বিদ্যুত- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া প্ৰশ্নোত্তৰ । General Science । Class 10 Chapter 13 Question Answers । বিদ্যুত- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া প্ৰশ্নোত্তৰ । Academic years 2024 – 2025

বিদ্যুত- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া প্ৰশ্নোত্তৰ

পাঠভিত্তিক প্রশ্নোত্তৰ

1. এডাল দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবোৰ অংকন কৰা। 

উত্তৰ : কাৰণ, দিগদর্শন যন্ত্ৰৰ কাঁটাডাল আচলতে এডাল অতিকৈ সৰু আৰু পাতল দণ্ডচুম্বক ৷ সেয়েহে দণ্ডচুম্বক এডালৰ ওচৰলৈ আনিলে দণ্ড চুম্বকৰ মেৰুটোৱে দিগদর্শন যন্ত্ৰৰ কাঁটাডালৰ মেৰু দুটাত পৰস্পৰ বিপৰীতমুখী বল প্রয়োগ কৰে ৷ ইয়াৰ ফলত কাঁটাডাল বিক্ষেপিত হয় আৰু ই ঘূৰিবলৈ ধৰে ।

2. চৌম্বক বলৰেখাৰ ধৰ্মসমূহ তালিকাভুক্ত কৰা। 

উত্তৰ :

(i) চুম্বক এডালৰ বাহিৰত চৌম্বক বলৰেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায় ৷

(ii) চুম্বক এডালৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাবোৰৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ ৷

(iii) দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে ।

(iv) চৌম্বক ক্ষেত্ৰখনৰ যিখিনি অঞ্চলত চৌম্বক বলৰেখাবোৰ ঘন ঘন, তাত চৌম্বক ক্ষেত্ৰৰ প্ৰাৱল্য বেছি আৰু যিখিনি অঞ্চলত পাতল পাতল, তাত চৌম্বক ক্ষেত্ৰৰ প্ৰাৱল্য কম ।

(v) এখন সুষম চৌম্বক ক্ষেত্ৰৰ বাবে চৌম্বক বলৰেখাবোৰ সমদূৰত্বত থকা কিছুমানসমান্তৰাল সৰলৰেখা ।

3. দুডাল  চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে? 

উত্তৰ:- কাৰণ, যদি দুডাল চৌম্বক বলৰেখাই পৰস্পৰ কটাকটি কৰে, তেন্তে কটাকটি কৰা বিন্দুটোত ৰখা দিগদর্শন যন্ত্ৰৰ কাঁটাডালে একে সময়তে দুটা বেলেগ বেলেগ দিশ দেখুৱাব লাগিব, যিটো সম্ভৱ নহয় ৷  

পাঠভিত্তিক প্রশ্নোত্তৰ

1. এখন টেবুলৰ সমতলত তাঁৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা। ধৰা হওঁক ঘড়ীৰ কাঁটাৰ দিশত ইয়াৰ মাজেৰে প্ৰৱাহ চালিত হৈছে। কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰা। 

উত্তৰ:- কুণ্ডলীটোৰ ভিতৰত চৌম্বক ক্ষেত্ৰৰ দিশ টেবুলখনৰ ভিতৰলৈ আৰু কুণ্ডলীৰ বাহিৰত ইয়াৰ দিশ টেবুলখনৰ পৰা ওপৰলৈ ৷

2. এটা প্ৰদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম। ইয়াক প্ৰদৰ্শন কৰি চিত্র অংকন কৰা।

উত্তৰ:-

3. শুদ্ধ উত্তৰ বাছি উলিওৱা।

প্রবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্র

(a) শূন্য।

(b) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে কমি থাকে।

(c) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে বাড়ে।

(d) সকলো বিন্দুতে একে থাকে। 

Ans. (d) সকলো বিন্দুতে একে থাকে।

পাঠভিত্তিক প্রশ্নোত্তৰ

1. চৌম্বক ক্ষেত্ৰত মুক্তভাবে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ’ব পাৰে? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে)

(a) ভৰ।

(b) দ্রুতি। 

(c) বেগ।

(d) ভৰবেগ।

Ans. (c) বেগ আৰু (d) ভৰবেগ।

2. ক্রিয়াকলাপ 13.7 AB দণ্ডৰ সৰণ কেনেদৰে প্রভাবিত হ’ব যদি

[i] AB দণ্ডত প্রবাহ বৃদ্ধি কৰা হয়। 

[ii] পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰা হয়।আৰু 

[iii] AB দণ্ডৰ দৈর্ঘ্য বৃদ্ধি কৰা হয়? 

