পদাৰ্থ: ধাতু আৰু অধাতু Class 8 Chapter 4 SVN শংকৰদেৱ শিশু নিকেটন Sankardev Sishu Niketan

পদাৰ্থ: ধাতু আৰু অধাতু

কৃত্ৰিম আঁহ আৰু প্লাষ্টিক

(১) তলৰ কোনবােৰ উক্তি শুদ্ধ আৰু কোনবােৰ অশুদ্ধ বাছি উলিওৱা।

(ক) অধাতুবােৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী।
উত্তৰঃ শুদ্ধ।

(খ) ফছফৰাছ এবিধ ধাতু।
উত্তৰঃ অশুদ্ধ।

(গ) লাে নমনীয় আৰু ঘাত সহনীয়।
উত্তৰঃ শুদ্ধ।

(ঘ) কয়লাৰ টুকুৰাত হাতুৰীৰে কোবালে চেপেটা হৈ যাব।
উত্তৰঃ অশুদ্ধ।

(ঙ) পাৰা এবিধ ধাতু।
উত্তৰঃ শুদ্ধ।

(চ) ছডিয়াম ধাতু যথেষ্ট টান।
উত্তৰঃ অশুদ্ধ।

(২) খালী ঠাই পূৰ কৰা।

(ক) ধাতুবােৰক কোবালে ইহঁতে ধ্বনিৰ সৃষ্টি কৰে বাবে ইহঁতক সনাদ পদাৰ্থ বুলি কোৱা হয়।

(খ) ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি হাইড্ৰ’অক্সাইড আৰু হাইড্ৰজেন গেছ সৃষ্টি কৰে।

(গ) জিংক লােতকৈ অধিক সক্ৰিয়।

(ঘ) কোঠালি উষ্ণতাত জুলীয়া অৱস্থাত পোৱা একমাত্ৰ ধাতুটোৰ নাম হ’ল পৰা

(৩) কাৰণ দর্শোৱা।

(ক) ছডিয়াম আৰু পটেছিয়ামক কিয় কেৰাচিনত ডুবাই ৰখা হয়?

উত্তৰঃ ছডিয়াম আৰু পটেছিয়াম খুবেই সক্ৰিয় ধাতু। ই বায়ু আৰু পানীৰ সৈতে তীব্ৰ বিক্ৰিয়া কৰে আৰু বিক্ৰিয়াৰ ফলত অধিক তাপ উৎপন্ন হয়। এই বাবে ইক কেৰাছিনত ডুবাই ৰখা হয়।

(খ) খাদ্য সামগ্রী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাট ব্যৱহাৰ কৰা হয় কিয়?

উত্তৰঃ এলুমিনিয়াম এটা নমনীয় আৰু ঘাত সহনীয় ধাতু। ইয়াক পাতলকৈ কোবাই পাতৰ ৰূপত তৈয়াৰ কৰিব পাৰি। এই পাতত খাদ্য মেৰিয়ালে সেয়া দীঘলীয়া সময় গৰম হৈ থাকে।

(গ) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰপৰা অপসাৰিত কৰিব নােৱাৰে কিয়?

উত্তৰঃ কিয়নো জিংক তামতকৈ বেছি সক্ৰিয়। অধিক সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুক ইয়াৰ লৱণৰ পৰা অপসাৰণ কৰিব পাৰে, কিন্তু তাৰ বিপৰীত নহয়।

(ঘ) ফছফৰাছক কিয় পানীত ডুবাই ৰখা হয়?

উত্তৰঃ ফছফৰাছ বায়ুত অতি সক্ৰিয়। ই বায়ুৰ সৈতে স্পৰ্শ পালে সহজে জ্বলি উঠে, যদিও ই পানীৰ সৈতে বিক্ৰিয়া নকৰে। এই বাবে ইয়াক পানীৰ তলত ৰখা হয়।

(৪) কি ঘটিব যেতিয়া–

(ক) এটি কাচৰ গিলাচত অলপ পানী লৈ তাত ছডিয়ামৰ সৰু টুকুৰা এটা যোগ কৰা হয়।

উত্তৰঃ ছডিয়াম পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ আৰু সোডিয়াম হাইড্ৰ’অক্সাইড সৃষ্টি কৰে। এই বিক্ৰিয়াত তাপ ওলায়, ৰঙা লিটমাছ নীলা হৈ পৰে আৰু গিলাচটো গৰম হৈ পৰে।

(খ) কপাৰ ছালফেটৰ দ্ৰৱত লো-ৰ গজাল ৰখা হয়।

উত্তৰঃ লো কপাৰ ছালফেটৰ পৰা তাম অপসাৰণ কৰি ফেৰাছ ছালফেট গঠন কৰে। ফলত দ্ৰৱৰ নীলা ৰং হেৰাই যায় আৰু তলত ৰঙা তামৰ গুড়ি দেখা যায়।

(গ) এলুমিনিয়ামৰ পাট এটুকুৰাৰ ওপৰত লঘু হাইড্ৰ’ক্ল’ৰিক এচিড ঢলা হয়।

উত্তৰঃ এই বিক্ৰিয়াত হাইড্ৰ’জেন গেছ ওলায়। জুইশলাৰ কাঠি লৈ দিলে ‘পপ’ শব্দ শুনা যায়, যি গেছৰ উপস্থিতিৰ প্ৰমাণ।

(ঘ) কপাৰ ছালফেটৰ দ্ৰৱত জিংকৰ টুকুৰা ৰখা হয়।

উত্তৰঃ জিংকে, অধিক সক্ৰিয় ধাতু হিচাপে, কপাৰ ছালফেটৰ পৰা তাম অপসাৰণ কৰে। তাৰ ফলত জিংক ছালফেট উৎপন্ন হয় আৰু তলত ৰঙা তামৰ গুড়ি জমা হয়।

৫) স্তম্ভ A- ত থকা পদার্থসমূহক স্তম্ভ B ত থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা।

পদার্থ আৰু ব্যৱহাৰ
AB
অক্সিজেনৰকেটৰ ইন্ধন
ৰূপঅলংকাৰ
লোযন্ত্ৰপাতি
নাইট্ৰ’জেনসাৰ
তামমুদ্ৰা
এলুমিনিয়ামআতচবাজি
ফছফৰাছজুইশলা
ধাতুসমূহৰ গুণ আৰু ব্যৱহাৰ

(৬) ধাতুসমূহক জোৰকৈ পিটিলে ইহঁত একোচটা পাটলৈ পৰিৱর্তিত হয়। এই ধর্মটোক কি বুলি কোৱা হয়।

উত্তৰঃ- ধাতুসমূহক জোৰকৈ পিটিলে ইহঁত একোচটা পাটলৈ পৰিৱর্তিত হয়। এই ধর্মটোক ঘাত সহনীয়তা ধর্ম বুলি কোৱা হয়।

(৭) তলৰ কোনটো পদার্থক পাতল পাটৰ আকাৰলৈ পিটিব পাৰি?

(ক) গন্ধক
(খ) এলুমিনিয়াম
(গ) ফছফৰাছ
(ঘ) নাইট্র’জেন

উত্তৰঃ (খ) এলুমিনিয়াম

(৮) তলৰ কোনটো পদার্থক কেৰাচিনত ডুবাই ৰখা হয়?

(ক) লাে
(খ) ছডিয়াম
(গ) এলুমিনিয়াম
(ঘ) গন্ধক

উত্তৰঃ (খ) ছডিয়াম

Leave a Reply