উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Class 8 Science SVN Chapter 7 শংকৰদেৱ শিশু নিকেটন

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

Class 8 Science Chapter 7 Q&A

১। খালী ঠাই পূৰ্ণ কৰা:

(ক) প্ৰাকৃতিক আৱাসস্থানত প্ৰাণীবোৰক সংৰক্ষণ কৰা স্থানক সংরক্ষিত জীৱ মণ্ডল বোলে।

(খ) কেৱল এটা নিৰ্দিষ্ট স্থানতহে দেখা পোৱা প্ৰজাতিক থলুৱা প্ৰজাতি বোলা হয়।

(গ) পৰিভ্ৰমী চৰাইবোৰ ঋতু পৰিৱৰ্তনৰ বাবে বহু দূৰলৈ যাত্ৰা কৰে।

২। পাৰ্থক্য লিখা:

(ক) অভয়াৰণ্যত প্ৰাণী আৰু আৱাস সংৰক্ষিত থাকে, সংৰক্ষিত জীৱমণ্ডলত মানুহ আৰু প্রকৃতিৰ সহ-অস্তিত্ব সংৰক্ষিত হয়।

(খ) চিৰিয়াখানাত প্ৰাণী খাঁচাত থাকে, অভয়াৰণ্যত প্ৰাণীবোৰ প্ৰাকৃতিকভাৱে চলাফৰা কৰে।

(গ) লুপ্তপ্ৰায় মানে অতি কম পৰিমাণত থকা প্ৰজাতি; বিলুপ্ত মানে সম্পূৰ্ণ নাই হোৱা প্ৰজাতি।

(ঘ) উদ্ভিদকুল মানে অঞ্চলটোৰ উদ্ভিদ, প্ৰাণীকুল মানে অঞ্চলটোৰ প্ৰাণী।

৩। তলত দিয়াবোৰৰ ওপৰত নিৰ্বনীকৰণৰ প্ৰভাৱসমূহ আলোচনা কৰা।

(ক) বন্যপ্ৰাণী

পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ উদ্ভিদ আৰু প্ৰাণীৰ অৱদান অতিপ্ৰয়োজনীয়। বিশেষকৈ বন্য়প্ৰাণীসমূহ জীয়াই থাকিলেহে পৰিৱেশ সুস্থ থাকে আৰু মানুহৰ জীৱনো সুৰক্ষিত থাকে। কিন্তু আজি নিৰ্বনীকৰণৰ বৃদ্ধি হোৱাত ই বন্য়প্ৰাণীৰ বাসস্থান আৰু আহাৰৰ উৎস নষ্ট কৰি পেলাইছে, যাৰ ফলত সিহঁত সংকটৰ সন্মুখীন হৈছে।

(খ) পৰিৱেশ

গছ-গছনি নষ্ট হোৱাৰ ফলত পৰিৱেশত বহু নেতিবাচক প্ৰভাৱ পৰিছে। ই পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰি, বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বঢ়ায়। লগতে, ভূগৰ্ভীয় পানী কমি আহে। লাগাতাৰ গছ কটাই থকাৰ ফলত বৰষুণৰ পৰিমাণ আৰু মাটিৰ উৰ্বৰতা হ্ৰাস পাইছে, যাৰ ফলত খৰাং আৰু বানপানী বেছি দেখা দিছে।

(গ) গাওঁ (গ্ৰামাঞ্চল)

নিৰ্বনীকৰণে গাওঁ অঞ্চলত ভূমিৰ পানী ধাৰণ ক্ষমতা কমাই পেলায়। ইয়াৰ ফলত ভূ-তললৈ পানী গৈ নোপোৱা আৰু বানপানীৰ সৃষ্টি হোৱাটো সাধাৰণ বিষয় হৈ পৰিছে। লগতে, মাটিৰ পুষ্টি আৰু গাঁথনি ধ্বংস হৈ খেতি-বাতিত সমস্যা দেখা দিয়ে।

(ঘ) নগৰ (চহৰাঞ্চল)

নগৰ অঞ্চলত কল-কাৰখানা আৰু বাহনৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰে। গছ-গছনি থাকিলে এই প্ৰদূষণ ৰোধ কৰিব পাৰিলেও, নিৰ্বনীকৰণৰ বাবে গছৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ অধিক হৈছে, যাৰ ফলত মানুহে বেছি দূষিত বায়ু শ্বাস লৈছে।