উত্তৰ : (i) প্রবাহ বৃদ্ধি কৰিলে AB দণ্ডৰ সৰণৰ মানো বৃদ্ধি পাবে ।

(ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰিলে, AB দণ্ডৰ সৰৰ মানো বৃদ্ধি পাব ।

(iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰিলে, AB দণ্ডৰ সৰণৰ মানো বৃদ্ধি পাব ।

3. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল। চৌম্বক ক্ষেত্ৰৰ দিশ হ’ব–

(a) দক্ষিণমুৱা।

(b) পূৱমুৱা।

(c) নিম্নমুখী।

(d) উর্দ্ধমুখী।

Ans. (d) উর্দ্ধমুখী।

পাঠভিত্তিক প্রশ্নোত্তৰ

1. ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা।

উত্তৰছঃ- এই নীতি অনুসৰি আমি যদি আমাৰ বাঁওহাতৰ বুঢ়া আঙুলি, তর্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্ব দিশত এনেদৰে প্ৰসাৰিত কৰোঁ যাতে তর্জনী আঙুল আৰু মধ্যমা আঙুলি ক্ৰমে চৌম্বক ক্ষেত্ৰ আৰু বিদ্যুৎ প্রবাহৰ দিশত থাকে, তেন্তে আমর বুঢ়া আঙুলিটো পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশত থাকিব ।

2. বৈদ্যুতিক মটৰৰ মূলনীতিটো কি? 

উত্তৰঃ- বৈদ্যুতিক মটৰ এনে এটা সঁজুলি, যিয়ে বিদ্যুৎ শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰিত কৰে। বিদ্যুৎপ্রবাহী পৰিবাহী এটাক চুম্বক ক্ষেত্ৰত স্থাপন কৰিলে ইয়াৰ ওপৰত এটা চৌম্বক বলে ক্রিয়া কৰে, যাৰ দিশ “ফ্লেমিডৰ বাওঁহতীয়া নীতি” নামৰ এটা নীতি অনুসৰণ কৰি উলিয়াব পাৰি। বিদ্যুত প্রবাহী পৰিবাহী এডালৰ (চুম্বকক্ষেত্ৰত স্থাপিত) ওপৰত চুম্বকক্ষেত্রই ক্রিয়া কৰা বলৰ প্ৰয়োগ কৰি বিদ্যুত শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰ কৰাই হ বৈদ্যুতিক মটৰৰ নীতি।

3. বৈদ্যুতিক মটৰ, আঙঠিৰ ভূমিকা কি? 

উত্তৰ : বৈদ্যুতিক মটৰত ফলা আঙঠিটোৱে দিক পৰিৱৰ্তক হিচাপে কাম কৰে। নিত পৰিৱৰ্তক হ’ল এনে এবিধ সঁজুলি যিয়ে বর্তনী এটাত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে। এনেদৰে বৈদ্যুতিক মটৰ এটাত ফলা আঙঠিৰ ব্যৱহাৰৰ ফলত কুণ্ডলীটোৱে প্ৰতি আধা পাক ঘুবাৰ নুৰে মূৰে কুণ্ডলীটোত প্ৰবাহৰ দিশ বিপৰীতমুখী হয়। ইয়াৰ বাবে কুণ্ডলীৰ বিপৰীত বাহু দুটাৰ ওপৰত কুণ্ডলীটোৱে আধা পাক ঘূৰাৰ মূৰে মূৰে প্ৰয়োগ হোৱা বলব দিশো বিপৰীতমুখী হন! ইয়াৰ ফলত কুণ্ডলীটোৱে একেটা দিশত অবিৰতভাৱে ঘূৰিবলৈ ধৰে ।

পাঠভিত্তিক প্রশ্নোত্তৰ

1. কুণ্ডলীত প্রবাহ আৱিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা। 

উত্তৰ : (i) এটা পৰিবাহী কুণ্ডলীৰ ওচৰত দণ্ড চুম্বক এডাল অনা-নিয়া কৰিলে কুণ্ডলীটোত আৱিষ্ট প্রবাহ সৃষ্টি হয়। তেনেদবে দণ্ড চুম্বকডাল স্থিতিশীল অৱস্থাত ৰাখি ইয়াৰ ওচৰত কুণ্ডলীটোক গতিশীল কৰিলেও কুণ্ডলীটোত প্রবাহ আৱিষ্ট হ’ব।

(ii) এটা পৰিবাহী কুণ্ডলীৰ ওচৰত ৰখা প্রবাহযুক্ত কুণ্ডলী এটাত প্ৰবাহৰ মান সলনি কৰিলে পৰিবাহী কুণ্ডলীটোত প্ৰবাহ আৱিষ্ট হয় ।

পাঠভিত্তিক প্রশ্নোত্তৰ

1. এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা।

উত্তৰঃ- বৈদ্যুতিক জেনেৰেটৰ এটাই বিদ্যুৎ চুম্বকীয় আৱেশৰ নীতিৰ আধাৰত কাম কৰে। এই নীতি অনুসৰি পৰিবাহী কুণ্ডলী এটাৰ মাজেৰে পাৰ হৈ যোৱা চৌম্বক বলৰেখাৰ সংখ্যাৰ সলনিয়ে কুণ্ডলীটোত এক আৱিষ্ট বিভৱভেদৰ সৃষ্টি কৰে, যিয়ে কুণ্ডলীটোত এক আৱিষ্ট প্ৰবাহৰ সৃষ্টি কৰে

2. প্রত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা।

উত্তৰ : বৈদ্যুতিক কোষ, DC জেনেৰেটৰ, সৌৰ কোষ

3. পৰিবৰ্তী প্রবাহ কোনবিলাক উৎসই উৎপাদন কৰে।

উত্তৰ :- AC জেনেৰেটৰ, বাইচাইকেল, ডায়নামো ৷

4. শুদ্ধটো বাছি উলিওৱা।

তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা  চৌম্বক ক্ষেত্র এখনত ঘূৰোৱা হৈছে। আবিষ্ট প্ৰবাহৰ দিশ প্রতি–

(a) দুপাকত সলনি হ’ব।

(b) এপাকত সলনি হ’ব।

(c) আধা পাকত সলনি হ’ব।

(d) এশকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব।

Ans. (c) আধা পাকত সলনি হ’ব।

পাঠভিত্তিক প্রশ্নোত্তৰ

1. বৈদ্যুতিক বর্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা। 

উত্তৰ : বৈদ্যুতিক ফিউজ আৰু ভূমি-সংলগ্ন তাঁৰৰ ব্যৱস্থা ।

20. এটা বৈদ্যুতিক অ’ভেনৰ ক্ষমতা 2KW আৰু ইয়াক 5A প্রবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ (220V) লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা?

উত্তৰ: ইয়াত, P = 2KW = 2000w

V = 220V

I = ?

আমি জানো যে, P=VI

I = \(\frac{P}{V}\)

v = \(\frac{2000}{220}\)

= 9.09 A

এতেকে, অ’ভেনটোৱে উৎসৰ পৰা নিৰ্ধাৰিত পৰিমাণৰ প্ৰবাহৰ মান 5A তকৈ বেছি প্রবাহ ল’ব। সেয়েহে সঁজুলিটো ঘৰুৱা বৰ্তনীত সংযোগ কৰিলে, সঁজুলিৰ লগত সংযোজিত ফিউজ তাঁৰডাল গলি যাব আৰু বৰ্তনীটো ছেদ হ’ব। ফলত সঁজুলিটোৱে কাম কৰিব

3. ঘৰুৱা বৈদ্যুতিক বর্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল’বা? 

উত্তৰ :

(i) বৰ্তনীত ব্যৱহৃত তাঁৰবিলাক মজবুত অন্তৰণবিশিষ্ট হোৱা উচিত, যাতে এই অন্তৰণ ফাটি সজীৱ আৰু উদাসীন তাঁৰৱ অবাঞ্ছিত সংযোগ ঘটিব নোৱাৰে আৰু ফলত হ্রস্ববর্তনী সংঘটিত নহয় ।

(ii) ঘৰুৱা বৰ্তনীত বৈদ্যুতিক ফিউজ ব্যৱহাৰ কৰিব লাগে ।

(iii) একেটা খাঁজৰ পৰা বহু সংখ্যক সঁজুলি সংযোগ কৰিব নালাগে ৷

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ

1. তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বর্ণনা কৰে?

(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত।

(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত।

(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত।

(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্র থকা এককেন্দ্রীক বৃত্তৰে গঠিত।

Ans. (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।

2. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে–

(a) বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া

(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্ৰক্ৰিয়া।

(c)  চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া

(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূর্ণনৰ প্ৰক্ৰিয়া। 

Ans. (d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূর্ণনৰ প্ৰক্ৰিয়া।

3. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক–

(a) জেনেৰেটৰ বোলা হয়। 

(b) গেলভেন মিটাৰ বোলা হয়।

(c) এমিটাৰ বোলা হয়

(d) মটৰ বোলা হয়।

Ans. (a) জেনেৰেটৰ বোলা হয়। 

4. পৰিবর্তী প্রবাহ জেনেৰেটৰ আৰু প্রত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পার্থক্যটো হৈছে–

(a) পৰিবৰ্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে। 

(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে।

(c) পৰিৱৰ্তী প্রবাহ জেনেৰ্টেৰে উচ্চ বিভবভেদ উৎপন্ন কৰে। 

(d) পৰিবৰ্তী প্রবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্ পৰিবৰ্ত্তক থাকে।

Ans. (d) পৰিৱর্তী প্রবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্ পৰিবৰ্ত্তক থাকে।

5. বর্তী (Short Circuit) হোৱাৰ সময়ত বৰ্ত্তনীটোত প্ৰবাহ

(a) বুজন পৰিমাণে কমি যায়। 

(b) সলনি নহয়।

(c) বুজন পৰিমাণে বৃদ্ধি পায়।

(d) অবিৰ্তভাবে সলনি হয়।

Ans. (c) বুজন পৰিমাণে বৃদ্ধি পায়। 

6. তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা—

(a) এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে ।

উত্তৰ:- ভুল ।

(b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কাসম্পাদন কৰে হ’ব।

উত্তৰ : শুদ্ধ।

(c) এডা দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰলৰেখা

উত্তৰ: শুদ্ধ।

(d) সেউজীয়া অন্তৰ্কৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে।

উত্তৰঃ ভুল।

7. চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা ।

উত্তৰ :

(i) স্থায়ী চুম্বক ব্যৱহাৰ কৰি ।

(ii) এডাল পোন পৰিবাহী বা বৃত্তাকাৰ কুণ্ডলীৰ মাজেৰে প্ৰবাহ চালিত কৰি ।

8. চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণা কৰিব পাৰিবানে? ব্যাখ্যা কৰা।

Ans. দীঘল অন্তৰিত তাঁৰ এডালক বৃত্তাকাৰ পাকত পকাই থাকিলে স্প্রিং সদৃশ যি কুণ্ডলীৰ সৃষ্টি হয় তাক চলেনইড বোলে। চলেনইডৰ এটা মূৰ দক্ষিণমেৰু আৰু আনটো মূৰ উত্তৰ মেৰু। এটা দণ্ড-চুম্বকৰ দক্ষিণমেৰু চলেনইডৰ এটা মূৰত আনিলে যদি বিকর্ষণ ঘটে, তেতিয়া ধৰিব লাগিব চলেনইডৰ এই মূৰটো দক্ষিণ মেৰু। তেনে হলে আনটো মূৰ হ’ব উত্তৰ মেৰু। এই তাঁৰৰ মাজেদি বিদ্যুৎ প্রবাহ চালনা কৰি চৌম্বক ক্ষেত্র সৃষ্টি কৰিব পাৰি।

9. চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সর্ব্বোচ্চ হয়?

উত্তৰ : যেতিয়া প্ৰবাহৰ দিশ আৰু চৌম্বক ক্ষেত্ৰৰ দিশ পৰস্পৰ লম্ব হয়।

10. ধৰা হওঁক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছা। ইলেকট্রনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ অনুভূমিকভাবে আহিছে। এই কিৰণ এডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিদ্যুত প্রবাহিত হৈছে। চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব? 

উত্তৰ : উলম্বভাৱে নিম্নমুখী হ’ব ।

 11. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকন কৰা। ইয়াৰ মূলনীতি আৰু কার্যপ্রণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আউঠিৰ কাম কি? 

উত্তৰঃ- মটৰৰ মূলনীতিঃ চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীৰ ওপৰত বল প্রয়োগ হয়। সেয়েহে চৌম্বক ক্ষেত্ৰত ৰখা পৰিবাহী কুণ্ডলী এটাত এক ঘূৰ্ণনৰ সৃষ্টি হয়।

কার্যপ্রণালী: এটা আয়তাকার ফ্রেম ABCD ওপৰত পৰিবাহী তাঁৰৰ কুণ্ডলী এটাৰে বহু পাক দি এখন আয়তাকাৰ কুণ্ডলী বনোৱা হ’ল। এইখন এডাল চুম্বকৰ দুই মেকৰ মাজত স্থাপন কৰা হ’ল। XY হ’ল দু’ভাগত ভাগ কৰা বৃত্তাকাৰ এটা আঙুঠি। তাঁৰৰ কুণ্ডলীটোৰ দুইমূৰ দু’ভাগত ভাগ কৰা আঙঠি দুটাৰ লগত যুক্ত কৰা হ’ল। ইয়াকেই ফলা আঙঠি বাস্প্লিট্ ৰিং বোলে। ফলা আঙঠি বা, স্প্লিট ৰিংখন পৰিবাহীৰে নিৰ্মিত ব্ৰাছ C₁ আৰু C₂ ৰ মাজত এনে ভাবে সংযোগ কৰা হয় যাতে ৰিংটো ঘূৰাৰ সময়ত ব্ৰাছদ্বয়ৰ গাদি পিচলি যাব পাৰে, কিন্তু সংযোগ বিচ্ছিন্ন নহয় যেন। C₁ আৰু C₂ ব্রাছদ্বয় বিদ্যুত কোষৰ দুই মেৰুৰ লগত যুক্ত কৰা হল। বর্তনীত বিদ্যুত প্রবাহ চালিত কৰিলে AB আৰু CD বাহু দুডালত সমান আৰু বিপৰীতমুখী বলে ক্রিয়া কৰে। যুগ্ম বলম্বয়ৰ প্ৰভাৱত ফলা আঙুঠি বা, স্প্লিট ৰিংক ধৰি কুণ্ডলীটোৰ ঘূর্ণন আৰম্ভ হয়। গোটেই ব্যৱস্থাটো এনেদৰে কৰা হয়, কুণ্ডলীটো আধা পথ ঘুৰাৰ পিছত ব্ৰাছ C₁, C₂ আৰু স্প্লিট ৰিংৰ সহায়ত বিদ্যুত প্রবাহৰ গতি বিপৰীতমুখী হয় যাতে বল যুগ্ম কুণ্ডলীটোক একেই দিশত ঘূৰাই থাকে। বর্তনীটোৰ বিদ্যুত শক্তিৰ পৰা কুণ্ডলীটোৰ দ্বাৰা লাভ কৰা গতিশক্তিয়ে ঘূর্ণন গতি উৎপন্ন করে। এই ঘূর্ণন গতি শক্তিক বিভিন্ন সঁজুলি ঘুৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়।

