অণুজীৱ: মিত্ৰ আৰু শত্ৰু।Class 8 Science Chapter 2 Question Answers।শংকৰদেৱ শিশু নিকেটন । Sankardev Sishu Niketan

অণুজীৱ: মিত্ৰ আৰু শত্ৰু

Questions and Answers

প্ৰশ্ন আৰু উত্তৰ

১। বসন্ত প্ৰতিষেধক ছিটা দিওঁতে কোনবিধ দ্ৰব্য শৰীৰত সুমুৱাই দিয়া হয়?

উত্তৰঃ বসন্ত প্ৰতিষেধক ছিটা দিওঁতে কিছুমান সংক্ৰমক ৰোগৰ মৃত বা দুৰ্বল কীটানু শৰীৰত সুমাই দিয়া হয়, যাৰ ফলত শৰীৰে সেয়াৰ বিৰুদ্ধে প্ৰতিদেহৰ সৃষ্টি কৰে।

২। তলত দিয়া ৰোগবোৰ কি কি ধৰণৰ অণুজীৱদ্বাৰা সৃষ্টি হয় এখন তালিকা প্ৰস্তুত কৰা।

বসন্ত, যক্ষ্মা, জলাতংক, গ্ৰহণী, হাইজা আৰু মেলেৰিয়া।

উত্তৰঃ

  • বসন্ত — ভাইৰাছ
  • যক্ষ্মা — বেক্টেৰিয়া
  • জলাতংক — ভাইৰাছ
  • গ্ৰহণী — প্ৰট’জ’ৱা
  • হাইজা — বেক্টেৰিয়া
  • মেলেৰিয়া — প্ৰট’জ’ৱা

৩। পোন প্ৰথমে কোনে প্ৰতিজৈৱিক আৱিষ্কাৰ কৰে। দুটা প্ৰতিজৈৱিকৰ নাম লিখা।

উত্তৰঃ ১৯২৯ চনত আলেকজেণ্ডাৰ ফ্লেমিং নামৰ স্কটলেণ্ডৰ চিকিৎসকে প্ৰথমে প্ৰতিজৈৱিক আৱিষ্কাৰ কৰিছিল।

প্ৰতিজৈৱিক দুটাৰ নাম হৈছে—এৰিট্ৰ’মাইচিন আৰু টেট্ৰাচাইক্লিন।

৪। গাখীৰ পেষ্টুৰাইজ কৰা পদ্ধতি বৰ্ণনা কৰা।

উত্তৰঃ অণুজীৱৰ বৃদ্ধি ৰোধ কৰিবলৈ গাখীৰ ৯০ ডিগ্ৰী ছেলচিয়াছ তাপত ১৫ ৰ পৰা ৩০ ছেকেণ্ডৰ বাবে গৰম কৰি, তাৰপৰা সৰগৰ কৰা পেকেটত ভৰাই বন্ধ কৰা হয়। এই পদ্ধতিটোক পেষ্টুৰাইজেচন বুলি কোৱা হয়। লুই পেষ্টৰে ১৮৫৭ চনত এই পদ্ধতিটো আৱিষ্কাৰ কৰিছিল। এই পদ্ধতিত গাখীৰৰ অণুজীৱবোৰ মৰি যায় আৰু গাখীৰ বহুত দিনৰ বাবে সৰগৰ নহয়।

৫। ৰাইজ’বিয়াম নামৰ বেক্টেৰিয়া আৰু নষ্টক-এনা-বিনা নামৰ নীলহৰিৎ শেলায়ে মাটিত কিদৰে নাইট্ৰ’জেন সংস্থাপন কৰে ব্যাখ্যা কৰা।

উত্তৰঃ ৰাইজ’বিয়াম নামৰ বেক্টেৰিয়া মাহজাতীয় উদ্ভিদৰ শিপাত টেমুনাৰ সৃষ্টি কৰে। ই বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন শোষণ কৰি খেতিপথাৰত নাইট্ৰ’জেন সাৰ যোগান ধৰে। এইদৰে ই সহজ জীৱী হিচাপে মাহজাতীয় শস্য়ৰ সৈতে বাস কৰে। নষ্টক আৰু এনা-বিনা নামৰ নীলহৰিৎ শেলাইও বায়ুৰ পৰা নাইট্ৰ’জেন শোষণ কৰি মাটিত নাইট্ৰ’জেন সাৰ যোগান দিয়ে।

৬। আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অণুজীৱবোৰে আমাৰ জীৱনত নানা উপকাৰ কৰে, যাৰ ভিতৰত—

  • অণুজীৱৰ দ্বাৰা সুৰা, মাখন, দৈ ইত্যাদি প্ৰস্তুত কৰা হৈছে।
  • পাউৰুটী আৰু কেক আদি প্রস্তুতিত অণুজীৱ ব্যৱহাৰ কৰা হয়।
  • অণুজীৱই পৰিৱেশ পৰিষ্কাৰ কৰে।
  • ঔষধ প্ৰস্তুত কৰাতও অণুজীৱৰ ভূমিকা থাকে।
  • মাটি সাৰুৱা কৰাত অণুজীৱৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে।
  • খাদ্যৰ প্ৰস্তুতিত অণুজীৱ ব্যৱহৃত হয়।

৭। অণুজীৱ বুলিলে কি বুজা হয়? অণুজীৱসমূহক কেইটা ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগ কেইটা কি কি?

উত্তৰঃ অণুজীৱবোৰ অতি ক্ষুদ্ৰ জীৱৰূপে বায়ু, পানী আৰু মাটিত পোৱা যায়। এইবোৰৰ অধিকাংশক আমরা চকুৰে চাব নোৱাৰোঁ। এইবোৰক অণুজীৱ বুলি কোৱা হয়।

অণুজীৱ প্ৰধানতঃ চাৰিটা ভাগত ভাগ কৰা হয়—

  • বেক্টেৰিয়া
  • ভাইৰাছ
  • প্ৰট’জ’ৱা
  • শেলাই

৮। শুদ্ধ উত্তৰত (✓) চিন দিয়াঃ

  • (ক) চেনি / সুৰা / হাইড্ৰ’ক্লৰিক এছিড / অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। উত্তৰঃ সুৰা
  • (খ) আলেকজেণ্ডাৰ ফ্লেমিং / এডৱাৰ্ড জেনাৰ / লুই পেষ্টিউৰে পেনিচিলিন প্ৰস্তুত কৰিছিল। উত্তৰঃ আলেকজেণ্ডাৰ ফ্লেমিং
  • (গ) মাইকী এন’ফিলিচ মহ / পঁইতাচোৰা / মাখি / পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট’জ’ৱাৰ বাহক। উত্তৰঃ মাইকী এন’ফিলিচ
  • (ঘ) তাপ / গুড়ি কৰা / ইষ্টকোষৰ বৃদ্ধি বাবে পাউৰুটীৰ লদা ফুলি উঠে। উত্তৰঃ ইষ্টকোষৰ বৃদ্ধি বাবে

Leave a Reply