কয়লা আৰু পেট্ৰলিয়াম Class 8 Science Chapter – 1 SVN শংকৰদেৱ শিশু নিকেটন

কয়লা আৰু পেট্ৰলিয়াম

Class 8 Science – Fossil Fuels (Assamese)
(১) জীৱাশ্ম ইন্ধন মানে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ–কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ হ’ল নিঃশেষীয় প্রাকৃতিক উৎসৰ উদাহৰণ। এই সকলোবোৰেই মৃত জীৱ-জন্তুৰ অৱশেষৰপৰা উদ্ভৱ হোৱা বাবে ইহঁতক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়।
(২) অংগাৰীকৰণ মানে কি?
উত্তৰঃ–যিহেতু কয়লাৰ মুখ্য উপাদান হৈছে কাৰ্বন, সেয়েহে মৃত উদ্ভিদসমূহ সময়ৰ পাছত ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয়। এই সম্পূর্ণ প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বুলি জনা যায়।
(৩) আজিকালি ৰাস্তা পকী কৰোঁতে আলকতৰাৰ সলনি ব্যৱহাৰ কৰা পদাৰ্থটো কি?
উত্তৰঃ–বৰ্তমান সময়ত ৰাস্তা নিৰ্মাণত আলকতাৰ ঠাইত বিটুমেন ব্যৱহাৰ কৰা হয়।
(৪) পেট্ৰ’ল আৰু পেৰাফিন মমৰ ব্যৱহাৰ কি?
উত্তৰঃ–পেট্ৰ’ল মটৰ বাহনৰ ইন্ধন, উৰণচালক যানৰ ইন্ধন আৰু বস্তু শুকানকৈ ধুবলৈ দ্ৰাৱকৰূপে ব্যৱহৃত হয়।
পেৰাফিন মম মোমবাতি, ঔষধি মলম আৰু ভেছলিন তৈয়াৰত ব্যৱহাৰ হয়।
(৫) মৃত গছ-গছনিৰপৰা কয়লা কেনেদৰে সৃষ্টি হয় বৰ্ণনা কৰা।
উত্তৰঃ–আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ আগতে পৃথিৱীৰ বহু অঞ্চলত ডাঙৰ-ডাঙৰ বন আছিল। প্ৰাকৃতিক দুৰ্ঘটনাৰ ফলত সেইবোৰ বন মাটিৰ তলত পুথিব ধৰিলে। মাটিৰ তলত অধিক চাপ আৰু তাপত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ পৰিণত হয়। এইদৰে উৎপন্ন হোৱাৰ বাবে কয়লাক জীৱাশ্ম ইন্ধন বোলা হয়।
(৬) পেট্ৰ’লিয়ামৰ শোধন কাক বোলে?
উত্তৰঃ–পেট্ৰ’লিয়াম হৈছে এবিধ গাঢ় আৰু কটু গন্ধযুক্ত তৈলাক্ত পদাৰ্থ, যিটো বহু উপাদানৰ মিশ্ৰণ। এই উপাদানসমূহ পৃথক কৰিবলৈ কৰা প্ৰক্ৰিয়াটোক পেট্ৰ’লিয়ামৰ শোধন বুলি কোৱা হয়।
(৭) খালী ঠাই পূৰ কৰা–
(ক) কোনাে বস্তু পিছল কৰিবলৈ __________ ব্যৱহাৰ কৰা হয়।
উত্তৰঃ পিচ্ছিলক তেল (লুব্ৰিকেটিং অইল)

(খ) কয়লাৰ মুখ্য উপাদান হৈছে __________।
উত্তৰঃ কাৰ্বন

(গ) আলকতৰা প্ৰায় __________বিধ পদাৰ্থৰ মিশ্ৰণ।
উত্তৰঃ ২০০ বিধ

(ঘ) __________ৰ পৰা ভেছলিন বনোৱা হয়।
উত্তৰঃ পেৰাফিন মম
(৮) তলৰ উক্তিসমূহ শুদ্ধ নে অশুদ্ধ জানি চিহ্নিত কৰা–
(ক) ক’ক হ’ল কাৰ্বনৰ এটি অশুদ্ধ ৰূপ। – উত্তৰঃ অশুদ্ধ
(খ) নেফথালিন পেট্ৰ’লিয়ামৰ পৰা তৈয়াৰ কৰা হয়। – উত্তৰঃ শুদ্ধ
(গ) বস্তু শুকানকৈ ধুবলৈ পেট্ৰ’ল ব্যৱহৃত হয়। – উত্তৰঃ শুদ্ধ
(ঘ) সূৰ্যৰ পোহৰ নিঃশেষীয় প্রাকৃতিক সম্পদ। – উত্তৰঃ শুদ্ধ
(৯) কিহৰ বাবে প্ৰাকৃতিক গেছ ইন্ধন হিচাপে অধিক গুৰুত্বপূৰ্ণ?
উত্তৰঃ–প্ৰাকৃতিক গেছ এখন গুৰুত্বপূৰ্ণ ইন্ধন। তাৰ বিশেষত্ব কিছুমান হৈছে:
(১) ই এক পৰিষ্কাৰ ইন্ধন;
(২) নলীযোগে সহজে পৰিবহন কৰিব পাৰি;
(৩) ইয়াৰ দহনত উচ্চ শক্তি উৎপন্ন হয়;
(৪) ইয়াৰ দহনত ছাই নুহোৰা বাবে বায়ু প্ৰদূষণ কম হয়।
(১০) সংকুচিত প্ৰাকৃতিক গেছ কাক বোলে?
উত্তৰঃ–যেতিয়া প্ৰাকৃতিক গেছক উচ্চ চাপৰ অধীনত সংৰক্ষণ কৰা হয়, তেতিয়া তাক সংকুচিত প্ৰাকৃতিক গেছ (CNG) বোলা হয়।

Leave a Reply