(ঙ) পূথিৱী

পৃথিৱীৰ ওপৰত নিৰ্বনীকৰণৰ দীঘলীয়া প্ৰভাৱ পৰে। উদ্ভিদৰ পৰিমাণ কমি যোৱাৰ বাবে সালোক-সংশ্লেষণৰ বাবে প্ৰয়োজনীয় কাৰ্বন-ডাই-অক্সাইড কম ব্যৱহাৰ হয়, ফলত ইয়াৰ পৰিমাণ বায়ুমণ্ডলত বাঢ়ে। ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাই জলচক্ৰৰ ওপৰত প্ৰভাৱ পেলায়, ফলত বৰষুণ কমি খৰাঙৰ সৃষ্টি হয়।

(চ) উত্তৰ প্ৰজন্ম

যদি বন ধ্বংস অব্যাহত থাকে, তেতিয়া গ্লোবেল ৱাৰ্মিঙে পৰ্বতৰ বৰফ গলাই দিয়ে। ফলত সমুদ্ৰৰ পানীৰ স্তৰ বৃদ্ধি পায় আৰু বহু উপকূলীয়া অঞ্চল পানীৰ তলত গৈ পৰে। আগন্তুক প্ৰজন্মে এই অঞ্চলসমূহত জীৱন কটাব নোৱাৰিব। লগতে, বনজ সম্পদৰ বিলুপ্তিৰ সম্ভাৱনাও থাকে, যাৰ ফলত মানুহৰ ভবিষ্যৎ জটিল হৈ পৰিব।

৪। কি হ’ব পাৰে:

(ক) গছ কাটি থাকোঁ – উষ্ণতা বাঢ়ে, অক্সিজেন কমে, বায়ু প্ৰদূষণ বৃদ্ধি পায়।

(খ) প্ৰাণীৰ বাসস্থান বাধাগ্ৰস্ত – বহু প্ৰজাতি বিপন্ন বা বিলুপ্ত হ’ব পাৰে।

(গ) মাটিৰ ঊৰ্ধ্বতম স্তৰ উন্মুক্ত হয় – মাটি ক্ষয়, খেতি হ্ৰাস।

৫। চমু উত্তৰ:

(ক) আমি কিয় জৈৱ বিভিন্নতা সংৰক্ষণ কৰিব লাগে?
– খাদ্য শৃংখলা, পৰিবেশৰ সমতা বজাই ৰাখিবলৈ।

(খ) সংৰক্ষিত অৰণ্যবোৰো বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণ নিৰাপদ নহয় কিয়?
– চোৰাং চিকাৰী আৰু মানুহৰ হস্তক্ষেপৰ বাবে।

(গ) কিছুমান জনজাতীয় লোকে অৰণ্যৰ ওপৰত কেনেকৈ নিৰ্ভৰশীল?
– খাদ্য, জ্বালানী, গৃহ সামগ্ৰী বনৰ পৰা লাভ কৰে।

(ঙ) ৰেড ডেটা বুক কি?
– লুপ্তপ্ৰায় উদ্ভিদ আৰু প্ৰাণীৰ তালিকা থকা এখন পুথি।

(চ) পৰিভ্ৰমণ বুলিলে কি বুজা?
– ঋতু ভিত্তিক দূৰ-দূৰালৈ যাত্ৰা কৰা চৰাইৰ গতি।

৬। গছ কটা কি উচিত?

বাসস্থান আৰু কল-কাৰখানাৰ বাবে গছ কটা প্ৰয়োজন বুলি ধৰা হলেও, ই পৰিৱেশৰ ক্ষতি কৰে।

গছ কমিলে বায়ুমণ্ডলত অক্সিজেন হ্ৰাস, উষ্ণতা বৃদ্ধি, বৃষ্টিপাত হ্ৰাস আদি সমস্যা দেখা দিয়ে।

সেয়ে এনে প্ৰকল্পত গছ কটা উচিত নহয়।

৭। কাগজ কিয় সঞ্চয় কৰিব লাগে? কিদৰে সঞ্চয় কৰা হয়?

কাগজ বন-সম্পদৰ পৰা তৈয়াৰী, সেয়েহে ই সঞ্চয় কৰাটো অতি প্ৰয়োজন।

কাগজ সংৰক্ষণ কৰিলে বন ধ্বংস ৰোধ হয়, বিদ্যুৎ আৰু পানীৰো অপচয় নোহোৱা হয়।

সঞ্চয়ৰ উপায়:

– অপচয় নকৰা।

– পুনৰ ব্যৱহাৰ কৰা।

– প্ৰয়োজনতহে ব্যৱহাৰ কৰা।

Leave a Reply