ইন্টাৰনেটৰ তিতা মিঠা।Class 10 Assamese Solution ।Chapter 9। Question Answer Seba Board 2024 – 2025

ইন্টাৰনেটৰ তিতা মিঠা

ইন্টাৰনেটৰ তিতা মিঠা

১) চমুকৈ উত্তৰ লিখাঃ

ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?

উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীর্ণ হোৱা বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়। সেইবাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল৷

খ) ইন্টাৰনেট কি?

উত্তৰঃ ইন্টাৰনেট হ’ল- কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা৷ ‘Interconnection of Networks’-এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ‘Internet’ শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট (Net) বুলিও কোৱা হয়৷

গ) কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল?

উত্তৰঃ কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই- মেইল কৰিছিল৷

ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল৷

ঙ) ভাইৰাছ কি?

উত্তৰঃ ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম৷ Virus ৰ সম্পূৰ্ণ নাম হ’ল ‘Virus information resources under seize’.

২) WWW বা ৱেব কি?

উত্তৰঃ পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ WWW অর্থাৎ সম্পুৰ্ণ ৰূপ `ৱৰ্ল্ড ৱাইড ৱেব’ (World wide web) বোলে। www- ত তথ্যবোৰ পাঠ, গ্রাফিকছ, ভিদিঅ’ আৰু অদিঅ’ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি৷

৩) কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?

উত্তৰঃ কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বন্ধু-বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চক সোৱাদ লাভ কৰিব পাৰিলে৷

৪) ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?

উত্তৰঃ ইন্টাৰনেটৰ কুঁৱলীৰ মন-মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন ন অভিজ্ঞতা অর্জন কৰিলে। ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকি ল’লে। তাই ই-মেইলৰ সোৱাদত ইমান অভিভূত হ’ল যে ভিদিঅ’ কলিঙৰ সোৱাদ ল’বলৈ উদগ্ৰীৱ হৈ পৰিল৷ কুঁৱলীয়ে নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্রাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্রফুল্লিত কৰি ৰাখে৷

৫) ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?

উত্তৰঃ ভাইৰাছ (Virus) ৰ সম্পূৰ্ণ ৰূপ হৈছে Vital information resources under seize’। ই হৈছে এক ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম৷ ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ ৷

৬) ‘ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে’-কথাষাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা৷

উত্তৰঃ ‘ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে’-কথাষাৰৰ বক্তা শ্বাবানা বাইদেউ৷ ইয়াত ইন্টাৰনেটৰ ভাল সুবিধাখিনিক মিঠা সুবিধা আৰু অসুবিধাখিনিক তিতা অসুবিধা বুলি কোৱা হৈছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত স্বড়িত গতিৰে আগবঢ়াই নি উন্নতিৰ সপোণ ৰচিব পাৰিব৷ ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কার্যক্রম, নীতিশিক্ষা পাব পৰা চিনেমা, চিৰযুগমীয়া গান, খেলা-ধূলা, পৃথিৱীৰ বিভিন্ন ধৰণৰ বা-বাতৰি, খা-খবৰ আদি ইন্টাৰনেটৰ জৰিয়তে ল’ব পাৰি। ইন্টাৰনেটৰ এইবোৰ সুবিধা মিঠা সুবিধা বোলা হয়। আনহাতে ইন্টাৰনেটৰ বহু অসুবিধাও আছে। ইন্টাৰনেটে নতুন প্ৰজন্মক কিতাপৰ জগতখনৰ পৰা, খেলা-ধূলা জগতখনৰ পৰা, সাহিত্য- সংস্কৃতিৰ পৰা বহু পৰিমাণে আঁতৰি আহিছে৷ তদুপৰি ইন্টাৰনেটৰ জৰিয়তে বহুতো ভুৱা বাতৰি প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সীমিত ভাৱে আৰু সচেতনতাৰ ব্যৱহাৰ কৰিব লাগে। ইন্টাৰনেটৰ এনে অসুবিধাবোৰক তিতা অসুবিধা বোলে ৷

ইন্টাৰনেটৰ তিতা মিঠা।Class 10 Assamese।Chapter 7।Question Answer Seba Board 2024 – 2025 । ইন্টাৰনেটৰ তিতা মিঠা।Class 10 Assamese।Chapter 7।Question Answer Seba Board 2024 – 2025।ইন্টাৰনেটৰ তিতা মিঠা।Class 10 Assamese।Chapter 7।Question Answer Seba Board 2024 – 2025

৭) ইন্টাৰনেটৰ তিতা মিঠা’ গল্পটোৰ নামকৰণ সার্থকতা বিচাৰ কৰা৷

উত্তৰ: ইন্টাৰনেটৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণভাৱে ধাৰণা এটি দিৱলৈ গৈ লেখিকা ড. প্রণয়ী দত্তই এই গল্পটিৰ নাম ‘ইন্টাৰনেটৰ তিতা মিঠা’ ৰাখিব বুলি ধাৰণা কৰিলে। পৃথিৱীৰ সকলো বস্তুৰে ভাল-য়া দুয়োটা দিশ আছে। লেখিকা ড. প্রণয়ী দত্ত নিজেও ইলেক্ট্রনিক মাধ্যমৰ হোৱা হেতুকে সেই মাধ্যমৰ সুবিধা-অসুবিধা দুয়ো দিশতে তেওঁ জ্ঞাত৷ ইন্টাৰনেটৰ বহুল প্ৰসাৰ তথা উপযোগিতাই মানুহৰ শ্ৰম লাঘৱ কৰি থাকোতে বিভিন্ন বতৰা দিৱলৈ সক্ষম হৈছে, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে বহুলোক বিশেষকৈ ছাত্রসমাজ বিভিন্ন ক্ষতিৰো মুখামুখি হৈছে৷ এটা মূদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। সূর্য সর্বশক্তিৰ আধাৰ৷ সূৰ্যৰ তাপ পোঁহৰ নথকা হ’লে এই ধৰাত জীৱ আৰু উদ্ভিদকুলৰ একো অস্তিত্ব নাথাকিলেহেঁতেন। আকৌ ইয়াৰ বিপৰীতফালে সূৰ্যৰ উৎকট তাপত জহকালি আমি বাটলৈ ওলাব নোৱাৰোঁ, ঠায়ে ঠায়ে মানুহ তথা জীৱ জন্তুৰ লগতে গছ-লতিকাও মৃত্যুমুখত পৰে ৷ একেদৰে ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত তৃড়িত গতিৰে আগবঢ়াই নি উন্নতিৰ সপোণ ৰচিব পাৰিব৷ অৱেশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্রভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পূর্ণমাত্রাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব, তেতিয়া সেই বেয়া দিশ কু-ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ়প্রতিজ্ঞ হব। ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও জানিব পাৰি৷ মনোৰঞ্জনৰ বাবে নীতিশিক্ষা থকা পুৰণি চিনেমা, সু-গায়ক তথা গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰিব পাৰি৷ মুঠতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা-খবৰ ইন্টাৰনেটৰ জৰিয়তে ল’ব পাৰি বুলি লেখিকা গৰাকীয়ে উল্লেখ কৰিছে। ইন্টাৰনেটৰ এনে সুবিধাবোৰক মিঠা সুবিধা বোলা হৈছে। ইন্টাৰনেটৰ আনহাতে কিছুমান অসুবিধাও আছে। ইন্টাৰনেটে এতিয়াৰ নতুন প্ৰজন্মক কিতাপৰ জগতৰ পৰা, খেলা-ধূলাৰ জগতখনৰ পৰা, সাহিত্য-সংস্কৃতি আদিৰ পৰা বহুত আতৰাই আনিছে। ইন্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰিৰ প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সীমিতভাৱে আৰু সচেতনাৰে ব্যৱহাৰ কৰিব লাগে৷ ইন্টাৰনেটৰ এনেবোৰ অসুবিধাকে তিতা অসুবিধা বোলা হয়। সেইবাবে এই গল্পটোৰ নাম ‘ইন্টাৰনেটৰ তিতা মিঠা’ নামেৰে সাৰ্থক কৰা হৈছে৷

