অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি

দশম শ্ৰেণীৰ অসমীয়াৰ প্ৰশ্নোত্তৰ। Class 10 Assamese Question Answers।Chapter 8।অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি।SEBA BOARD ASSAM 2024-2025।দশম শ্ৰেণীৰ অসমীয়াৰ প্ৰশ্নোত্তৰ। Class 10 Assamese Question Answers।Chapter 8।অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি।SEBA BOARD ASSAM 2024-2025
(ক) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?
উত্তৰ : আহোম আৰু মুছলমান গোষ্ঠীৰ লোকসকলে ত্রয়োদশ শতিকাত অসমত প্ৰবেশ কৰে।
(খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?
উত্তৰ : প্ৰাচীন কালৰে পৰা হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচালিত আছিল। আহোমসকলে অসমত দীৰ্ঘদিন ধৰি থকাৰ পাছত হিন্দুধর্ম গ্রহণ কৰি নিজস্ব কৃষ্টি-সংস্কৃতিপ্ৰায় পৰিত্যাগ কৰে। সমগ্র অসম দেশখনেই যাদুবিদ্যা আৰু মন্ত্ৰ তথা ইন্দ্রজালিক বিদ্যাৰকাৰণে প্ৰাচীন কালৰে পৰা প্ৰসিদ্ধ আছিল।
(গ) কিছে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ?
উত্তৰ : ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।
(ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল ?
উত্তৰ : সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। এই ভাষাৰ এনাজৰীয়ে মেঘালয়, নগালেণ্ড আৰু অৰুণাচলকো বান্ধি ৰাখিছিল।
(ঙ) অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?
উত্তৰ : আহোমসকল আৰু তেওঁলোকৰ বিভিন্ন ফৈদ যেনে তাই থাকে তাই আটজন তাই আমেয়াং ইতালি।
(ঙ) অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?
উত্তৰ : আহোমসকল আৰু তেওঁলোকৰ বিভিন্ন ফৈদ যেনে তাই-ফাকে, তাই-আইতন,তাই থামেয়াং ইত্যাদি।
২। চমু উত্তৰ লিখা।
(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?
উত্তৰ : ঘাইকৈ কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি, প্রভৃতিয়েই আছিল মূলতে অসমীয়া জনগোষ্ঠীৰ ধাৰক আৰু বাহক। মংগোলীয়জনগোষ্ঠীৰ আগমনৰ আগতে এওঁলোকেই আছিল অসমৰ স্থায়ী বাসিন্দা৷
(থ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত ৰঙালী ভাষা চলিছিল?
উত্তৰ : ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমত অসমীয়াৰ ঠাইত বঙলা ভাষা চলিছিল ।
(গ) চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰপৰা অসমলৈ আহিছিল?
উত্তৰ : চাওতাল, কুৰ্মী, মোছহৰ, মুণ্ডা, টেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰআদি লোকসকল আছিল অসমৰ চাহ
উদ্যোগৰ কৰ্মী। এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ,উত্তৰপ্ৰদেশ প্রভৃতি ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা অসমলৈ আহিছিল।
(ঘ) পাঠটিত থকা খাদ্যবস্তুৰ এখনি তালিকা প্ৰস্তুত কৰা।
উত্তৰ : পৰাখা,পোলাও,কোর্মা,কোপ্তাৰ,কে’ক-বিস্কুট, ৰুটি, ৰসগোল্লা, লালমোহন,চিঙ্গাৰা আদি নানা মিঠাই প্ৰচলনৰ কথা পাঠটিত আছে। লুচি-পুৰী, ভজা, চাম্বাৰ, ইডলি আদিও আছে।
৩। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?
উত্তৰ : অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে অলিখিত গৰখীয়া নাম, নিচুকণিগীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি।
৪। ‘অসমৰ বৈচিত্ৰপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্যৰক্ষা পৰিছে।’- কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথাবৰ্ণনা কৰা৷
উত্তৰ : অসম ৰাজ্য বিভিন্ন জাতি-উপজাতি আৰু জনজাতিৰ মিলনভূমি। সেইবাবেইঅসমীয়া সংস্কৃতিও বৈচিত্র্যপূর্ণ। আদিতে অসম আৰ্য জনগোষ্ঠীৰ বসবাস প্রধান কেন্দ্রআছিল। এই ঠাইত ঘাইকৈ মাৰী, চুটীয়া, কোচ, সেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো তিৱা, কাৰ্বি আদিৰ বসতি স্থান। গতিকে মূলতে অসমীয়া জনসংস্কৃতিৰ ধাৰক এইবোৰজাতি-গোষ্ঠীয়েই আছিল। অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত অসমৰঅৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিচিমি আদি জনগোষ্ঠীও পৰে। অতীতৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ গাঁথনিলৈ লক্ষ্য কৰিলে দেখা যায় যে আর্য,মঙ্গোলীয়, ‘দ্রাবিড়, অষ্ট্রিক প্রভৃতি বিভিন্ন জনগোষ্ঠীৰ মাজত সাংস্কৃতিক আদান-প্রদানআৰু বিনিময় ঘটিছিল । অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ কৃষ্টি- সংস্কৃতি পৰিহাৰ কৰি হিন্দুধৰ্ম আৰু নতুন সংস্কৃতি গ্রহণ কৰিলে। তেনেদৰে চাহ জনজাতি আৰু মুছলমানসকলেও থলুৱা ৰীতি-নীতি গ্রহণ কৰি পূৰ্বৰ ৰীতি-নীতিৰ সৈতে সমিলমিলেৰে অসমীয়াসংস্কৃতিৰ বিকাশত অৰিহণা যোগালে। এটা সময়ত আর্য সংস্কৃতিতকৈ অনার্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ আছিল। এই দেশলৈ আহোম, মুঘলমানকে ধৰি বিভিন্ন জনগোষ্ঠীৰ মানুহ আহিল— কোনোবাই দেশ জয়কৰিবলৈ আহিল আৰু কোনোবাই যুদ্ধবন্দী হিচাপে ৰ’ল৷ কোনোবাই বেপাৰ-বাণিজ্য কৰিবলৈ আহি নিগাজীকৈ বহি ল’লে। কোনোবা আকৌ পূজা-পার্বণ অথবা তীর্থ সংক্ৰান্তত অসমলৈআহিল। বহুতে আকৌ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অসম দেশত নিগাজীকৈ বহিল। পুৰণি কালত অসমৰ থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী, চুটীয়া, কোচ, বাড়া, আদিযে নির্বিবাদে সকলোকে গ্রহণ কৰিলে। সকলোৱে নিজ নিজ ধর্ম আচৰণ কৰি নিজনিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল’লে৷ একে ভৌগোলিক পৰিবেষ্টনীত থাকি ওচৰা-উচৰিকৈ এটা সম্প্রদায় আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ’ল। সেই সময়ত বাহিৰৰ পৰা অহামানুহবোৰে যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰভাষা-সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে। এইয়া হ’ল এটা সংস্কৃতিসম্পন্ন জাতিআন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা। এনেদৰে বাহিৰৰ পৰা বিভিন্নউদ্দেশ্য লৈ অহা লোকসকলে অসমকেই নিজৰ দেশ বুলি গ্ৰহণ কৰি থলুৱা সংস্কৃতি গ্ৰহণকাৰ বৃহৎ অসমীয়া জাতি গঠনত অৰিহণা যোগালে। এনেদৰে বৈচিত্ৰ্যপূৰ্ণ জনগাঁথনিযেবৈচিত্র্যপূর্ণ অসমীয়া জাতি গঠনত অৰিহণা যোগালে। অসমীয়া সংস্কৃতিত আহোম, মুছলমান আৰু উত্তৰ ভাৰতীয় ব্ৰাহ্মণ-ক্ষত্ৰিয়সকলৰসংস্কৃতিগত উপাদানৰ লগতে থাইলেণ্ড দিল্লী আৰু কনৌজৰ পৰা অহা লোকসকলে মূলঠাইৰ সৈতে সম্পৰ্ক ছিন্ন কৰি এই দেশৰ ভাষা-সংস্কৃতি গ্ৰহণ কৰি বৃহত্তৰ অসমীয়া জাতিগঠনত সহায় কৰিলে । অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্যই হৈছে সমন্বয় আৰু এনে সমন্বয়ভাষা, সাহিত্য, স্থাপত্য, ভাস্কর্য, চিত্রকলা, সাজপাৰ, অলংকাৰ প্রভৃতি সকলো দিশতে পৰিলক্ষিত হয় ।
৫। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেওথলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উলেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে— পাঠৰ আলমত বিচাৰ কৰা৷
উত্তৰ : ইয়াত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথাকোৱা হৈছে। অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে এদল বৃত্তিয়াল শ্ৰেণীৰ খাটি থোৱামানুহ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰিবলৈ ধৰিলে। বিহাৰ, উৰিষ্যা,মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ প্রভৃতি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা চাওতাল, কুমি, মুণ্ডা,মোছহৰ, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকল আহিঅসমত নিগাজীকে বসতি কৰিবলৈ ধৰিলেহি। কালক্ৰমত এইসকলেই নিজৰ কৃষ্টি- সংস্কৃতিকিছু সংৰক্ষণ কৰি হ’লেও অসমীয়া মাত কথা গ্রহণ কৰি থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অঙ্গ হৈ পৰিল। কিন্তু,দেশীয় চৰকাৰে তেওঁলোকৰ শিক্ষা-দীক্ষাৰ কাৰণে কোনো সুকীয়া উদ্যোগ নোলোৱাততেওঁলোক অনগ্ৰসৰ হৈয়ে ৰ’ল। অসমৰ থলুৱা সংস্কৃতিৰ সৈতে খাপ খোৱাত তেওঁলোকৰযথেষ্ট পলম হ’ল। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাকাৰণেও এওঁলোক থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল।
৬। “এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰঅৱকাশ নাই।” ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? দুইকৰাৰ কোনো যুক্তিতৰ্কৰ অবকাশ নাই।’ বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা।
উত্তৰ : অসমীয়া সংস্কৃতিৰ সমন্বয় প্ৰক্ৰিয়াৰ বিষয়ে ক’বলৈ গৈ লেখকে উক্ত মন্তব্যকৰিছে। অসমত ব্যৱসায় বাণিজ্য, ধৰ্ম প্ৰচাৰ, দেশজয়, তীর্থভ্রমণ, পূজা-পার্বণ প্রভৃতিবিভিন্ন উদ্দেশ্য সিদ্ধি কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে খাইলেও, চীন, পাকিস্তান , পাস, ইণ্ডোনেচিয়া প্রভৃতি বিভিন্ন ঠাইৰ পৰাও মানুহ অসমলৈ আহিছে। সেইসময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকে উদাৰচিত্তেআঁকোৱালি লৈছে। সকলোৱে আন্তৰিকতাৰে এই দেশৰ ভাষা-সংস্কৃতি গ্ৰহণ কৰি অসমকেইনিজৰ দেশ বুলি গ্ৰহণ কৰি বৃহৎ অসমীয়া জাতি গঢ়ি তোলাত অৰিহণা যোগাইছে। ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক অধিক কটকটীয়া কৰিছে। অসমতপূৰ্বতে বসবাস কৰা ধলুৱা জনগোষ্ঠীৰ সৈতে পৰবৰ্তী কালত প্ৰব্ৰজিত হোৱা আহোম,মুছলমান উত্তৰ ভাৰতীয় ব্ৰাহ্মণ আৰু ক্ষত্রিয়সকলে পূৰ্বৰ ঠাইৰ সৈতে সম্বন্ধ ছেদ কৰিঅসমীয়া ভাষা আৰু সংস্কৃতিক আঁকোৱালি ল’লে। গতিকে অসমীয়া জাতি যে এটাসংমিশ্রিত জাতি, সেই সম্পৰ্কে কোনোধৰণৰ যুক্তিতৰ্কৰ অবকাশ থাকিব নোৱাৰে। অসমত জনজাতীয় ভাষা কোৱা লোকসকলে অসমীয়া ভাষা ভালদৰে বুজি পায়আৰু সলসলীয়াকৈ ক’ব পাৰে। তেওঁলোকে নিজৰ ভাষাৰ লগতে অন্য মানুহৰ সৈতেযোগাযোগৰ কাৰণে অসমীয়া ভাষা ব্যৱহাৰ কৰে। আনহাতে অসমৰ দাঁতিকাষৰীয়া ৰাজ্যঅৰুণাচল, নগালেণ্ড, মেঘালয় প্রভৃতি ৰাজ্যৰ বাসিন্দাসকলৰো সামূহিক ভাষাঅসমীয়া। অসমলৈ পৰবৰ্তী কালত প্ৰব্ৰজিত হোৱা সকলোবোৰ লোকেই নিজ নিজ ভাষা-সংস্কৃতিত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰি অসম দেশকে নিজৰ জন্মভূমি বুলি গণ্য কৰিবলৈ ধৰিলে। গতিকে অসমীয়া জাতি যে এটা সংমিশ্রিত, সংস্কৃতিসম্পন্ন জাতি, সেই সম্পর্কে কোনো দ্বিমত থাকিব নোৱাৰে৷ যুগ যুগ ধৰি আদান- প্রদান, বিনিময় আৰুসংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিয়ে বৰ্তমানৰ ৰূপ পৰিগ্ৰহ কৰিছে।
৭ । লগে লগে সংস্কৃতিৰ ৰূপায়ন ঘটিল। ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।
উত্তৰ: অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ পাৰস্য, চীন, পাকিস্তাননেপাল, বাংলাদেশ, তিবৃত, প্রভৃতি বহিঃৰাষ্ট্ৰৰ পৰাও বিভিন্ন সময়ত মানুহ আহিছিল আৰুইয়াত নিগাজীকৈ বসতি স্থাপন কৰিছিল। ইতিহাসৰ বিভিন্ন সময়ত অহা মঙ্গোলীয়, চীন-তিব্বতী, তিবৃধর্মীয়, দ্রাবিড়, অষ্ট্রিক প্রভৃতি বিভিন্ন জনগোষ্ঠীৰ লোকৰ আদান-প্ৰদান, বিনিময়আৰু সংস্কৃতি গ্ৰহণৰ যোগেদি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ় লৈ উঠিছে। অসমৰ থলুৱা বাসিন্দাসকলে বিভিন্ন সময়ত এই দেশলৈ অহা লোকসক্লক আদৰিল’লে। এনেদৰে নতুনকৈ অহা লোকসকলে একে ভৌগোলিক আবেষ্টনীত ওচৰা-উচৰিকৈথকাৰ বাবে এটা জনগোষ্ঠী আন এটাৰ দ্বাৰা প্ৰভাৱিত হ’ল। সেই সময়ত বাহিৰৰ পৰা অহামানুহবোৰে মূল ঠাইৰ সৈতে সম্বন্ধ ছেদ কৰি ক্ৰমান্বয়ে এই দেশৰ সংস্কৃতি গ্ৰহণ কৰিবলৈধৰিলে। এইয়া হৈছে এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহযোৱাৰ ব্যৱস্থা৷ বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ দেশ বুলি গ্ৰহণ কৰিলেআৰু লগতে পূৰ্বৰ ভাষা ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰিলে। গতিকে আহোম, মুছলমান,ব্রাহ্মণ, ক্ষত্রিয়, নেপালী, চাহ জনজাতি, প্ৰভৃতি বিভিন্ন জনগোষ্ঠীৰ সন্মিলিত ৰূপত অসমীয়াভাষা-সংস্কৃতিে নতুন ৰূপ লাভ কৰিলে। এনেদৰেই বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াসঙ্কৰ হৈ উঠিল। অসমীয়া সংস্কৃতিৰ ৰূপান্তৰা এনেদৰেই সম্ভৱ হৈ উঠিল। এটা সম্প্ৰদায়ৰভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ ব্যৱহাৰ আন এটা সম্প্রদায়ে গ্ৰহণ কৰিলে । থোৱা বস্তুআৰু ৰন্ধন প্ৰকৰণৰো সালসলনি হ’ল। সাজপাৰ, অলংকাৰ, দৈনন্দিন ব্যৱহাৰ্য আচবাব, বাচন- বৰ্তন সকলোতেই পৰিবৰ্তন ঘটিল। এনেদৰেই অসমীয়া সংস্কৃতিয়ে সময়ৰ লগে লগে গ্রহণ-বৰ্জনৰ যোগেদি পৰিবৰ্তন লাভ কৰি ন-ৰূপ লাভ কৰিলে। এয়া আছিল এক স্বতঃস্ফূর্তপ্রক্রিয়া । অনুকৰণ, অনুসৰণৰ যোগেদি আদান-প্ৰদান আৰু বিনিময়ৰ যোগেদি হোৱা প্ৰক্ৰিয়া।
৮। তাৎপর্য ব্যাখ্যা কৰা :
(ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল অসমীয়া ভাষা।
উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আব্দুছ ছাত্ৰাৰে লিখা ‘অসমৰজনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিৰ বান্ধোন অধিক কটকটীয়া কৰিলে। অসমত বাহিৰৰ পৰা আহি বসবাস কৰা লোকসকলে অসমক নিজৰ দেশ হিচাপে গ্রহণকৰাৰ লগতে অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে । আহোমসকলে তাই ভাষা,মুছলমান সকলে আৰবী ফাৰ্চী ভাষা, ব্ৰাহ্মণ আৰু ক্ষত্রিয়সকলে সংস্কৃত ভাষা ত্যাগ কৰিথলুৱা অসমীয়া ভাষা গ্ৰহণ কৰি উদাৰতাৰ পৰিচয় দিলে। অসমৰ খজুৱা জনজাতিসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে বৃহৎ সমাজখনৰ সৈতে যোগাযোগৰকাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল। আনহাতে বিহাৰ, ৰাজস্থান, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ প্রভৃতি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা লোকসকলেও হিন্দী, ৰাজস্থানী, ভোজপুৰী, প্ৰভৃতি ভাষা বাদ দি অসমীয়া ভাষা গ্ৰহণ কৰিছিল। অসমৰ দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ সৈতে যোগাযোগৰ প্ৰধান ভাষাটো আছিল অসমীয়া। গতিকে অসমীয়া ভাষাই থলুৱা অসমৰ জনজাতি অজনজাতি সকলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰা লোকসকল আৰু ভাৰতৰ বাহিৰৰ পৰা আহি ইয়াত স্থায়ীভাৱে বসবাস কৰা লোকসকলৰ মাজত যোগাযোগৰ একমাত্র মাধ্যম আছিল অসমীয়া ভাষা। এনেদৰেই অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেদি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলক ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিল।
(থ) এই গোটেইবোৰ হ’ল স্বতঃপ্রণোদিতভাৱে হোৱা প্রক্রিয়া।
উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত বিশিষ্ট প্ৰৱন্ধকাৰ, শিক্ষাবিদ আব্দুছ ছাত্তাৰ বিৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ শীৰ্ষক পাঠটোৰ পৰা তুলি দিয়া হৈছে। অসমত এটা সময়ত সামাজিক বাধা-নিষেধৰ কাৰণে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ মাজত মুকলিভাৱে, বিশেষকৈ কোনো সামাজিক অনুষ্ঠানত সামাজিকভাৱে খোৱা-বোৱা নচলিছিল । পৰৱৰ্তী কালত হোটেল ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত আগতে লুকঢাককৈ চলা খোৱা বোৱাৰ ব্যৱস্থা লাহে লাহে মুকলিমূৰীয়াভাৱে হ’বলৈ ধৰিলে । পৰাখা কোর্মা, পোলাও আদিৰ লগতে কেক, বিস্কুট, ৰুটি আদিৰ মুকলিকৈ প্ৰচলন হ’ল। বঙ্গদেশৰ ৰসগোল্লা, লালমোহন, চিসৰা আদি বিভিন্ন মিঠাইৰ প্ৰচলন হ’ল। লাহে লাহে লুচি পুৰীও সোমাই পৰিল । মাদ্রাজী ডোচা-চাম্বাৰ আৰু ইড়লী হোটেলৰ যোগেদি অসমীয়াই চিনি পোৱা হ’ল। এনেদৰেই জাতকুলৰ পৰম্পৰাগত প্ৰাচীৰ ভাঙি বিয়া-সবাহ, মৰা-সকাম আদিত হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোক একেলগে বহি খাব পৰা হ’ল। ভ্ৰাতৃত্বৰ বান্ধোন কটকটীয়া হ’ল। সামাজিক অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ লাহে লাহে দূৰ হোৱাত মানুহৰ মনবোৰ ফৰকাল হ’ল। এনেদৰেই সময়ৰ পৰিবৰ্ত্তনৰ লগে লগে সংস্কৃতিৰ পৰিবৰ্তন সূচিত হ’ল আৰু স্বতঃপ্রণোদিতভাৱে মানুহৰ মনৰ পৰা ধৰ্মীয় গোড়ামি আৰু সাম্প্রদায়িক ভেদভাব নোহোৱা হ’বলৈ ধৰিলে । অসমীয়া সংস্কৃতিৰ সমন্বয় আৰু গতিশীলতাৰ কাৰণে এইটো আছিল এক স্বাভাৱিক প্ৰক্ৰিয়া। এনেদৰেই সময়ৰ পৰিবৰ্তনৰ লগে লগে আধুনিক শিক্ষা, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ, সাংস্কৃতিক মূল্যবোধৰ পৰিবৰ্তন প্রভৃতি বিবিধ কাৰকে সাম্প্ৰদায়িক সম্প্ৰীতি, ঐক্য আৰু সংহতিৰ বান্ধোন কটকটীয়া কৰি অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰিছে।
(গ) এইয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা৷
উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যমুখি ‘সাহিত্য – সুবাস’ৰ অন্তৰ্গত আব্দুছ ছাত্তাৰ বিৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ শীর্ষক পাঠটিৰ পৰা ভুলি দিয়া হৈছে। অসমীয়া সংস্কৃতিৰ মূলতে হৈছে সমন্বয়। এই দেশলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰলোক আহিছে যদিও তেওঁলোকে নিজৰ মাতৃভূমিৰ ভাষা-সংস্কৃতি পৰিহাৰ কৰি অসমীয়াসংস্কৃতি আৰু ভাষা নিজৰ বুলি আদৰি লৈছে। তেনে কৰিবলৈ যাওঁতে তেওঁলোকেপুৰুষানুক্ৰমে লাভ কৰি অহা বিভিন্ন ৰীতি-নীতি, আচাৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিতসোমাই পৰিছে। এনেদৰে আদান-প্রদান, বিনিময় আৰু গ্ৰহণ-বৰ্জনৰ মাজেদি অসমীয়াসংস্কৃতিযে বৰ্ণাঢ্য আৰু বৈচিত্র্যময় ৰূপ লাভ কৰিছে। অসমলৈ ব্যৱসায় সূত্ৰে অহা শিখ, পঞ্জানী, মাৰোৱাৰী, বিছানী, ৰাজস্থানী প্রভৃতি ভাৰতৰ অন্যান্য প্ৰদেশৰ পৰা অহালোকসকলেও মূল পৰিচয় ৰক্ষা কৰিও বহুতেই অসমীয়া হৈ পৰিল। বাহিৰৰ পৰা অহাসকলোৱেই এই দেশখনক নিজৰ বুলি ল’লে— ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে৷ গতিকে এই সকলো লগ লাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল।
৯। সন্ধি ভাঙা :
সংস্কৃতি, জলাঞ্জলি,ভৌগোলিক
সংস্কৃতি = সম + কৃতি ।
জলাঞ্জলি = জল + অঞ্জলি ।
ভৌগোলিক = ভৌগোল + ইক ।
১০। ‘প্র’ উপসর্গ লগলগাই তিনিটা শব্দ গঠন কৰা৷
উত্তৰ :‘প্ৰ’ উপসর্গটি আৰম্ভ, খ্যাতি, ভাল বেছি প্রভৃতি অর্থ বুজাবৰ কাৰণে ব্যৱহৃতহয়। উদাহৰণ স্বৰূপেপ্ৰথৰ, প্ৰগতি, প্রচলন, প্রণাম, প্রবাহ,প্ৰশংসা,প্ৰভাৱ, প্ৰয়োগ, প্রমোদ, প্রস্থান, ইত্যাদি।
১১। বাক্য ৰচনা কৰা-
ভাষা-সংস্কৃতি, পূজা-পাৰ্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা-ধৰা
উত্তৰঃ-
ভাষা-সংস্কৃতিঃ- ভাষা-সংস্কৃতিয়ে এটা জাতিৰ শ্রেষ্ঠত্ব সুচায়।
পূজা-পার্বণঃ- পূজা-পার্বণ হিন্দুধৰ্মত পুৰণি কালৰে পৰা প্ৰচলিত হৈ আছে।
বেপাৰ-বাণিজ্যঃ- বেপাৰ-বাণিজ্যই অর্থনৈতিক উন্নতিৰ अनिচायक।
সহজ-সৰলঃ- গাঁৱলীয়া মানুহ দৰাচলতে সহজ-সৰল। দিয়া-লোৱা : সমন্বয় প্ৰক্ৰিয়াৰ বাবে দিয়া-লোৱা অতি জৰুৰী।
এৰা ধৰাঃ- এৰা ধৰাৰ মনোভাৱে সম্প্রীতিত ইন্ধন যোগায়।