এম্পিয়াৰ বোলে

1A = 1C / 1 sec

প্ৰবাহ সৰু মানক মিলিএম্পিয়াৰ  বোলে ( 1mA = 10-6 A)

বৈদ্যুতিক বৰ্তনী :

বৈদ্যুতিক বৰ্তনী হৈছে বিভিন্ন বৈদ্যুতিক সজুলিৰ এক বৈদ্যুতিক সংযোগ

যেনে : 1) কোষ 2)ছাবি 3) বৈদ্যুতিক তাৰ 4) এমিতাৰ

5)বাল্ব etc.


বিভৱভেদ

প্ৰবাহযুক্ত  বিদ্যুৎ   বৰ্তনীৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ সম্পন্ন একক আধান নিওতে কৰা কাৰ্যকে বিন্দু বিদ্যুৎ দুটাৰ মাজৰ বিভৱভেদ বোলে

 দুটাৰ বিন্দু মাজৰ বিভৱভেদ বোলে  = সম্পন্ন কৰা কাৰ্য / আধান

    V = W/ Q

SI একক :    ভল্ট (V)

1 ভল্ট :  প্ৰবাহযুক্ত পৰিবাহীৰ এডালৰ এটা  বিন্দুৰ পৰা  1C আধান  তাৰে  আন এটা বিন্দুলৈ  নিওতে কৰিবলগীয়া কাৰ্যৰ পৰিমাণ 1 J হলে বিভৱভেদৰ পৰিমাণ 1 ভল্ট হব

  • বিভৱভেদ জোখা সজুলিটো হৈছে ভল্টমিটাৰ

ওমৰ সূএ

উষ্ণতা  স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত প্ৰদও ধাতুৰ তাৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ V তাৰডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক

V ∝ I

V/I = CONST. (ধুৱ্ৰক)

V = IR

যত  R হৈছে ৰোধ

  • ৰোধ :

ৰোধ হৈছে আধানৰ গতিক বাধা দিয়া পৰিবাহীৰ এটা ধৰ্ম  ইয়াক R ৰে বোজোয়া য়ায  ।

SI একক হৈছে  ওম (Ω )

1 ওম : যদি পৰিবাহীৰ এডালৰ দুই মূৰৰ বিভৱভেদ 1V আৰু ইয়াৰ মাজেৰে 1A প্ৰবাহ তেনেহলে পৰিবাহীডালৰ ৰোধ 1 Ω হব ।

1 ওম = 1 ভল্ট / 1 এম্পিয়াৰ

পৰিৱৰ্তনশীল ৰোধ বা RHEOSTAT :

বিভৱভেদৰ  উত্‍স সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্তন কৰা বৈদ্যুতিক সজুলিটোক পৰিৱৰ্তনশীল ৰোধ বোলে ।

ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ :

  1. দৈৰ্ঘ্য
  2. প্ৰস্থচ্ছেদৰ কালি
  3. পৰ্দাথৰ প্ৰকৃতিৰ ওপৰত

R ∝ l /A

R = ρ l/A

যত  ρ হৈছে ৰোধকতা

ৰোধকতা :

ৰোধকতা হৈছে এটা মৌলিক ধৰ্ম যিয়ে কোনো পৰ্দাথৰ বৈদ্যুতিক প্ৰতিৰোধ ক্ষমতা বা ই কিমান শক্তিশালীভাৱে বৈদ্যুতিক প্ৰবাহক প্ৰতিৰোধ কৰে জুখিব পাৰে ।

ইয়াৰ SI একক হৈছে Ωm 

সংকৰ ধাতু :

দুটা বা তাতকৈ অধিক ধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বোলা হয় । ইয়াৰ ৰোধকতাৰ মানৰ পৰিসৰ অতি কম গতিকে এইবোৰ বিদ্যুৎৰ সু-পৰিবাহী ।

ৰোধৰ সংযোগ

1) শ্ৰেণীৱদ্ধ সংযোগ

2) সমান্তৰাল সংযোগ

1) শ্ৰেণীৱদ্ধ সংযোগ: যেতিয়া দুটা বা তাতোধিক ৰোধ এটাৰ পিছত এটা সংযোগ কৰা হয় । তেনে সংযোগক শ্ৰেণীবব্ধ সংযোগ বোলা হয়

2)  সমান্তৰাল সজ্জা : যেতিয়া দুটা বা ততোধিক ৰোধ দুটা বিন্দুৰ মাজত সংযোগ কৰা হয় । ইয়াকে সমান্তৰাল সংযোগ বোলা হয় । 

শ্ৰেণীবদ্ধ সজ্জাৰ গাণিতিক সূত্ৰৰ প্ৰমান:-

চিত্ৰত দেখুৱা দৰে তিনিটা ৰোধ  R1, R2 আৰু R3 তিনিটা ৰোধ শ্ৰেণীবদ্ধ সজ্জাত প্ৰান্তে প্ৰান্তে সংযোগ কৰা হল আৰু বৈদুতিক তাৰ কেইডাল এটা বেটাৰীৰ লগত সংযোগ কৰা হল । এই ক্ষেত্ৰত প্ৰতিটো ৰোধৰ মাজেৰে চালিত প্ৰৱাহৰ মান একে কিন্তু প্ৰতিটো ৰোধৰ দুয়োমূৰৰ বিভৱভেদ বেলেগ বেলেগ । যেনেঃ- R1, R2 আৰু  R3 ৰোধৰ বিভৱভেদ ক্ৰমে V1, V2 আৰু V3      

            ধৰো,

                     বৰ্তনীৰ্টোৰ মুঠ  বিভৱভদ V প্ৰতিটো ৰোধকৰ দুইমূৰৰ মাজৰ বিভৱভেদৰ যোগফলৰ সমান

               V  =   V1+ V2 +V3  ————– (i)        

             ধৰো, শ্ৰেণীবদ্ধ সজ্জাত থকা ৰোধক তিনিটাৰ ঠাইত R মানৰ এটা সমতুল্য ৰোধক সংযোগ কৰা হল, যাৰ দুইমূৰৰ মাজৰ বিভৱভেদ V আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহ I

       এতেকে ওমৰ সূত্ৰমতে আমি পাঁও যে,

                         V=IR

তিনিটা ৰোধকৰ দুইমূৰত পৃথকে পৃথকে ওমৰ সূত্ৰ প্ৰয়োগ কৰি পাঁও যে,

                        V1=IR1

                               V2=IR2

                               V3=IR3

  • ৰ পৰা পাঁও যে ———-

IR = IR1+IR2+IR3

R = R1+R2+R3

সমান্তৰাল সজ্জাৰ গাণিতিক সূত্ৰৰ প্ৰমান:-

চিত্ৰত দেখুৱা দৰে তিনিটা ৰোধ  R1, R2 আৰু R3 তিনিটা ৰোধ সমান্তৰাল সজ্জাত  সংযোগ কৰা হল আৰু বৈদুতিক তাৰ কেইডাল এটা বেটাৰীৰ লগত সংযোগ কৰা হল । এই ক্ষেত্ৰত প্ৰতিটো  ৰোধৰ মাজেৰে চালিত প্ৰৱাহৰ মান বেলেগ বেলেগ কিন্তু প্ৰতিটো ৰোধৰ কেইটাৰ দুয়োমূৰৰ  বিভৱভেদ একেই । যেনেঃ- R1, R2 আৰু  R3 ৰোধৰ মাজেৰে চালিত প্ৰবাহ  ক্ৰমে I1, I2 আৰু I3      

 

            ধৰো,

                     বৰ্তনীৰ্টোৰ মুঠ  প্ৰৱাহ I প্ৰতিটো ৰোধকৰ দুইমূৰৰ মাজৰ প্ৰবাহৰ যোগফলৰ সমান

               I = I1+ I2+I3  ————– (i)        

             ধৰো, শ্ৰেণীবদ্ধ সজ্জাত থকা ৰোধক তিনিটাৰ ঠাইত R মানৰ এটা সমতুল্য ৰোধক সংযোগ কৰা হল, যাৰ দুইমূৰৰ মাজৰ বিভৱভেদ V আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহ I

       এতেকে ওমৰ সূত্ৰমতে আমি পাঁও যে,

                         I= v/R

তিনিটা ৰোধকৰ দুইমূৰত পৃথকে পৃথকে ওমৰ সূত্ৰ প্ৰয়োগ কৰি পাঁও যে,

                        I1= V/R1

                               I2=V/R2

                               I3= V/R3

  • ৰ পৰা পাঁও যে ———-

I = I1+I2+I3

V/R = V/R1+V/R2+V/R3

1/R = 1/R1+1/R2+1/R3

 

 

 

   

 

 

   

Leave a Reply