আজিৰে পৰা প্ৰয়াগৰাজত আৰম্ভ হৈছে মহাকুম্ভ। মহাকুম্ভৰ প্ৰথম দিনটোত আজি হ’ব পৌষ পূৰ্ণিমাৰ স্নান। বৈদিক পঞ্জিকা অনুসৰি, আজি সোমবাৰে পুৱা ৫:২৭ বজাৰ পৰা পুৱা ৬:২১ বজালৈ এই সময়ছোৱা স্নানৰ বাবে আটাইতকৈ পবিত্ৰ সময় বুলি গণ্য কৰা হৈছে। জ্যোতিষৰ মতে পূৰ্ণিমাৰ তিথিত আপুনি যিকোনো সময়তে দান দিব পাৰে। মহা কুম্ভ সনাতন ধৰ্মৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় আৰু আধ্যাত্মিক উৎসৱ। প্ৰতি ১২ বছৰৰ মূৰে মূৰে মহাকুম্ভৰ আয়োজন কৰা হয়। এইবাৰ অনুমান কৰা হৈছে যে মহা কুম্ভ স্নানৰ প্ৰথম দিনটোত এক কোটিৰো অধিক ভক্তই ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰিব।
কালি দেওবাৰে অৰ্থাৎ ১২ তাৰিখে ৪৫ লাখতকৈ অধিক ভক্তই সংগমত পবিত্ৰ স্নান কৰে আৰু ইয়াৰ আগদিনা অৰ্থাৎ ১১ তাৰিখেও প্ৰায় ৩৩.৫ লাখ ভক্তই সংগমত স্নান কৰে। যদিও বিগত দুদিনত পবিত্ৰ স্নানৰ কোনো সময় নাছিল। তথাপিও বৃহৎ সংখ্যক ভক্তই সংগমত পবিত্ৰ স্নান কৰি প্ৰাৰ্থনা কৰে। উল্লেখযোগ্য যে, আজিৰ পৰা প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত আৰম্ভ হোৱা মহাকুম্ভ, মহাশিৱৰাত্ৰিৰ দিনা, ২৬ ফেব্ৰুৱাৰীত সামৰণি পৰিব। অনুমান কৰা হৈছে যে আজিৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈকে প্ৰায় ৪৫ কোটি ভক্তই ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰিব।
কিদৰে কৰা হ’ব ভক্তৰ গণনা? ১৪ ফেব্ৰুৱাৰীত হ’ব প্ৰথম অমৃত স্নান
ত্ৰিবেণী সংগমত বহু হাই-টেক কেমেৰা স্থাপন কৰিছে ৰাজ্য চৰকাৰে। স্নান কৰি থকা ভক্তসকলৰ মূৰ গণনা কৰা হয়। ইয়াৰ জৰিয়তে মহাকুম্ভৰ সময়ত সংগমত কিমান ভক্তই পবিত্ৰ স্নান কৰিছে সেই বিষয়ে ভক্তৰ সঠিক পৰিসংখ্যা লাভ কৰিব। আজি কেৱল সাধাৰণ ভক্তইহে সংগমস্থলীত পবিত্ৰ স্নান কৰিব, আনহাতে কাইলৈ ১৪ ফেব্ৰুৱাৰীত হ’ব মকৰ সংক্ৰান্তি স্নান অৰ্থাৎ প্ৰথম অমৃত স্নান। অমৃত স্নানক পূৰ্বতে ‘ৰাজকীয় স্নান’ নামেৰে জনা গৈছিল। কিন্তু, ঋষি আৰু সন্তসকলৰ পৰামৰ্শক্ৰমে ইয়াক শ্বাহী স্নানৰ নাম সলনি কৰি অমৃত স্নান কৰা হৈছে।
সংগমত ভিভিআইপিৰ বাবেও নাথাকিব কোনো প্ৰট’কল
অমৃত স্নানৰ দিনা ১৩টা আখড়াৰ সকলো সাধুয়ে সংগমত পবিত্ৰ স্নান কৰিব আৰু যিহেতু এয়া মহা কুম্ভ, সেয়েহে যোৱা ১২ বছৰে সন্তসকলে এই দিনটোৰ বাবে অপেক্ষা কৰি আছে। সেয়ে বিশেষ পূজাও ঋষি-সাধুৰ দ্বাৰা কৰা হ’ব। আজিৰ প্ৰথম স্নানৰ পৰিপ্ৰেক্ষিতত সংগমলৈ যোৱা সকলো পথ সম্পূৰ্ণৰূপে ছীল কৰা হৈছে। যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিৰ্দেশ দিছে যে যিমানেই ডাঙৰ ভিভিআইপি নহওক কিয়, তেওঁ সংগমত ঠিক সাধাৰণ লোকৰ দৰেই পবিত্ৰ স্নান কৰিব লাগিব, সংগমৰ পাৰত কোনোধৰণৰ ভিভিআইপিৰ বাবে কোনো পৃথক প্ৰট’কল নাথাকিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত।