You are currently viewing আৰক্ষীৰ অভিযান : ধুবুৰীত এজনক গ্ৰেপ্তাৰ…

আৰক্ষীৰ অভিযান : ধুবুৰীত এজনক গ্ৰেপ্তাৰ…

ধুবুৰী আৰক্ষীয়ে মঙলবাৰে সন্ধিয়া এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এজন তীৰৰ এজেণ্টক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ ওচৰৰ পাণ দোকান এখনৰ পৰা তীৰৰ ব্যৱসায় চলাই থকা সময়তে আৰক্ষীৰ দলটোৱে হাতে-লোটে তীৰৰ এজেণ্টজনক গ্ৰেপ্তাৰ কৰে।

ধৃত তীৰৰ এজেণ্টজন ধুবুৰী চহৰৰ ৬ নং ৱাৰ্ডৰ সমৰজিৎ সাহা বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে অভিযানকালত তীৰৰ এজেণ্টজনৰ পৰা ৫টা কৈ তীৰৰ টিকট বহী, এটা মোবাইলৰ লগতে কিছু নগদ ধন জব্দ কৰে।


source

Leave a Reply