আমাৰ পৰিবেশ । Class 10 Science।Chapter 15 । Solution আমাৰ পৰিবেশ । বিজ্ঞানৰ প্ৰশ্নত্তোৰ । Academic year 2024 – 2025

আমাৰ পৰিবেশ । Class 10 Science Chapter 15 ।আমাৰ পৰিবেশ । বিজ্ঞানৰ প্ৰশ্নত্তোৰ । Academic year 2024 – 2025

আমাৰ পৰিবেশ

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. কিছুমান পদার্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কিয় হয়?

উত্তৰঃ- কিছুমান পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষিত হৈ সৰল পদাৰ্থলৈ ভাঙি যায়। সেয়ে এনে পদার্থসমূহজীৱ নিম্নীকৰণযোগ্য। আনহাতে আন কিছুমান পদার্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষিত নহয় । তেনে পদাৰ্থসমূহক জীৱ নিম্নীকৰণ অযোগ্য পদার্থ বোলা হয় ।

2. জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা

উত্তৰ : জীৱ নিম্নীকৰণযোগ্য পদাৰ্থই পৰিৱেশক প্ৰভাৱান্বিত কৰিব পৰা দুটা উপায় হ’ল— (i) এনে পদার্থসমূহ সৰল অৱস্থালৈ ভাঙি গৈ যিহেতু মাটিৰ লগত মিহলি হৈ যায়, ইহঁতে ৰাস্তা-ঘাটত আৱৰ্জনাৰ সৃষ্টি নকৰে আৰু আমাৰ চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ হৈ থকাত সহায় কৰে। (ii) এনে পদাৰ্থসমূহে মাটিৰ লগত মিহলি হৈ মাটিৰ গুণাগুণ উন্নত কৰে ৷

পাঠভিত্তিক প্রশ্নোত্তৰ

1. পৌষ্টিক স্তৰ কি? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।

উত্তৰ : এডাল খাদ্যশৃংখলৰ প্ৰতিটো স্তৰ বা পৰ্যায়ক পৌষ্টিক স্তৰ (trophic level) বোলে ৷

খাদ্য শৃংখলৰ উদাহৰণ-ঘাঁহ-বন→ ফৰিং →ভেকুলী⇒ সাপ

প্ৰথম পৌষ্টিক স্তৰ – ঘাঁহ বন

দ্বিতীয় পৌষ্টিক স্তৰ – ফৰিং

তৃতীয় পৌষ্টিক স্তৰ – ভেকুলী ।

চতুৰ্থ পৌষ্টিক স্তৰ – সাপ

2. পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি?

উত্তৰঃ- বিয়োজক হ’ল কিছুমান অণুজীৱ যিয়ে জটিল জৈৱ পদাৰ্থসমূহক ভাঙি সৰল অজৈৱ পদাৰ্থৰ সৃষ্টি কৰে, যি পিছত মাটিলৈ গৈ পুনৰ উদ্ভিদৰ দ্বাৰা ব্যৱহৃত হয়। এনেদৰে বিয়োজকে আৱর্জনা আৰু মৃত উদ্ভিদ আৰু প্ৰাণীসমূহৰ বিয়োজন ঘটাই পৰিৱেশতন্ত্র এটাক নিকা কৰি ৰাখে । ইয়াৰোপৰি বিয়োজকৰ বাবে মাটিৰ প্ৰয়োজনীয় পোষক পদাৰ্থসমূহৰ পুনৰুদ্ধাৰ সম্ভৱ হৈ পৰে, যাক উদ্ভিদে নিৰৱচ্ছিন্নভাৱে ব্যৱহাৰ কৰি থাকিব পাৰে ।

পাঠভিত্তিক প্রশ্নোত্তৰ

1. অজ’ন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্রভাব পেলায়?

