কৃত্ৰিম আঁহ আৰু প্লাষ্টিক Class 8 Science Chapter 3 SVN শংকৰদেৱ শিশু নিকেটন

কৃত্ৰিম আঁহ আৰু প্লাষ্টিক

কৃত্ৰিম আঁহ আৰু প্লাষ্টিক

(১) উত্তৰ দিয়া

(ক) কৃত্রিম আঁহ বুলিলে কি বুজা?

উত্তৰঃ- যিসকল আঁহ মানুহে নিজে সৃষ্টি কৰিছে, সেইবোৰকেই কৃত্ৰিম আঁহ বুলি কোৱা হয়।

(খ) প্লাষ্টিকৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ- প্লাষ্টিক মূলত দুটা প্ৰকাৰৰ হয় — থাৰ্ম’প্লাষ্টিক (তাপ নমনীয়) আৰু থাৰ্ম’ছেটিং (তাপদৃঢ়)।

(গ) কাঠ পচিবৰ বাবে কিমান সময়ৰ প্রয়ােজন ?

উত্তৰঃ- কাঠ সম্পূৰ্ণৰূপে পচিবলৈ প্ৰায় ১০-১৫ বছৰৰ সময় লাগে।

(ঘ) 4R নীতি কি?

উত্তৰঃ- 4R নীতিত বুজায় — হ্ৰাস, পুনৰ ব্যৱহাৰ, পুনৰ চক্রায়ন আৰু পুনৰুদ্ধাৰ। এইবোৰ পৰিবেশ সংৰক্ষণৰ বাবে সহায়ক।

(২) তলত দিয়া সামগ্রীসমূহৰ পদাৰ্থবােৰক “ পুনৰাৱৰ্তন কৰিব পৰা ” আৰু “ পুনৰাৱর্তন কৰিব নােৱৰা ” হিচাপে শ্রেণীভুক্ত কৰা।

উত্তৰঃ

পুনৰাৱৰ্তন কৰিব পৰা: প্লাষ্টিকৰ বাটি, কেৰি বেগ, প্লাষ্টিকৰ চকী।
পুনৰাৱর্তন কৰিব নোৱাৰা: বৈদ্যুতিক ছুইচ, কুকাৰৰ নাল, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ।

(৩) তলত দিয়াবােৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনােৱা হয়। ব্যাখ্যা কৰা।

(a) বিদ্যুতৰ প্লাগ / ছুইচ / প্লাগ ব’র্ড
উত্তৰঃ- এইবোৰত সাধাৰণতে বেকেলাইট ব্যৱহাৰ হয়, যি উত্তাপ আৰু বিদ্যুত পৰিবাহিতা নকৰে। ফলত, এইবোৰ সুৰক্ষিত আৰু সজালে স্পৰ্শ কৰিব পাৰি।

(b) ছছপেনৰ নাল
উত্তৰঃ- ছছপেনৰ নালত সাধাৰণতে মেলামাইন ব্যৱহাৰ হয়, যি অধিক তাপ সহ্য কৰিব পাৰে আৰু জুইৰ পৰা ৰক্ষা কৰে।

(c) অগ্নি প্রতিৰােধী কাপােৰ
উত্তৰঃ- এই কাপোৰবোৰ তাপ সহনশীল মেলামাইন প্লাষ্টিকেৰে তৈয়াৰ হয়, যি সহজে জুই নধৰে।

(৪) তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ- তাপ নমনীয় প্লাষ্টিক তাপ পালে নরম হৈ আকৃতি সলনি কৰে, কিন্তু তাপদৃঢ় প্লাষ্টিক একবাৰ গঠিত হোৱাৰ পিছত আকৃতি সলনি নকৰে।

(৫) “ পৰাপক্ষত প্লাষ্টিক বর্জন কৰা উচিত” – কাৰণ দশাই ব্যাখ্যা কৰা।

উত্তৰঃ- প্লাষ্টিক ব্যৱহাৰ সহজ হলেও ই পৰিবেশৰ বাবে ক্ষতিকাৰক। ই বহু বছৰ নোপচাকৈ থকাৰ বাবে মাটিত সাৰ হোৱা নাযায়। ইয়াক দহিলে বিষাক্ত গেছ ওলায়, যি বায়ু প্ৰদূষণ ঘটায়। তদুপৰি, পলিথিন খাই বহু প্ৰাণীৰ মৃত্যুও ঘটিছে। এইবোৰৰ বাবে প্লাষ্টিক বর্জন কৰাটো বাঞ্ছনীয়।

(৬) কৃত্রিম আঁহৰ বিশেষত্বসমূহ কি কি?

উত্তৰঃ- কৃত্ৰিম আঁহেৰে তৈয়াৰী কাপোৰ সহজে ধুই শুকাব পাৰি, অধিক দিন টিকে, সংৰক্ষণৰ সুবিধা থাকে আৰু সহজে পোৱা যায়।

(৭) ৰান্ধনিশালত কাম কৰোঁতে কৃত্রিম আঁহৰদ্বাৰা তৈয়াৰী পােছাক কিয় পৰিধান কৰিব নালাগে।

উত্তৰঃ- কৃত্ৰিম আঁহ তপতালে গলি শৰীৰত লগে। সেয়ে রান্ধনিঘৰত এনে কাপোৰ পিন্ধা বিপদজনক।

(৮) প্লাষ্টিকৰ লগত পৰিৱেশৰ সম্পর্ক কি বুজাই লিখা।

উত্তৰঃ- প্লাষ্টিক ব্যৱহাৰৰ ফলত পৰিবেশত ব্যাপক প্ৰভাৱ পৰিছে। ই বহু বছৰ নোপচাকৈ থাকি পৰিবেশ দুষণ কৰে, জীৱ-জন্তুক ক্ষতি কৰে আৰু বায়ুমণ্ডল প্ৰদূষণ কৰে।

(৯) শুদ্ধ উত্তৰটো বাছি উলিওৱা। কৃত্রিম আঁহসমূহৰপৰা ৰেয়ন বেলেগ , কিয়নাে?

(ক) প্রাকৃতিক আঁহবােৰৰ দৰে ইয়াৰ আঁহবােৰ বব পাৰি। – ✓
(খ) ইয়াক কাঠৰ মণ্ডৰপৰা পােৱা যায়। – ✓
(গ) ইয়াৰ এটা ৰেচম সদৃশ ৰূপ আছে। – ✓

(১০) ক ’ স্তম্ভত দিয়া শব্দবােৰক ‘খ’ স্তম্ভৰ খণ্ড বাক্যৰ লগত শুদ্ধকৈ মিলােৱা।

    উত্তৰঃ-

  • (a) পলিয়েষ্টাৰ — সহজে শোটোৰা নপৰা কাপোৰ।
  • (b) টেফ্লে’ন — আঁট নধৰা ৰন্ধন সামগ্ৰী তৈয়াৰত ব্যৱহৃত।
  • (c) ৰেয়ন — কাঠৰ মণ্ডৰ পৰা প্ৰস্তুত।
  • (d) নাইলন — মোজা আৰু পেৰাছুটৰ বাবে ব্যৱহৃত।

Leave a Reply