অসমৰ জাগীৰোডত (NIELIT) National Institute of Electronics & Information Technology বিশ্ববিদ্যালয় স্থাপন: কেৱল ২৪ ঘণ্টাত ভূমি অনুমোদন

অসম চৰকাৰে নেশ্যনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰ্মেছন টেকন’লজী (National Institute of Electronics & Information Technology – NIELIT)  বিশ্ববিদ্যালয় স্থাপনৰ বাবে ভূমি অনুমোদন কেৱল ২৪ ঘণ্টাত সম্পন্ন কৰি অনন্য দৃষ্টান্ত স্থাপন কৰিছে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাননী দিয়ে যে NIELIT ৰ ডাইৰেক্টৰে ৩ জানুৱাৰীৰ সন্ধিয়া তেওঁক লগ কৰি জাগীৰোডৰ এটা ভূমি পৰীক্ষা কৰিবলৈ পৰামৰ্শ কৰে। 

          মুখ্যমন্ত্ৰীয়ে জনাই, “ডাইৰেক্টৰজনে সন্ধিয়া ৫ বজাত মোৰ লগত আলোচনা কৰে। মই তেওঁক জাগীৰোডৰ ভূমিৰ কথা উল্লেখ কৰোঁ। ৰাতি ৯ বজাত তেওঁ মাক জনাই যে ভূমিটো উপযুক্ত।” তেওঁ তেওঁৰ সামাজিক মাধ্যমযোগে উল্লেখ কৰে যে এই সফলতা নেতৃত্বৰ গতিশীলতা আৰু ভাৰতৰ উন্নয়নগত তৎপৰতাৰ ফল। 

            ইতিমধ্যে, কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক ভাৰ্চুৱেল অনুষ্ঠানৰ জৰিয়তে NIELIT বিশ্ববিদ্যালয়ৰ উদ্বোধন কৰিব। লগতে, তেওঁ জাগীৰোদস্থিত টাটা চেমিকণ্ডাক্টৰ কাৰখানাও পৰিদৰ্শন কৰিব।আনহাতে, মুখ্যমন্ত্ৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত এখন আন্তঃৰাষ্ট্ৰীয় কনভেনচন চেণ্টাৰ আৰু ৰাজ্যিক অতিথি গৃহ স্থাপনৰ কথা ঘোষণা কৰিছে। প্ৰকল্পটো ২০২৫ চনৰ শেষত সম্পন্ন হোৱাৰ কথা প্ৰকাশ পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *