বংশগতি আৰু ক্ৰমবিকাশ । Class 10 । General Science Chapter 9 Solution । বংশগতি আৰু ক্ৰমবিকাশ । SEBA BOARD 2024-25
পাঠভিত্তিক প্রশ্নোত্তৰ
1. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাবে প্রবাহিত চৰিত্ৰবিলাকৰ কোনটো প্রভাবী (Dominant) আৰু কোনটো অপ্ৰভাবী (Recessive) তাক কেনেকৈ নিৰ্ণয় কৰিছিল?
উত্তৰ : মেণ্ডেলে তেখেতৰ একসংকৰণ পৰীক্ষাৰ বাবে এজোপা বিশুদ্ধ ওখ মটৰ মাহ আৰু এজোপা বিশুদ্ধ চাপৰ মটৰ মাহৰ গছ বাছি লৈছিল। পিছত তেখেতে এই দুজোপা গছৰ মাজত ইতৰ-পৰাগণ হ’বলৈ দি সিহঁতৰ অপত্য জনু অৰ্থাৎ F1 জনুৰ সৃষ্টি কৰিছিল। তেখেতে লক্ষ্য কৰিছিল যে F1 জনুৰ আটাইবোৰ গছেই ওখ হৈছিল। পিছত গছসমূহৰ সৃষ্টি কৰিছিল। কিন্তু তেখেতে লক্ষ্য কৰিছিল যে F2 জনুৰ আটাইবোৰ গছেই ওখ নাছিল৷ ইয়াৰ এক চতুর্থাংশ গছ চাপৰ হৈছিল। এনেদৰে মেণ্ডেলে জানিব পাৰিছিল যে প্ৰকাশ পাইছিল। F1 জনুত প্রকাশিত হোৱা লক্ষণটোক প্ৰভাৱী আৰু এই জনুত প্ৰকাশ জনুৰ গছসমূহত ওখ আৰু চাপৰ দুয়োটা লক্ষণেই আছিল, মাথো ওখ লক্ষণটোহে গছবিলাক নোপোৱা লক্ষণটোক অপ্ৰভাৱী বা পৰাহত লক্ষণ বোলে ৷ এনেদৰে মেণ্ডেলৰ পৰীক্ষাই প্ৰমাণ কৰিছিল যে লক্ষণবোৰৰ কিছুমান প্রভাৱী আৰু কিছুমান অপ্ৰভাৱী হয় ৷
2. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাবে প্রবাহিত চৰিত্ৰবিলাক স্বতন্ত্রভাবে প্রবাহিত হয় বুলি কেনেকৈ নির্ণয় কৰিছিল?
উত্তৰঃ মেণ্ডেলে তেখেতৰ দ্বি সংকৰণ পৰীক্ষাত দুযোৰ বিপৰীতধর্মী চৰিত্ৰৰ বংশগতি বিচাৰ কৰিছিল। তেখেতে এই পৰীক্ষাৰ বাবে এজোপা ওখ মটৰমাহৰ গছ লৈছিল যাৰ বীজটো ঘূৰণীয়া আছিল আৰু এজোপা চাপৰ মটৰমাহৰ গছ লৈছিল যাৰ বীজটো শোটোৰা আছিল ৷ তেখেতে এই দুজোপা গছৰ মাজত ইতৰ-পৰাগণ হ’বলৈ দি সিহঁতৰ অপত্য জন অর্থাৎ F, জনুৰ সৃষ্টি কৰিছিল। তেখেতে লক্ষ্য কৰিছিল যে F1 জনুৰ আটাইবোৰ গছেই ওখ আৰু ঘূৰণীয়া বীজযুক্ত হৈছিল। ইয়াৰ কাৰণ হ’ল ওখ আৰু ঘূৰণীয়া বীজ দুয়োটাই প্ৰভাৱী লক্ষণ আছিল পিছত তেখেতে F1 জনুৰ গছসমূহৰ স্ব-পৰাগণ হ’বলৈ দি সিহঁতৰ অপত্য জনু অর্থাৎ F2 জনুৰ সৃষ্টি কৰিছিল। তেখেতে F2 জনুত চাৰিবিধ ভিন্ন প্ৰকাৰৰ গছ দেখিবলৈ পাইছিল। এইবোৰ হ’ল —
(i) ওখ আৰু ঘূৰণীয়া বীজযুক্ত (iii) চাপৰ আৰু ঘূৰণীয়া বীজযুক্ত
(ii) ওখ আৰু শোটোৰা বীজযুক্ত
(iv) চাপৰ আৰু শোটোৰা বীজযুক্ত এনেদৰে মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাই প্ৰমাণ কৰে যে ওখ/চাপৰ লক্ষণ আৰু ঘূৰণীয়া বীজ / শোটোৰা বীজ লক্ষণটো স্বাধীনভাৱে অপত্য জীৱই উত্তৰাধিকাৰ সূত্ৰে লাভ কৰে ।
3. ‘A’ গ্রুপৰ তেজৰ এজন মানুহে ‘O’ গ্রুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্রুপ হ’ল ‘O’। এই তথ্যৰ পৰা তোমালোকে ‘A’ আৰু ‘O’ তেজৰ গ্ৰুপৰ কোনটো প্রভাবী তাক ঠাৱৰ কৰিব পাৰিবানে? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা?
উত্তৰঃ তেজৰ গ্ৰুপ A নে O প্ৰভাৱী সেয়া ক’বলৈ উপৰোক্ত তথ্যখিনি যথেষ্ট নহয় । কাৰণ এই ক্ষেত্ৰত পিতৃ আৰু মাতৃ দুয়োৱে ক্ৰমে অকল AA আৰু OO কাকযুক্ত বিশুদ্ধ বংশ নহ’বও পাৰে। সেয়ে O এটা পৰাহত লক্ষণ হ’লেও তেওঁলোকৰ ছোৱালীজনীয়ে লাভ কৰিব পাৰে, যদিহে তেওঁ পিতৃ-মাতৃ দুয়োটাৰে পৰা O লক্ষণযুক্ত কাৰক বা জিন লাভ কৰে ।
4. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়?
উত্তৰ : মানুহৰ ক্ষেত্ৰত নাৰীৰ জনন কোষ পুৰুষ স্ত্রী X দেহত যৌন ক্ৰম’জমৰ এটা প্ৰকৃত যোৰ পোৱা যায়৷ ইয়াৰ প্ৰতিডালকে X বোলা হয়। কিন্তু পুৰুষৰ দেহত এযোৰ অমিল যৌন ক্ৰম’জম পোৱা যায়, যাৰ এডাল নিয়মীয়া আকাৰৰ X আৰু আনডাল কিছু চুটি ক্রম’জম যাক Y নামেৰে জনা যায় । সেয়েহে ল’ৰাই হওক বা ছোৱালীয়েই হওক সকলো শিশুৱে তেওঁলোকৰ মাতৃৰ পৰা এডাল X ক্ৰম’জম লাভ কৰে । এনেদৰে শিশু এটাই তাৰ পিতৃৰ ফালৰ পৰা লাভ কৰা যৌন ক্ৰম’জমডালে তাৰ লিংগ নিৰ্ধাৰণ কৰাত সহায় কৰে। যদি শিশুটোৱে পিতৃৰ ফালৰ পৰাও এডাল X ক্ৰ’ম’জম লাভ কৰে, তেনেহ’লে শিশুটো ছোৱালী হ’ব আৰু আনহাতে যদি শিশুটোৱে পিতৃৰ ফালৰ পৰা এডাল Y ক্ৰ’ম’জম লাভ কৰে, তেনেহ’লে শিশুটো ল’ৰা হ’ব ।

পাঠভিত্তিক প্রশ্নোত্তৰ
1. কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্রমাগতভাৱে বাঢ়ি যায়?
উত্তৰঃ-
(i) প্রাকৃতিক নির্বাচন (Natural selection): জীৱৰ কিছুমান লক্ষণ উৎবর্তন (sur- vival) ৰ বাবে সুবিধাজনক অথবা অন্য অর্থত এই লক্ষণবোৰ প্রকৃতিয়ে নিৰ্বাচন কৰে। প্রকৃতিয়ে নিৰ্বাচিত কৰা লক্ষণযুক্ত জীৱসমূহকহে কোনো এক নিৰ্দিষ্ট পৰিৱেশত প্রকৃতিয়ে বৰ্ত্তি থকাৰ সুবিধা দিয়ে ৷ সেয়ে এনে লক্ষণযুক্ত জীৱসমূহৰ আবাদী এটাত সংখ্যাৰ বৃদ্ধি ঘটিব পাৰে ।
(ii) জিনীয় পথচ্যুত (Genetic drift) : কোনো এক সৰু আবাদীত ঘটা আকস্মিক দুৰ্ঘটনাৰ বাবে আবাদীটোৰ কিছুমান জিনৰ বাৰংবাৰতা (frequency) পৰিবৰ্তন হ’ব পাৰে, যদিও এনেধৰণৰ পৰিবৰ্তনে উবৰ্তনৰ সুবিধা নিদিয়ে। ইয়াকে জিনীয় বোলে, যিয়ে অভিযোজন অবিহনেই জীৱৰ মাজত বৈচিত্ৰৰ সৃষ্টি কৰে। সেয়ে কোনো এক নিৰ্দিষ্ট লক্ষণৰ দুৰ্ঘটনাক্রমে বাৰংবাৰ্তা বৃদ্ধি পোৱাৰ ফলত, তেনে লক্ষণযুক্ত ব্যক্তিৰ সংখ্যাৰ আবাদী এটাত বৃদ্ধি পায় ৷
2. জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্রমিক প্রবাহ নঘটে?
উত্তৰঃ- অপ্ৰজনন কলাত হোৱা কোনো পৰিৱৰ্তন জনন কোষৰ DNA লৈ স্থানান্তৰিত কৰিব পৰা নাযায়। সেয়েহে এজন ব্যক্তিৰ জীৱন-কালত ঘটা অভিজ্ঞতাবোৰ তেওঁৰ অপত্যলৈ সঞ্চাৰিত কৰিব পৰা নাযায় আৰু সেয়ে সেই আৰ্জিত লক্ষণসমূহক উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিব নোৱাৰি ।
3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্রমে হ্রাস পাই গৈ থকাটো কিয় চিন্তিত হোৱাৰ বিষয় বুলি ভাবা?
উত্তৰ : বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্রমে হ্রাস পাই গৈ থকাটো এক চিন্তাৰ বিষয়, কাৰণ সৰু আবাদী এটাত ঘটা আকস্মিক দুর্ঘটনাই আবাদীটোৰ কিছুমান জিনৰ বাৰংবাৰতাৰ পৰিবৰ্তন আনিব পাৰে, যদিও এই পৰিবৰ্তনে উৎবৰ্তনত কোনো ধৰণৰ অৰিহণা নোযোগায়। যদি বাঘৰ এটা সৰু আবাদীত কোনো দুৰ্ঘটনাই কিছুমান জিনৰ বাৰংবাৰ্তা বৃদ্ধি কৰে আৰু এইসমূহ জিনে বাঘৰ উৎবৰ্তনত কোনো ধৰণে সহায় নকৰে, তেতিয়াহ’লে বাঘৰ সৰু আবাদীটো মৃত্যুমুখত পৰি চিৰদিনৰ বাবে বাঘৰ প্ৰজাতিটোক নিশ্চিহ্ন কৰি পেলোৱাৰ আশংকা থাকিব।
পাঠভিত্তিক প্রশ্নোত্তৰ
1. নতুন এটা প্রজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়?
উত্তৰ : এটা নতুন প্ৰজাতিৰ সৃষ্টিত অৰিহণা যোগাব পৰা কাৰকসমূহ হ’ল- (i) ভিন্নতা (ii) ভৌগোলিক পৃথকীকৰণ (iii) প্রাকৃতিক নির্বাচন (iv) জিনীয় পথচ্যুত।
2. স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্রধান কাৰক হব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?
উত্তৰ :স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্রধান কাৰক কাৰক হ’ব নোৱাৰে, কাৰণ স্ব-পৰাগযোগ উদ্ভিদৰ অপত্য জনুত কোনো ধৰণৰ প্ৰকাৰণৰ সৃষ্টি নকৰে । সেয়ে নতুন প্ৰজাতিৰ সৃষ্টিত অৰিহণা যোগোৱা প্রাকৃতিক নির্বাচন আৰু আণুবংশিক স্থানান্তৰণৰ দৰে কাৰকসমূহ এই ক্ষেত্ৰভ ক্রিয়াশীল হ’ব নোৱাৰে ।
3. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্রধান কাৰক হব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?
উত্তৰ :অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্রধান কাৰক হ’ব নোৱাৰে । কাৰণ অযৌন প্রজননে নতুন জীৱত ভিন্নতাৰ সৃষ্টি নকৰে। সেয়েহে ভিন্নতা অবিহনে একে প্ৰজাতিৰ জীৱৰ দুটা আবাদী ভৌগোলিকভাৱে পৃথক হৈ পৰিলেও নিজৰ নিজৰ পৰিৱেশৰ কাৰকসমূহে সিহঁতক ভিন্ন ৰূপ দিব নোৱাৰিব৷ এনে জীৱৰ এটা আবাদীয়ে এটা বেলেগ পৰিৱেশত ভিন্নতাৰ অভাৱত মৃত্যুমুখত পৰাৰহে সম্ভাৱনা থাকিব ।
পাঠভিত্তিক প্রশ্নোত্তৰ
1. দুটা প্ৰজাতিৰ মাজত বিবর্তন সম্পর্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্রিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।
উত্তৰ:- দুটা প্ৰজাতিৰ মাজত বিবর্তন সম্পর্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্রিক বৈশিষ্ট্য এটাৰ উদাহৰণ হ’ল সমসংস্থ চৰিত্ৰ (Homologous character- istics)। উদাহৰণস্বৰূপে চৰাই আৰু মানুহৰ হাত সমসংস্থ অংগ, কাৰণ এই অংগসমূহ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে কিন্তু সিহঁত কাৰ্যৰ ফালৰ পৰা ভিন্ন ভিন্ন । এনে অংগসমূহৰ মৌলিক গঠন একে হোৱাৰ পৰা ধাৰণা কৰিব পাৰি যে এই অংগবিশিষ্ট বিভিন্ন জীৱসমূহ ক্ৰমবিকাশৰ দ্বাৰা একে পূৰ্বপুৰুষৰ পৰাই সৃষ্টি হৈছে ।
2. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব পাৰোনে? কিয় পাৰি বা কিয় নোৱাৰি?
Ans. উত্তৰ : পখিলাৰ ডেউকা আৰু বাদুলীৰ ডেউকাক সমসংস্থ অংগ বুলি গণ্য কৰিব নোৱাৰি । কাৰণ, পখিলাৰ ডেউকা আৰু বাদুলীৰ ডেউকা কাৰ্যৰ ফালৰ পৰা একে হ’লেও, সিহত উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা ভিন ভিন । সেয়ে ইহঁতক সমবৃত্তি অংগ বুলিহে গণ্য কৰা হয় ।
3. জীৱাশ্মসমূহ কি? বিবর্তন সম্পর্কে জীৱাশ্মসমূহে আমাক কি কয়?
উত্তৰঃ ভূ-পৃষ্ঠৰ পাললিক শিলাস্তৰত সংৰক্ষিত হোৱা কোনো জীৱৰ দেহ বা দেহৰ অংশ বিশেষ নাইবা জীৱটোৱে এৰি যোৱা সাঁচক জীৱাশ্ম বোলা হয় ৷জীৱাশ্মবোৰে আমাক বিৱৰ্তন প্ৰক্ৰিয়াৰ সাক্ষ্য দিয়ে। যদি আমি পৃথিৱীৰ গভীৰলৈ খনন কৰি যাওঁ, তেনেহ’লে এই ধাৰণা কৰাটো যুক্তিগত হ’ব যে পৃথিৱীৰ বেছি গভীৰ স্তৰত পোৱা জীৱাশ্মসমূহৰ তুলনাত পৃথিৱীপৃষ্ঠৰ ওচৰতে পোৱা জীৱাশ্মসমূহ বেছি নতুন । এই জীৱাশ্মসমূহ পৰীক্ষা কৰি চালে দেখা যায় যে পৃথিৱীৰ গভীৰ স্তৰসমূহত পোৱা জীৱাশ্মসমূহৰ দৈহিক গঠন সৰল হোৱাৰ বিপৰীতে পৃথিৱীৰ ওপৰৰ স্তৰত পোৱা জীৱাশ্মসমূহৰ গঠন বেছি জটিল। এনেদৰে ধাৰণা কৰিব পাৰি যে আদিমতম সৰল দৈহিক গঠনযুক্ত জীৱসমূহৰ বিৱৰ্তন ঘটিয়েই পৰবৰ্তী কালৰ জটিল দৈহিক গঠনযুক্ত জীৱসমূহৰ সৃষ্টি হৈছে। উদাহৰণস্বৰূপে, আজিৰ পৰা পাঁচ কোটি বছৰ আগৰ তিনি আঙুলিযুক্ত এটা সৰু প্ৰাণীৰ পৰাই বৰ্তমান কালৰ ঘোঁৰাৰ সৃষ্টি হৈছিল ।
পাঠভিত্তিক প্রশ্নোত্তৰ
1. বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একোটা প্রজাতিত অন্তর্ভূক্ত কিয়?
উত্তৰ : আকৃতি, বৰণ আৰু দেখাত ইমান ভিন ভিন হোৱা স্বত্বেও সকলো মানুহেই একেটা প্ৰজাতিৰে অন্তৰ্ভূক্ত হয়, কাৰণ মানব বিবৰ্তনৰ অধ্যয়নত ব্যবহৃত কোনো বৈজ্ঞানিক পদ্ধতিয়ে মানবৰ বিবৰ্তনৰ প্ৰমাণ নিদিয়ে। আনহাতে পৃথিৱীৰ যিকোনো বিপৰীত লিংগৰ দুগৰাকী মানুহৰ মাজত প্ৰজনন সম্ভৱপৰ হোৱা কথাটোৱে প্ৰমাণ কৰে যে সকলো মানুহেই একেটা মাথো মানব প্রজাতিৰ অন্তৰ্ভূক্ত ।
2. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাজীব ভিতৰত কোন প্রজাতিৰ জীবন দেহৰ গঠন বিবর্তনৰ দিশত অতি উচ্চস্তব? কিয় উচ্চ স্তৰৰ?
উত্তৰ : বিৱৰ্তনৰ ভাষাত বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত আটাইকেইটাৰে সমানে ভাল দৈহিক আৰ্হি থকা বুলি আমি ক’ব পাৰো ৷ ইয়াৰ কাৰণ হ’ল, বিৱৰ্তনে কেতিয়াও প্ৰগতি নুবুজায়। বিৱৰ্তনে কোনো এক জীৱৰ দৈহিক গঠনত জটিলতা আনিব পাৰে। কিন্তু সেইবুলি তুলনামূলকভাৱে সৰল দৈহিক আৰ্হিবিশিষ্ট জীৱসমূহ জীৱন- ধাৰণৰ বাবে কম দক্ষ হোৱাতো নুবুজায় । সেয়ে প্রশ্নত উল্লিখিত আটাইবোৰ জীৱৰে দেহৰ আৰ্হি ভাল বুলি ক’ব লাগিব, কাৰণ সিহঁতে এই দৈহিক আৰ্হিৰ দ্বাৰাই নিজৰ নিজৰ পৰিৱেশত ভালদৰে জীয়াই থকাৰ সক্ষমতা ৰাখে ।
পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ
1. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ’ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ’ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ’ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি বর্ণনা কৰিব পৰা হব?
(a) TT WW
(b) TT ww
(c) Tt WW
(d) Tt Ww
Ans. (c) Tt ww.
2. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল–
(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং।
(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত।
(c) আলু আৰু ঘাঁহৰ শিপা।
(d) ওপৰৰ আটাইকেইটা।
Ans. (d) ওপৰৰ আটাইকেইটা।
3. বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত—
(a) এজন চীনা স্কুলীয় ছাত্র।
(b) এটা চিম্পাজী।
(c) এটা মকৰা।
(d) এটা বেক্টেৰিয়া।
Ans. (a) এজন চীনা স্থুলীয় ছাত্র।
4. বিৱৰ্তন আৰু শ্রেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰ লগত সংযোজিত হৈ আছে?
উত্তৰ : ইয়াৰ ভিত্তিত আমি ক’ব পাৰো যে চকুৰ পাতল বৰণ এক প্ৰভাৱী লক্ষণ । ইয়াৰ কাৰণ হ’ল, যদিও পিতৃ-মাতৃ প্ৰত্যেকৰে চকুৰ বৰণৰ বাবে দুটাকৈ কাৰক থাকে, তাৰে পাতল চকুৰ বৰণ কাৰকটোহে বেছিকৈ প্ৰকাশ পায়। চকুৰ আন বৰণসমূহ নিশ্চয় অপ্ৰভাৱী লক্ষণ হ’ব কাৰণ সেইবোৰ লক্ষণ পিতৃ মাতৃ উভয়ৰে দেহত থাকিলেও সিহঁতে সততে প্রকাশ নাপায় ।
5. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰ : যিবিলাক অংগ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা বেলেগ বেলেগ, কিন্তু কাৰ্যৰ ফালৰ পৰা একে, তেনে অংগক সমবৃত্তিক অংগ বোলে। যেনেঃ চৰাইৰ ডেউকা আৰু বাদুলীৰ ডেউকা যিবিলাক অংগ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে, কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ, তেনে অংগক সমসংস্থ অংগ বোলে। যেনে : জেঠী, ভেকুলী আৰু চৰাইৰ আগঠেং।
6. কুকুৰৰ ৰঙবিলাকৰ প্ৰভাবী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা।
Ans. প্ৰভাৱীতা সূত্র মতে জীৱৰ কোনো লক্ষণৰ বাবে থকা বিপৰীতধর্মী লক্ষণযুক্ত সমযুতক (Homozygous) দুটা জীৱৰ মাজত সংকৰণ ঘটালে প্রথম অপত্য জন্ধু (Fₗ)- পিতৃ-মাতৃ দুটা লক্ষণৰ মাত্ৰ এটাহে প্রকাশ পায়। প্রকাশ পোৱা লক্ষণটোক প্রভাৱী আৰু অ-প্রকাশিত হৈ থকা লক্ষণটোক অপ্রভাৱী লক্ষণ বোলে। সুতৰাং এটা কলা বৰণৰ কুকুৰৰ লগত বগা বৰণৰ কুকুৰৰ প্রজনন ঘটিলে যদি কলা কুকুৰ আদিপুৰুষ হয়। তেতিয়া কলাবাৰ কুকুৰটো প্ৰভাৱী হ’ব আৰু বগা বৰণৰ কুকুৰ হ’ব অপ্ৰভাবী।
7. বিবর্তন প্রক্রিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা।
Ans:- বিৱৰ্তনীয় সম্পৰ্কৰ নিৰ্ধাৰণৰ বাবে জীৱাশ্মবোৰ এক গুৰুত্বপূৰ্ণ আহিলা । যদি আমি পৃথিৱীৰ গভীৰলৈ খনন কৰি যাওঁ আৰু আমি জীৱাশ্মসমূহ পাবলৈ আৰম্ভ কৰো, তেনেহ’লে এনে ধাৰণা কৰাটো আমাৰ বাবে যুক্তিসংগত হ’ব যে পৃথিৱীৰ পৃষ্ঠৰ পৰা নিচেই ওচৰতে পোৱা জীৱাশ্মসমূহ পৃথিৱীৰ গভীৰ স্তৰসমূহত পোৱা জীৱাশ্মবোৰৰ তুলনাত বেছি নতুন ৷ এই জীৱাশ্মবোৰ পৰীক্ষা কৰি চালে ধাৰণা কৰিব পাৰি যে পৃথিৱীপৃষ্ঠৰ ও স্তৰত পোৱা জীৱাশ্মসমূহৰ দৈহিক আৰ্হি জটিল হোৱাৰ বিপৰীতে পৃথিৱীৰ গভীৰ স্তৰসমূহত্ত পোৱা জীৱাশ্মবোৰৰ দৈহিক আৰ্হি সৰল। এনেদৰে অনুমান কৰিব পাৰি যে আদিমতম সৰল কিছুমান জীৱৰ পৰাই ক্ৰমবিকাশৰ দ্বাৰা পৰবৰ্তী কালৰ জটিল দৈহিক গঠনৰ জীৱসমূহৰ সৃষ্টি হৈছিল। উদাহৰণস্বৰূপে, আজিৰ পৰা প্ৰায় পাঁচ কোটি বছৰৰ আগৰ তিনি-আঙুলিযুক্ত এটা সৰু প্ৰাণীৰ পৰাই বিৱৰ্তনৰ দ্বাৰা বৰ্তমানৰ ঘোঁৰাৰ উৎপত্তি হৈছিল।
8. কি স্বাক্ষৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি?
উত্তৰ : জীৱৰ শ্ৰেণী বিভাজনৰ আচনিখনে অজৈৱিক পদাৰ্থৰ পৰাই যে সমস্ত জীৱজগতৰ উৎপত্তি হৈছিল তাৰ সাক্ষ্য বহন কৰে । কাৰণ জীৱৰ প্ৰজাতিৰ শ্ৰেণীবিভাজন সিহঁতৰ বিৱৰ্তনীয় সম্পৰ্কৰে এক প্ৰতিফলন মাথোন। আমি কোনো এক ওচৰৰ সাধাৰণ পূৰ্বপুৰুষৰ ভিত্তিত প্ৰজাতি সমূহৰ কিছুমান সৰু সৰু গোষ্ঠী বনাওঁ। আকৌ কোনো এক তুলনামূলকভাৱে দুৰৰ সাধাৰণ পূৰ্বপুৰুষক ভিত্তি কৰি লৈ এই সৰু সৰু গোষ্ঠীসমূহক অন্তৰ্ভুক্ত কৰি কেতবোৰ ডাঙৰ ডাঙৰ গোষ্ঠী গঠন কৰো। এনেদৰে সময়ৰ হিচাপত যদি আমি পিছুৱাই গৈ থাকোঁ, আমাৰ ধাৰণা হ’ব যে বিৱৰ্তনীয় কালৰ একেবাৰে আৰম্ভণিতে থকা কোনো এটা জীৱৰ প্ৰজাতিৰ পৰাই এতিয়াৰ সমস্ত জীৱজগতৰ সৃষ্টি হৈছিল । যদি সেয়াই সত্য হয়, তেনেহলে পৃথিৱীৰ ইতিহাসৰ কোনো এক পৰ্যায়ত অজৈৱিক পদাৰ্থই পৃথিৱীত জীৱৰ সৃষ্টি কৰিছিল বুলি আমি নিশ্চিত হ’ব পাৰো ।
9. অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবর্তনত কেনেদৰে প্রভাব পেলায়?
উত্তৰ :- অযৌন প্ৰজননৰ তুলনাত যৌন প্রজননে বেছি কাৰ্যক্ষম প্ৰকাৰণৰ সৃষ্টি কৰে, কাৰণ যৌন প্ৰজননত দুজন ভিন্ন ব্যক্তি জড়িত হৈ থাকে। এইদুগৰাকী ব্যক্তিৰ দেহত তেওঁলোকে আগৰ প্ৰজন্মৰ পৰা লাভ কৰা প্ৰকাৰণসমূহ ইতিমধ্যেই মজুত থাকে। সেয়ে এনে দুটা ব্যক্তিৰ জননকোষ দুটা যেতিয়া যোজিত হয়, তেতিয়া দুটা ভিন্ন শৈলীৰ প্ৰকাৰণৰ সংমিশ্রণ ঘটে। এনেদৰে অযৌন প্ৰজননৰ তুলনাত যৌন প্রজননে বেছি কাৰ্যক্ষম প্ৰকাৰণৰ সৃষ্টি কৰে। জীৱৰ বিৱৰ্তনত যৌন প্রজননে এক উল্লেখযোগ্য ভূমিকা পালন কৰে। কাৰণ যৌন প্রজননে অপত্য জীৱত প্ৰকাৰণৰ সৃষ্টি কৰে। হেজাৰ হেজাৰ বছৰ ধৰি এই প্ৰকাৰণসমূহ সঞ্চিত হোৱাৰ ফলত জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিবৰ্তন হয় আৰু এসময়ত সিহঁতে এক নতুন প্রজাতি হিচাপে আত্মপ্রকাশ কৰে।
10. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুরুষ সমান জিনীয় অবদান অপত্যজনুলৈ হস্তান্তৰ কৰে?
উত্তৰ:- এটা জীৱব দেহত কোনো এক চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে দুটাকৈ লক্ষণ থাকে । এই লক্ষণ দুটা জীৱকোষৰ দুডাল ক্ৰম’জ’মত জিন হিচাপে পোৱা যায়। এনে এযোৰ সমৰূপী ক্ৰম’জ ‘মৰ এডাল পিতৃফালৰ পৰা অহা আৰু আনডাল মাতৃব ফালৰ পৰা অহা । ব্যক্তিৰ প্ৰতিটো জননকোষে এই এযোৰ সমৰূপী ক্ৰম’জমব এডাল ক্ৰ’ম’জনহে লাভ কৰে। যেতিয়া যৌন প্ৰজননৰ সময়ত দুটা জননকোষ যোজিত হয়, সিহঁতে অপত্য জীৱটোত ক্ৰ’মজমৰ সংখ্যাক পুনৰ সংস্থাপিত কৰে। এনেদৰে অপত্য জীৱটোৱে ক্ৰ ‘মজনৰ দুটা সংহতি (set) লাভ কৰে, যাৰ এটা পিতৃৰ ফালৰ পৰা অহা আৰু আনটো মাতৃৰ ফালৰ পৰা অহা । এনেদৰে অপত্য জীৱত পিতৃ আৰু মাতৃৰ সমান আণুবংশিক বৰঙণি নিশ্চিত হয় ।

11. কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে। তুমি এই উক্তিৰ সৈতে একমতনে? যদি কিয় আৰু যদি নহয় কিয়?
উত্তৰ : এই উক্তিৰ সৈতে মই একমত। কাৰণ, যিবিলাক প্ৰকাৰণে কোনো এটা আবাদীৰ ব্যক্তি বিশেষক উৎবৰ্তনৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰে, সেই প্রকাৰণসমূহ প্ৰকৃতিৰ দ্বাৰা নিৰ্বাচিত হয়। এনে প্রকৃতিয়ে নিৰ্বাচন কৰা সুবিধাজনক প্ৰকাৰণসমূহে ব্যক্তিবিশেষক চাৰিওফালৰ পাৰিৱেশিক অৱস্থাটোৰ লগত নিজকে অভিযোজিত কৰি লোৱাত সহায় কৰে। সেয়ে এনে প্ৰকাৰণবিশিষ্ট জীৱসমূহ পৃথিৱীত ভালদৰে জীয়াই থাকিব পাৰে আৰু এনেদৰে এই সুবিধাজনক প্ৰকাৰণ সমূহো আবাদীত ভৱিষ্যত কাললৈ প্ৰবৰ্তিত হৈ থাকে ।