class10 Social science ইতিহাস অধায় – ১বংগ বিভাজন (১৯০৫-১৯১১)আৰু স্বদেশী আন্দোলন । History chapter 1 । Seba board। in assamese medium।

ইতিহাস অধায় – ১ বংগ বিভাজন (১৯০৫-১৯১১)আৰু স্বদেশী আন্দোলন

অনুশীলনীৰ প্রশ্নোত্তৰ
প্রশ্ন ১। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসন কালত সংঘটিত হৈছিল ?
উত্তৰ : লর্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত ।
প্রশ্ন ২। ১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কার্যকৰী হৈছিল ?
উত্তৰ : ১৬ অক্টোবৰ তাৰিখে ।
প্রশ্ন ৩। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল ?
উত্তৰ : দিনাজপুৰত দ্বিতীয়খন বিশাল সভাত ১৯০৫ চনৰ ২০ জুলাইত ৷
প্রশ্ন ৪। স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল ?
উত্তৰ : ভূপেন্দ্ৰনাথ দত্তই (১৯০৬ চনত)।
প্রশ্ন ৫। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?
উত্তৰ : ১৯০৬ চনৰ ১১ মাৰ্চ তাৰিখে ।
প্রশ্ন ৬। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?
উত্তৰ : আচার্য প্রফুল্ল ৰায় ৷
প্রশ্ন ৭। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?
উত্তৰ : দাদাভাই নৌৰজীৰ পৌৰোহিত্যত।
প্রশ্ন ৮। ‘বন্দিনী ভাৰত’ নামৰ নাটকখনৰ ৰচক কোন ?
উত্তৰ : অম্বিকাগিৰী ৰায়চৌধুৰী ।
প্রশ্ন ৯। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল ?
উত্তৰ : ১৯১১ খ্ৰীঃৰ ১২ ডিচেম্বৰত ৷
চমু উত্তৰৰ প্ৰশ্ন :
প্রশ্ন ১। বংগ বিভাজনে সৃষ্টি কৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা ৷
উত্তৰ : ৰাজশাহী, ঢাকা আৰু চট্টগ্রাম ৷
প্রশ্ন ২। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা ৷
উত্তৰ : লর্ড কার্জনৰ বংগবিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল— ঐক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰা ৷
প্রশ্ন ৩। বংগ বিভাজন বিৰোধী আন্দোলনে “স্বদেশী আন্দোলন” নাম কিয় পাইছিল চমুকৈ লিখা। [HSLC-2017]
উত্তৰ : বংগবিভাজনক পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছৰ পৰা এই আন্দোলন ‘স্বদেশী আন্দোলন’ নামে জনাজাত হয়।
প্রশ্ন ৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা [HSLC.’18, ’23] কৰা।
উত্তৰ : স্বদেশী আন্দোলনৰ তৃতীয়টো অংগ আছিল জাতীয় শিক্ষা। এই জাতীয় শিক্ষাৰ মুখ্য উদ্দেশ্য আছিল ইংৰাজী শিক্ষা বৰ্জন কৰি দেশৰ বিভিন্ন অঞ্চলত জাতীয় শিক্ষানুষ্ঠান গঢ়ি তোলা। এই কাৰ্যসূচী ৰূপায়ণ কৰোঁতে প্ৰাচীন ভাৰতীয় শিক্ষা, সাহিত্য, সংস্কৃতি আৰু ভাষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। সেই সময়ত বংগদেশত জাতীয় শিক্ষাৰ বেছ প্ৰচাৰ হৈছিল। এই আন্দোলনৰ গইনা লৈ ভালেমান জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। ১৯০৬ চনৰ ১৫ আগষ্টত কলিকতাত জাতীয় শিক্ষা পৰিষদ নামে এটি অনুষ্ঠান গঢ়ি তোলা হৈছিল। জাতীয় শিক্ষা পৰিষদৰ উদ্যোগতেই অৰবিন্দ ঘোষক অধ্যক্ষ হিচাপে লৈ কলিকতাত এখন জাতীয় কলেজ স্থাপন কৰা হৈছিল ৷ ১৯০৫ চনৰ ৬ আগষ্ট তাৰিখে কলিকতাত বংগ জাতীয় বিদ্যালয়’ নামৰ এখন জাতীয় শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰে। ৮ নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়। ১৯০৬ চনৰ ১৫ আগষ্ট তাৰিখে “বংগ জাতীয় মহাবিদ্যালয়” স্থাপন হয় । অৰবিন্দ ঘোষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ লৈছিল। স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল।
প্রশ্ন ৫। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল ? [HSLC. 2020]
উত্তৰ : স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানা গঢ়ি তোলাৰ পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি পোৱাত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। স্বদেশী আন্দোলনৰ সময়ত যোগেশচন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত কলিকতাৰ বউবজাৰত ইণ্ডিয়ান ষ্টোৰছ’ (১৯০৫) নামৰ প্ৰতিষ্ঠানটো গঢ়ি উঠিছিল। আব্দুল হালিম গজনবিয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্টোৰছ ১৯০৬ চনত । জগদীশচন্দ্ৰ বসু, প্রফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি অসাধাৰণ ব্যক্তি সকলেও বংগদেশত কেইবাটাও বৃহৎ উদ্যোগ গঢ়ি তোলাৰ চেষ্টা কৰিছিল। সেইমতে নীলৰতন চৰকাৰৰ উদ্যোগত ‘বংগলক্ষ্মী কটন মিল (১ আগষ্ট ১৯০৬) আৰু আচাৰ্য প্ৰফুল্ল ৰায়ে ‘বেংগল কেমিকেলছ’নামে প্রতিষ্ঠানটো মুকলি কৰিছিল। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা ১৯০৭ চনত গঢ়ি তুলিছিল। সেই সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত আধুনিক শিল্প উদ্যোগ গঢ়ি উঠিছিল। ১৯০৫ চনৰ ১৭ ডিচেম্বৰ তাৰিখে R.C. Dutta ৰ নেতৃত্বত বাৰাণসীত অনুষ্ঠিত হোৱা “ভাৰতীয় উদ্যোগ সন্মিলন”ত স্বদেশী উদ্যোগসমূহৰ বিষয়ে দেশবাসীক সজাগ কৰি তুলিছিল।
প্রশ্ন ৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্য ব্ৰিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল ? [HSLC-2017] অথবা, স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কি কি কৰ্মপন্থা লৈছিল? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে? [HSLC-2019]
উত্তৰ : স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে লোৱা কাৰ্যসূচী সমূহহ’ল—
(ক) ব্ৰিটিছ সাম্প্ৰদায়িক ভেদ নীতিৰে মুছলমানসকলক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই নিছিল ৷
(খ) লর্ড কার্জনে মুছলমানসকলক “পূৰ্ব বংগ আৰু অসম” নামৰ নতুন প্ৰদেশখনত নিজস্ব গৃহভূমি লাভ কৰিব বুলি আশ্বাস দিছিল। গতিকে তেওঁলোকে আন্দোলন কৰিব নালাগে।
(গ) ব্ৰিটিছে ১৯০৯ চনৰ শাসন সংস্কাৰৰ মাধ্যমত পৃথক ভোটাধিকাৰেৰে মুছলমানসকলক পৃথক আৰু ব্ৰিটিছৰ অনুগত ৰাজনৈতিক শক্তিত পৰিণত কৰিছিল ৷
(ঘ) ব্ৰিটিছে বংগৰ ৰাজহুৱা ৰাস্তা-ঘাটত বন্দে মাতৰম ধ্বনি দিয়াটো নিষিদ্ধ কৰিছিল ৷
(ঙ) ছাত্র-ছাত্রীসকলক আন্দোলনৰ পৰা আঁতৰাই নিয়াৰ বাবে শাস্তিমূলক অধিসূচনা জাৰি কৰিছিল । আনকি বহু ছাত্ৰ-ছাত্ৰীক শাৰীৰিক শাস্তি দিয়া হৈছিল ।
(চ) ৰাজহুৱা সভা সমিতি বেআইনী বুলি ঘোষণা কৰিছিল ।
(ছ) বংগদেশৰ পৰা প্ৰকাশিত যুগান্তৰ, বন্দে মাতৰম, সন্ধ্যা আদি ভালেমান বাতৰি কাকতৰ ওপৰত নিষেধাজ্ঞা জাপি দিছিল ।
(জ) ব্ৰিটিছ চৰকাৰে স্বদেশী আন্দোলনৰ নেতা সকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে আৰোপিত উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল।
আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰা নাছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, গোপালকৃষ্ণ গোখলে আদি কংগ্ৰেছৰ শীৰ্ষ নেতাৰ স্থিতিয়ে চৰকাৰক শ’লঠেকত পেলাইছিল ৷
প্রশ্ন ৭। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।
উত্তৰ : স্বদেশী আন্দোলনৰ তিনিটা ফলাফল হ’ল—
(ক) স্বদেশী আন্দোলনৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত বিভিন্ন সংবাদপত্র, আলোচনী, গ্ৰন্থ আৰু গীত, নাটক, প্রবন্ধ ইত্যাদি প্ৰকাশিত হৈছিল ৷
(খ) স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প-কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়ি উঠিছিল ।
(গ) স্বদেশী আন্দোলনৰ পটভূমিত ‘বংগ জাতীয় বিদ্যালয়’নামৰ জাতীয় শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল।
প্রশ্ন ৮। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা ৷
উত্তৰ : স্বদেশী আন্দোলনৰ তিনিটা অৱদান হ’ল—
(ক) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল।
(খ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল।
(গ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱ সূচনা হৈছিল ।
প্রশ্ন ৯। চমুটোকা লিখা :
(ক) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ বংগৰ এজন বিখ্যাত কবি-সাহিত্যিক আছিল। তেওঁ স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ২৩ টা গীত ৰচনা:কৰিছিল। “আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালবাসি” গীতটোৱে পিছৰ সময়ত স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল। স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথ ঠাকুৰে “ভাই ভাই এক ঠাই” নামৰ বিখ্যাত প্রবন্ধখন ৰচনা কৰিছিল। তেখেতৰ “যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে….’ৰ দৰে তীব্ৰ জাতীয় আবেদনময়ী গীতে চিৰকাল জনপ্রিয়তা লাভ কৰিছে।
(খ) মাৰ্গাৰেট এলিজাবেথ এবোল (ভগিণী নিবেদিতা) :
উত্তৰ : ভগিণী নিবেদিতা হ’ল নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা এগৰাকী নাৰী । আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা এই গৰাকী মহীয়সী নাৰীৰ নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবোল (Margret Elizabeth, 1864-1911)। কলিকতাত থকা সময়ত তেওঁ ইয়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছচাইটি, ডন ছচাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ’বলৈ আহ্বান জনাইছিল ।
(গ) নবাব ছলিমউল্লা :
উত্তৰ : নবাব ছলিমউল্লা ‘সৰ্বভাৰতীয় মুছলিম লীগ’ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ মূল, গুৰি ধৰোঁতা আছিল। ছলিমউল্লা ঢাকাৰ নবাব আছিল। তেওঁ ১৯০৬ খ্ৰীঃৰ ৩০ ডিচেম্বৰ তাৰিখে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াৰ লগ হৈ ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশ গ্ৰহণ কৰিছিল। সেই সভাখনতে তেওঁ ‘সৰ্বভাৰতীয় মুছলিম লীগ’ নামৰ ৰাজনৈতিক অনুষ্ঠানটো স্থাপন কৰিছিল ৷
(ঘ) অম্বিকাগিৰী ৰায়চৌধুৰী :
উত্তৰ : অম্বিকাগিৰী ৰায়চৌধুৰী স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ নেতা আছিল । তেওঁ অসমবাসীৰ মাজত বংগ ভংগ বিভাজন আন্দোলনৰ বীজ সোমোৱাইছিল। তেওঁক অসমকেশৰী বুলি কোৱা হয়। অম্বিকাগিৰীয়ে ‘বন্দিনী ভাৰত’ নামৰ এখন বিদ্রোহাত্মক নাটক ৰচনা কৰিছিল । কটন কলেজিয়েট হাইস্কুলত নাটকখনৰ অভিনয় চলি থকাৰ মাজতে পুলিচে মঞ্চৰ পৰা নাটকখনৰ পাণ্ডুলিপি বাজেয়াপ্ত কৰিছিল। অম্বিকাগিৰীয়ে ‘সেৱা সংঘ’ নামৰ এটা বিপ্লৱী সংগঠনো গঢ়ি তুলিছিল। ১৯০৫ চনত ফুলাৰক হত্যা কৰা চেষ্টাৰ অপৰাধত পুলিচে তেওঁক বৰপেটাৰ জেলত বন্দী ৰূপে ভৰাই থৈছিল।
“`


Leave a Reply