ইন্টাৰনেটৰ তিতা মিঠা।Class 10 Assamese।Chapter 7।Question Answer Seba Board 2024 – 2025 । ইন্টাৰনেটৰ তিতা মিঠা।Class 10 Assamese।Chapter 7।Question Answer Seba Board 2024 – 2025।ইন্টাৰনেটৰ তিতা মিঠা।Class 10 Assamese।Chapter 7।Question Answer Seba Board 2024 – 2025

৮)ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰঃ ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত অধিক প্ৰভাৱ পেলাব পাৰে। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণতে দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম-কাজ, খেলা-ধূলা ইত্যাদি বিভিন্ন প্রয়োজনীয় কৰ্মৰ পৰা বিৰত ৰাখে৷ সাধাৰণতে আজিকালিৰ ছাত্ৰ-ছাত্ৰীয়ে ইন্টাৰনেটত গেম খেলি আনন্দ পায়। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ একেবাৰে

ধৰণৰ কমি যায়৷ কোনোধৰণৰ অনুষ্ঠান-উৎসৱত আজিকালিৰ লৰা-ছোৱালীয়ে ভাগ ল’বলৈ উৎসাহ নেদেখুৱায়। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে ল’ৰা ছোৱালীৰ৷ ইন্টাৰনেটৰ ব্যৱহাৰৰ ফলত আপোনজনক মাত এষাৰ দিবলৈ তেওঁলোকে পাহৰি যায়। ইন্টাৰনেট সংলগ্ন ম’বাইল চাই চাই যাওঁতে বহুতো পথ দুর্ঘটনাতো পৰা দেখা গৈছে। বহু সময়ত ইন্টাৰনেটৰ প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱাও দেখা গৈছে ৷

ভাষা- বিষয়ক:

৯) বাক্য ৰচনা কৰাঃ

চিনাকি-অচিনাকি, অলীক সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা ৷

উত্তৰ:

চিনাকি-অচিনাকিঃ ইন্টাৰনেটৰ জৰিয়তে চিনাকি-অচিনাকি বহুতো লোকক লগ পোৱা যায়৷

অলীক-সপোনঃ ভালদৰে পঢ়া-শুনা নকৰি চৰকাৰী চাকৰি পাব বিচৰাটো অলীক-সপোনৰ লেখিয়া৷

নাকে-মুখেঃ বিদ্যালয়লৈ যোৱাৰ সময়ত সদায় নাকে-মুখে এমুঠি গুজি যাবলগীয়া হয়৷

পৰীক্ষা-নিৰীক্ষা :- ইন্টাৰনেটৰ জৰিয়তে মীনাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকি ল’লে৷

১০) অর্থ লিখা (অভিধান চাই)

ক্ষতি, বিজুতি, গুণা- গঁথা, উদাস, পঞ্জীভূত৷

উত্তৰ: ক্ষতি : নাশ, ধ্বংস, হানি, অনিষ্ট।

বিজুতি : যন্ত্ৰ আদিত ওলোৱা বেমাৰ৷

গুণা-গঁথা – চিন্তা-চৰ্চা৷ অনুৰাগহীন৷

উদাস : অনুৰাগহীন৷

পঞ্জীভূত : সঞ্জিত ৷

ইন্টাৰনেটৰ তিতা মিঠা।Class 10 Assamese।Chapter 7।Question Answer Seba Board 2024 – 2025 । ইন্টাৰনেটৰ তিতা মিঠা।Class 10 Assamese।Chapter 7।Question Answer Seba Board 2024 – 2025।ইন্টাৰনেটৰ তিতা মিঠা।Class 10 Assamese।Chapter 7।Question Answer Seba Board 2024 – 2025

Leave a Reply

Your email address will not be published. Required fields are marked *