ফলা আঙঠি বা স্প্লিট ৰিং পৰিবৰ্তকটোৰ মূল কাম হ’ল, ইয়াৰ সহায়ত বিদ্যুত প্ৰবাহৰ অভিমুখ সলনি কৰি কুণ্ডলীটোক যাতে সদায় একেই দিশত ঘূৰাব পাৰি। 

12. বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলিৰ নাম লিখা। 

উত্তৰঃ- বৈদ্যুতিক পাংখা, ৰেফ্ৰিজাৰেটৰ, মিক্সাৰ, কাপোৰ ধোৱা মেচিন, কম্পিউটাৰ, এম. পি. থ্ৰী প্লেয়াৰ আদি ।

13. অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা গেলভেন মিটাৰ এটাৰ লগত সংযোগ কৰা হৈছে। যদি এডাল দণ্ড  চুম্বক 

[i] কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে। 

[ii] কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে।

[iii] কুণ্ডলীৰ অন্তৰ্ভাগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হ’ব?

উত্তৰ :

(i) গেলভেন’মিটাৰ কাটাই বিক্ষেপণ দেখুৱাব, কাৰণ এই ক্ষেত্ৰত কুণ্ডলীত প্ৰবাহ আৱিষ্ট হ’ব।

(ii) গেলভেন’মিটাৰৰ কাঁটাই বিক্ষেপণ দেখুৱাব, কিন্তু আগৰবাৰৰ বিপৰীত দিশত। কাৰণ এই ক্ষেত্ৰত উৎপন্ন আৱিষ্ট প্ৰবাহৰ দিশ আগৰবাৰৰ বিপৰীত হ’ব।

(iii) গেলভেন’মিটাৰৰ কাঁটাই বিক্ষেপণ নেদেখুৱায়, কাৰণ এই ক্ষেত্ৰত কুণ্ডলীত আৱিষ্ট প্ৰবাহৰ সৃষ্টি নহয় ।

 14. দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্রবাহ পৰিবৰ্ত্তন হ’লে B কুণ্ডলীত প্রবাহ আৱিষ্ট হ’বনে? কাৰণ দর্শোৱা।

উত্তৰ :  কুণ্ডলী-A ত প্ৰৱাহিত বিদ্যুতৰ পৰিৱৰ্তন কৰিলে, কিছু পৰিমাণৰ আৱিষ্ট বিদ্যুৎ B-ত সৃষ্টি হয়। ইয়াৰ কাৰণ হ’ল— যেতিয়া কুণ্ডলী A-ত বিদ্যুৎ প্রবাহিত কৰা হয় তেতিয়া ইয়াৰ চাৰিওফালৰ চুম্বকক্ষেত্ৰৰও পৰিৱৰ্তন ঘটে। আকৌ, যিহেতু কুণ্ডলী B, কুণ্ডলী A-ৰ অতি নিকটে ৰখা হৈছে, সেই কাৰণে কুণ্ডলী B-ৰ চাৰিওফালৰ চুম্বকীয় বলৰেখাৰও পৰিৱৰ্তন ঘটে। অর্থাৎ কুণ্ডলী B-ত আৱিষ্ট বিদ্যুতৰ সৃষ্টি হয়।

15. [i] প্রবাহযুক্ত পোন পৰিবাহীৰ কেউকাষে সৃষ্টি হোৱা  চৌম্বক ক্ষেত্ৰৰ।

[ii] চৌম্বক ক্ষেত্র এখনৰ লম্বভাৱে স্থাপন কৰা প্ৰৱাহযুক্ত পোন পৰিবাহী এডালে অনুভব কৰা বল।আৰু 