উত্তৰ : অ’জন (O,) হল তিনিটা অক্সিজেন পৰমাণুৰে গঠিত এটা অণু । অ’জনে পৰিৱেশতন্ত্ৰ এটাত যোগাত্মকভাৱে প্ৰভাৱ বিস্তাৰ কৰে। অ’জনে বায়ুমণ্ডলৰ ওপৰৰ স্তৰত সূৰ্যৰ অতি বেঙুণীয়া ৰশ্মিক শোষণ কৰি পৃথিৱী পৃষ্ঠক তাৰ ক্ষতিকাৰক -প্ৰভাৱৰ পৰা সুৰক্ষা দিয়ে। এনেদৰে পৃথিৱীৰ পৰিৱেশতন্ত্ৰ এটাত থকা সকলো উদ্ভিদ আৰু প্ৰাণী অ’জন স্তৰৰ বাবে সূৰ্যৰ হানিকাৰক অতি বেঙুনীয়া বিকিৰণৰ পৰা ৰক্ষা পৰে।

2. পেলনীয়া আবৰ্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্রহণ কৰিবা? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা।

উত্তৰ : আৱৰ্জনা নিষ্কাশনৰ সমস্যা তলত দিয়া ধৰণে কমাব পৰা যায় —

(ক) আমি দৈনন্দিন জীৱনত জীৱ নিম্নীকৰণ অযোগ্য পদাৰ্থৰ ব্যৱহাৰ কমাই জীৱ নিম্নীকৰণযোগ্য পদাৰ্থৰ ব্যৱহাৰ বেছিকৈ কৰা উচিত ।

(খ) কোনো এটা বস্তু ব্যৱহাৰ কৰি পেলাই দিয়াৰ সলনি আমি একেটা বস্তুকে বাৰে বাৰে ব্যৱহাৰ কৰাৰ অভ্যাস গঠন কৰা উচিত ।

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰ

(a) ঘাঁহ, ফুল আৰু চামৰা। 

(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক। 

(c) ফল মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস।

(d) পিঠা, কাঠ আৰু ঘাঁহ। 

Ans. (a). (c) আৰু (d)

2. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? 

(a) ঘাঁহ, ঘেঁহ আৰু আম।

(b) ঘাঁহ, ছাগলী আৰু মানুহ। 

(c) ছাগলী, গৰু আৰু হাতী।

(d) ঘাঁহ, মাছ আৰু ছাগলী।

Ans. (b) ঘাঁহ, ছাগলী আৰু মানুহ ।

3. তলত উল্লেখ কৰা বিলাকৰ কোনকেইটা পৰিৱেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত?

(a) দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা। 

(b) অপ্রয়োজনীয়ভাবে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস।

(c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস।

(d) ওপৰৰ আটাইকেইটা অভ্যাস। 

Ans. (a) দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস।

 4. কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব?

উত্তৰ : আমি যদি এটা পৌষ্টিক স্তৰৰ আটাইবোৰ জীৱ হত্যা কৰো, তেনেহলে ই গোটেই পৰিৱেশতন্ত্ৰতে কুপ্ৰভাৱ পেলাব। কাৰণ, এনে ক্ষেত্ৰত এই পৌষ্টিক স্তৰৰ জীৱসমূহক ভক্ষণ কৰা পৰৱৰ্তী পৌষ্টিক স্তৰৰ জীৱসমূহো মৃত্যুমুখত পৰিব। আনহাতে এই পৌষ্টিক স্তৰৰ জীৱসমূহে পূৰ্বৱৰ্তী যিটো পৌষ্টিক স্তৰৰ জীৱ ভক্ষণ কৰে, সেই পৌষ্টিক স্তৰৰ জীৱৰ অস্বাভাৱিক সংখ্যাবৃদ্ধিয়ে পৰিৱেশতন্ত্ৰৰ স্বাভাৱিক জীৱন ক্ষতিগ্ৰস্ত কৰিব।

 5. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাব পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাব পাৰিমনে?

উত্তৰ : এটা পৌষ্টিক স্তৰৰ আটাইবোৰ জীৱৰ অপসাৰণৰ প্ৰভাৱ বেলেগ বেলেগ পৌষ্টিক স্তৰৰ বাবে বেলেগ বেলেগ হ’ব। যিটো পৌষ্টিক স্তৰৰ জীৱসমূহ অপসাৰিত কৰা হয়, সিহঁতক ভক্ষণ কৰা পৰৱৰ্তী পৌষ্টিক স্তৰৰ জীৱসমূহো মৃত্যুমুখত পৰিব। আনহাতে এই পৌষ্টিক স্তৰৰ পূৰ্বৱৰ্তী পৌষ্টিক স্তৰৰ জীৱসমূহৰ অস্বাভাৱিক হাৰত বৃদ্ধি ঘটিব ।পৰিৱেশতন্ত্ৰৰ কোনো হানি নকৰাকৈ যিকোনো পৌষ্টিক স্তৰৰ জীৱসমূহ অপসাৰিত কৰিব নোৱাৰি ৷

6. জৈবিক বিবর্ধক বুলিলে কি বুজা? পৰিস্থিতি ভদ্ভৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্রভাৱ বেলেগ বেলেগ হবনে?

উত্তৰঃ যিকোনো খাদ্যশৃংখলৰে একেবাৰে ওপৰৰ স্তৰটো মানুহে অধিকাৰ কৰি থাকে বাবে, খাদ্যশৃংখলত সোমোৱা হানিকাৰক ৰাসায়নিক পদাৰ্থসমূহ মানুহৰ শৰীৰত সৰ্বোচ্চ গাঢ়তাত জমা হয়। এই পৰিঘটনাক জৈৱিক বিবর্ধন (Biological magnification) বোলা হয়। . পৰিৱেশতন্ত্ৰৰ বেলেগ বেলেগ স্তৰত এই বিবৰ্ধনৰ স্তৰ বেলেগ বেলেগ হ’ব। এই বিবর্ধনৰ স্তৰ তলৰ স্তৰবোৰত কম আৰু ওপৰৰ স্তৰবোৰত ক্ৰমান্বয়ে বেছি হ’ব।

7. আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে? 

উত্তৰ :আমি উৎপন্ন কৰা জীৱ নিম্নীকৰণ অযোগ্য আৱৰ্জনাবোৰে সৃষ্টি কৰা কেইটামান সমস্যা হ’ল—

(i) এই অৱৰ্জনাবোৰ যিহেতু মাটিৰ লগত মিহলি হৈ নাযায়, সেয়ে ইহঁতে ৰাস্তা- ঘাটত জমা হৈ আমাৰ চৌপাশৰ পৰিৱেশ অপৰিষ্কাৰ কৰি ৰাখে ।

(ii) এই আৱৰ্জনাবোৰে মাটিৰ গুণাগুণ হ্ৰাস কৰে ৷

(iii) কিছুমান হানিকাৰক পদাৰ্থ কিছুমান জন্তু যেনে গৰু, ম’হ আদিয়ে ভক্ষণ কৰাৰ ফলত ইহঁতৰ শাৰীৰিক ক্ষতি সাধন হোৱাৰ উপৰিও সিহঁতৰ পৰা আহৰণ কৰা দ্ৰব্য যেনে গাখীৰ আদিও মানুহৰ ব্যৱহাৰৰ বাবে ক্ষতিকাৰক হৈ পৰে ।

8. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলে পৰিবেশৰ ওপৰত একো প্রভাৱ নপৰাকৈ থাকিবনে? 

উত্তৰ : আমি উৎপন্ন কৰা সকলোবোৰ আৱৰ্জনাই যদি জীৱ নিম্নীকৰণ যোগ্য হয়, আমাৰ পৰিৱেশৰ ওপৰত ইয়াৰ বহুতো সুপ্ৰভাৱ থাকিব। যেনে –

(i) এনে আৱৰ্জনা মাটিৰ লগত সহজে মিহলি হৈ যায় বাবে ইহঁতে আমাৰ চৌপাশৰ পৰিবেশ অপৰিষ্কাৰ নকৰে ৷

(ii) এনে আৱৰ্জনাসমূহ মাটিৰ লগত মিহলি হৈ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে প্রশ্ন 13: অ’জন স্তৰৰ ক্ষতি কিয় এক চিন্তাৰ কাৰণ? এই ক্ষতি সীমিত কৰিবলৈ কি কি পদক্ষেপ লোৱা হৈছে?

Leave a Reply

Your email address will not be published. Required fields are marked *