দহন আৰু শিখা
১. দহন কাক বোলে? দাহ্য পদাৰ্থ জ্বলিবলৈ কি চৰ্তৰ প্ৰয়োজন?
উত্তৰঃ- যেতিয়া কোনো দাহ্য পদাৰ্থ অক্সিজেনৰ উপস্থিতিত উত্তপ্ত হৈ তাপ আৰু পোহৰ উলিয়ায়, সেই প্ৰক্ৰিয়াটোক দহন বোলে। এইদৰে জ্বলিবলৈ পদাৰ্থটোক নিৰ্দিষ্ট উষ্ণতা—প্ৰজ্বলন উষ্ণতা—অতিক্ৰম কৰিব লাগিব আৰু বায়ুত অক্সিজেন থাকিব লাগিব।
২. জ্বলি থকা মমবাতিটোক কাচৰ গিলাচেৰে ঢাকিলে কি হয়?
উত্তৰঃ- মমবাতিখন কাচৰ গিলাচেৰে ঢাকিলে তাৰ ভিতৰত থকা অক্সিজেন শেষ হৈ পৰে। অক্সিজেন নথকাৰ বাবে দহন বন্ধ হৈ মমবাতিখন জ্বলি নাথাকে।
৩. প্ৰজ্বলন উষ্ণতা কাক বোলে? দহনৰ সৈতে ইয়াৰ সম্পৰ্ক কি?
উত্তৰঃ- দাহ্য পদাৰ্থ এটাৰ দহন আৰম্ভ হোৱাৰ বাবে যি নিম্নতম উষ্ণতা লাগে তাকেই প্ৰজ্বলন উষ্ণতা বোলে। এই উষ্ণতাৰ তলত পদাৰ্থটোৰ দহন সম্ভৱ নহয়।
৪. শিখা কাক বোলে? ই কেনেদৰে সৃষ্টি হয়?
উত্তৰঃ- গেছীয় বা বাষ্পীয় দাহ্য পদাৰ্থ জ্বলাৰ সময়ত যি অঞ্চলত তাপ আৰু পোহৰ উৎপন্ন হয় তাকেই শিখা বোলে। এই শিখা সাধাৰণতে পদাৰ্থ বাষ্পীভূত হৈ দহনত অংশগ্ৰহণ কৰাৰ ফলত সৃষ্টি হয়।
৫. মমবাতিৰ শিখাৰ পৰা আমি কেনেকৈ পোহৰ পাওঁ?
উত্তৰঃ- মমবাতিৰ শিখাত থকা অদাহ্য কাৰ্বন কণাবোৰ গৰম হৈ জ্বলি উঠে আৰু পোহৰ উলিয়ায়। এই কাৰণেই আমি মমবাতিৰ পৰা পোহৰ পাওঁ।
৬. খালী ঠাই পূৰণ:
(ক) জুই নিৰ্বাপণৰ বাবে সাধাৰণতে পানী ব্যৱহাৰ কৰা হয়।
(খ) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ’ল কেৰাচিন।
(গ) এছিড বৰষুণে শস্য, গৃহ আৰু মাটিৰ ক্ষতি কৰে।
(ঘ) দহন প্ৰক্ৰিয়াত তাপ আৰু পোহৰ সৃষ্টি হয়।
৭. যান-বাহনত CNG ব্যৱহাৰ কৰিলে নগৰ প্ৰদূষণ কেনেকৈ কমে?
উত্তৰঃ- চি.এন.জি. হৈছে পৰিষ্কাৰ ইন্ধন। ইয়াৰ দহনকালে অপদ্ৰৱ্যৰ সৃষ্টি কম হয়। সেয়ে ই পেট্ৰল-ডিজেলতকৈ কম প্ৰদূষণ কৰে, ফলত নগৰবিলাকত বায়ু প্ৰদূষণ হ্ৰাস পায়।
৮. মমবাতি শিখাৰ আকাৰ চিত্ৰ সহ চিনাক্ত কৰা।
উত্তৰঃ- চিত্ৰ আঁকিব লাগিব য’ত শিখাৰ বিভিন্ন অংশ: দীপ্তিহীন, নীলা আৰু দীপ্তিমান অঞ্চল চিহ্নিত কৰিব লাগে।
৯. ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা একক কি?
উত্তৰঃ- কেলৰি মানৰ একক হৈছে কিল’জুল প্ৰতি কিলোগ্ৰাম (kJ/kg)।
১০. কাৰ্বন-ডাই-অক্সাইডে কেনেকৈ জুই নিবায়?
উত্তৰঃ- CO₂ বায়ুতকৈ গধুৰ হয়, যাৰ ফলত ই জুইৰ ওপৰত কম্বলেৰ দৰে বিস্তাৰ হয় আৰু অক্সিজেনৰ যোগান বন্ধ কৰে। ইয়াৰ ফলত জুই নিবিজায়।
১১. সোণ-ৰুপ গলাবলৈ শিখাৰ কোন মণ্ডল ব্যৱহাৰ হয়?
উত্তৰঃ- দীপ্তিহীন মণ্ডলত তাপ বেছি থকাৰ বাবে সোণাৰিয়ে এই অংশটো ব্যৱহাৰ কৰে।
১২. মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক’ব পাৰি নেকি?
উত্তৰঃ- নে। কাৰণ মামৰ ধৰা প্ৰক্ৰিয়াত তাপ আৰু পোহৰ উলিয়ায় নে। সেয়ে ই দহন নহয়।
১৩. কাৰণ দৰ্শোৱা:
(ক) বৈদ্যুতিক জুইত পানী দিয়াটো বিপজ্জনক, কাৰণ পানীয়ে বিদ্যুৎ চলায়।
উত্তৰঃ- বৈদ্যুতিক আহিলাত জুই লাগিলে তাৰ ওপৰত পানী ঢালিবলৈ নিদিয়ে, কাৰণ পানী এটা উত্তম বিদ্যুৎ পৰিবাহক। যদি পানী ঢালোঁ, তেন্তে বিদ্যুৎ আমাৰ দেহলৈ পৰিবাহিত হৈ বিপদ ঘটাব পাৰে। সেয়ে এইক্ষেত্ৰত পানী ব্যৱহাৰ কৰা ঠিক নহয়।
(খ) এল.পি.জি. পৰিষ্কাৰ আৰু অধিক শক্তি দিয়া ইন্ধন হোৱাৰ বাবে কাঠতকৈ উত্তম।
উত্তৰঃ- গৃহস্থলীৰ বাবে এল পি জি ব্যৱহাৰ কৰা উত্তম, কাৰণ কাঠ বা কয়লা জাতীয় কাৰ্বন ইন্ধনে জ্বলোঁতে ধোঁৱা আৰু অদাহিত কাৰ্বনৰ সূক্ষ্ম কণা উলিয়ায়। এই ধৰণৰ কণাই বায়ু প্ৰদূষণ ঘটায় আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ দৰে ৰোগ জন্ম দিব পাৰে, যেনে এজমা।
১৪. অগ্নি নির্বাপক যন্ত্র এটাৰ আৰ্হি বনােৱা। বেকিং ছ’ডা পূর্ণ সৰু থাল এখনত এডাল চুটি মমবাতি আৰু এডাল সামান্য ওখ মমবাতি থিয়কৈ ৰাখা। এটা ডাঙৰ বাটিৰ তলত থালখন ৰাখা। দুয়ােডাল মম জ্বলােৱা। এতিয়া বেকিংছডা থকা থালখনত ভিনেগাৰ ঢালা । সাৱধান হবা যাতে মমবাতিৰ ওপৰত ভিনেগাৰ নালাগে। ফেন উঠা বিক্রিয়াটো পর্যবেক্ষণ কৰা । মমবাতি দুডালৰ কি ঘটিল। কিয়? কি ক্ৰমত?:
উত্তৰঃ- বেকিং ছ’ডা আৰু ভিনেগাৰৰ বিক্ৰিয়াত CO₂ সৃষ্টি হয় যি জুই নিবায়। মমবাতি দুডাল ভিতৰত থকা অক্সিজেন শেষ হোৱাত নিবি যায়।