[iii] চৌম্বক ক্ষেত্র এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নির্ণয় কৰাৰ নিয়ম উল্লেখ কৰা।

Ans. (i) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি ঃ এই নীতি অনুসৰি আমি যদি আমাৰ সোঁহাতেৰে প্ৰবাহযুক্ত পৰিবাহী এডাল এনেকৈ খামুচি ধৰাৰ কল্পনা কৰোঁ, যাতে আমাৰ বুঢ়া আঙুলিটো প্ৰবাহৰ দিশত থাকে, তেন্তে আমাৰ বাকীকেইটা আঙুলিৰ ভাঁজে পৰিবাহীৰ কেউকাষে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ দিশক সূচাব।

(ii) ফ্লেমিঙৰ বাঁওহতীয়া নীতি ঃ এই নীতি অনুসৰি আমি যদি আমাৰ বাঁওহাতৰ বুঢ়া আঙুলি, তর্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্ব দিশত এনেদৰে প্ৰসাৰিত কৰো যাতে তর্জনী আঙুলি আৰু মধ্যমা আঙুলি ক্ৰমে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু প্ৰবাহৰ দিশত থাকে, তেন্তে আমাৰ বুঢ়া আঙুলিটো পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশত থাকিব।

(iii) ফ্লেমিঙৰ সোঁহতীয়া নীতি ঃ এই নীতি অনুসৰি আমি যদি আমাৰ সোঁহাতৰ বুঢ়া আঙুলি, তর্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্ব দিশত এনেকৈ প্ৰসাৰিত কৰো যাতে আমাৰ বুঢ়া আঙুলি আৰু তর্জনী আঙুলি ক্ৰমে কুণ্ডলীৰ গতি (বল) আৰু চৌম্বক ক্ষেত্ৰৰ দিশত থাকে, তেন্তে আমাৰ মধ্যমা আঙুলিটোৱে কুণ্ডলীত আৱিষ্ট প্ৰবাহৰ দিশত থাকিব ৷

16. চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক জেনেৰেটৰ (উৎপাদক) ৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী বৰ্ণনা কৰা । ইয়াত ব্ৰাছ দুডালৰ কাম কি ?

উত্তৰঃ- বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি : বৈদ্যুতিক জেনেৰেটৰ বিদ্যুৎ চুম্বকীয় আৱেশৰ নীতিৰ ওপৰত আধাৰিত। এই নীতি অনুসৰি পৰিবাহী কুণ্ডলী এটাৰ মাজেৰে পাৰ হৈ যোৱা চৌম্বক বলৰেখাৰ সংখ্যাৰ সলনিয়ে (R, আৰু R.) কুণ্ডলীটোত এক আৱিষ্ট বিভৱভেদৰ সৃষ্টি কৰে, যিয়ে কুণ্ডলীটোত এক আৱিষ্ট প্ৰবাহৰ সৃষ্টি কৰে ৷

বৈদ্যুতিক জেনেৰেটৰৰ কাৰ্যপ্ৰণালী :
ধৰা হ’ল ABCD কুণ্ডলীটোক ঘড়ীৰ কাঁটাৰ দিশত ঘূৰোৱা হৈছে। অর্থাৎ, A এতিয়া ফ্লেমিঙৰ সোঁহতীয়া নীতি প্ৰয়োগ কৰি পাওঁ যে AB বাহুত আৱিষ্ট প্ৰবাহৰ দিশ বাহুত প্ৰয়োগ হোৱা বলৰ দিশ ঊৰ্ধ্বমুখী আৰু CD বাহুত প্ৰয়োগ হোৱা বলৰ দিশ নিম্নমুখী। আৱিষ্ট প্রবাহ ABCD দিশত বব। সেয়েহে বাহ্যিক বর্তনীটোত প্ৰবাহৰ দিশ হ’ব ব্ৰাছ B, ৰ পৰা B লৈ আৰু CD বাহুত আৱিষ্ট প্ৰবাহৰ দিশ C ৰ পৰা D লৈ । গতিকে কুণ্ডলীটোত
ৰ পৰা ব্ৰাছ B, লৈ। এতিয়া কুণ্ডলীটোৱে আধা পাক ঘূৰাৰ পিছত AB বাহুত প্ৰয়োগ হোৱা বলৰ দিশ নিম্নমুখী হোৱাৰ বিপৰীতে CD বাহুত প্ৰয়োগ হোৱা বলৰ দিশ ঊর্ধ্বমুখী হ’ব। এতিয়া ফ্লেমিঙৰ সোঁহতীয়া নীতি প্ৰয়োগ কৰি পাওঁ যে AB বাহুত আৱিষ্ট প্ৰবাহৰ দিশ B ৰ পৰা
A লৈ আৰু CD বাহুত এই প্ৰবাহৰ দিশ D ৰ পৰা C লৈ। অৰ্থাৎ কুণ্ডলীটোত এইবাৰ প্রবাহ DCBA দিশত বব। ফলত বাহ্যিক বর্তনীত প্ৰবাহৰ দিশ হ’ব ব্ৰাছ B, ৰ পৰা ব্ৰাছ B, লৈ। এনেদৰে কুণ্ডলীটোৱে প্ৰতি আধা পাক ঘূৰাৰ মূৰে মূৰে বাহ্যিক বর্তনীটোত চালিত প্ৰবাহৰ দিশ পৰস্পৰ বিপৰীতমুখী হৈ থাকিব (B, ৰ পৰা B,/B, ৰ পৰা B,)। সেয়েহে এনেদৰে উৎপন্ন হোৱা প্ৰবাহৰ প্ৰকৃতি পৰিৱৰ্তী প্ৰবাহ (AC)। বৈদ্যুতিক জেনেবেটৰত ব্ৰাছৰ কাম :
বৈদ্যুতিক জেনেৰেটৰত ব্ৰাছ দুডালৰ কাম হ’ল আয়তাকাৰ কুণ্ডলীটোত উৎপন্ন আৱিষ্ট প্রবাহক তলৰ বাহ্যিক বর্তনীটোলৈ কঢ়িয়াই অনা

17. এটা বৈদ্যুতিক হ্রস্ববর্তনী কেতিয়া সংঘটিত হয় ?
উত্তৰ : যেতিয়া সজীৱ আৰু উদাসীন তাঁৰৰ অবাঞ্ছিত সংযোগ ঘটে।
18. ভূমি সংলগ্ন তাঁৰৰ কাম কি ? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাব প্ৰয়োজন কিয় ?
উত্তৰঃ ভূমি সংলগ্ন তাঁৰ হ’ল এক সুৰক্ষা ব্যৱস্থা যাক বৈদ্যুতিক সঁজুলিসমূহৰ ধাতৱীয় শৰীৰৰ লগত সংযোগ কৰি মাটিৰ যথেষ্ট তলত ধাতুৰ পাত এখনৰ লগত সংযোগ কৰা হয়। ইয়াৰ দ্বাৰা সঁজুলিৰ ধাতৱ শৰীৰলৈ নিঃসৰিত প্ৰবাহক ভূমিলৈ, নিয়াৰ বাবে ভূমি সংলগ্ন তাঁৰে এক কম ৰোধৰ পৰিবাহী পথৰ যোগান ধৰে। এনেদৰে এই ব্যৱস্থাই সঁজুলিৰ ধাতৱ শৰীৰৰ বিভৱ ভূমিৰ সৈতে একে (শূন্য ভল্ট) কৰি ৰাখে ।
ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাটো প্রয়োজনীয় যাতে কিবা কাৰণত সঁজুলিৰ ধাতৱ শৰীৰলৈ প্রবাহ নিঃসৰিত হ’লেও, এই সঁজুলি ব্যৱহাৰকাৰীজনৰ শৰীৰলৈ এই প্রবাহ সঞ্চালিত হ’ব নোৱাৰে আৰু তেওঁ প্ৰচণ্ড বৈদ্যুতিক আঘাত নাপায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *